দক্ষিন ভাৰতীয় ছবিত অভিনয় কৰাৰ প্ৰস্তুষ্টি এইগৰাকী বলীউড সুন্দৰীৰ

দক্ষিন ভাৰতীয় ছবিত অভিনয় কৰাৰ প্ৰস্তুষ্টি এইগৰাকী বলীউড সুন্দৰীৰ

এইবাৰ চলচিত্ৰ প্ৰেমীসকলৰ অপেক্ষাৰ অন্ত নপৰিব ৷ কাৰণ অনতি পলমে এচ এচ ৰাজামৌলীৰ ছবিত দেখিবলৈ পোৱা যাব বলীউডৰ অভিনেত্ৰী তথা সদ্যহতে চৰ্চিত হৈ থকা কলংক ছবিৰ অভিনেত্ৰী আলিয়া ভাট্ট৷ লগতে সহশিল্পী হিচাপে থাকিব দক্ষিণৰ জনপ্ৰিয় অভিনেতা ৰামচৰণ ৷ আৰআৰআৰ নামৰ ছবিখনত লগতে অভিনয় কৰিব বলীউডৰ অভিনেতা অজয় দেৱগনে ৷ এই কথা জনায় ছবি সমীক্ষক তৰণ আদৰ্শে ৷ তৰুন আদৰ্শে টুইট কৰে যে, এক সুখবৰ, ৰাজামৌলীৰ আৰআৰআৰ ছবিত অজয় দেৱগনে এটি বিশেষ চৰিত্ৰত অভিনয় কৰিব ৷

সম্প্ৰতি ৰাজামৌলীৰ ছবিত অভিনয় কৰিবলৈ অত্যন্ত উৎসুক হৈ পৰিছে আলিয়া ভাট্ট ৷ এই সন্দৰ্ভত এক টুইট যোগে মনৰ ভাব প্ৰকাশ কৰে আলিয়া ভাট্টে। লগতে আৰআৰআৰ ছবিৰ কলাকুশলী সকলে টুইটাৰ যোগে দক্ষিন ভাৰতীয় ছবিলৈ আলিয়াক আদৰণি জনাইছে ৷আৰু লিখিছে "ৱেলকাম আলিয়া,আমি বহুত সুখী যে আপুনি আমাৰ ছবিত মুখ্য অভিনেত্ৰী হিচাপে কাম কৰিব ৷ আশা কৰিছোঁ ৷ আমাৰ লগত আপোনাৰ যাত্ৰা সফল হ’ব ৷ লগতে জন্ম দিনৰো আগতীয়াকৈ শুভেচ্ছা জনাই ছবিখনৰ কলাকুশলীসকলে ৷

https://www.instagram.com/p/Bu-rXAHHguo/

আলিয়া ভাট্টেও ৰাজামৌলীক উদ্দেশ্য কৰি লিখে যে মই আজি বহুত সুখী ৷ সফল আৰু সুন্দৰ সহশিল্পী সকলৰ লগত , এই ধুনীয়া যাত্ৰা আৰম্ভ কৰিবৰ কাৰণে মই আৰু অপেক্ষা কৰিব নোৱাৰোঁ ৷ মোক আপোনাৰ ছবিত অভিনয় কৰিবলৈ দিয়াৰ কাৰণে ধন্যবাদ। ইফালে ৰাজা মৌলীৰ আৰআৰআৰ ছবিখন প্ৰযোজনা কৰিব ডীবীবী টনয়াই ৷ ছবিখনৰ কাহিনী হ’ব পীৰিয়ড ড্ৰামা ৷ সম্প্ৰতি হায়দৰাবাদত ছবিখনৰ দৃশ্যগ্ৰহণৰ কাৰণে যাৱতীয় কাম আৰম্ভ কৰা হৈছে ৷ হায়দৰাবাদত ছবিখনৰ শুভমুহুৰ্ত অনুষ্ঠিত হৈ যায় ৷এই সময়ত উপস্থিত থাকে দক্ষিণৰ অভিনেতা প্ৰভাস আৰু ৰাণা দগুৱাতী ৷ সম্প্ৰতি বলীউডৰ আৰু আলিয়া অনুৰাগীসকলৰ কাৰণে আৰআৰআৰ ছবিখনৰ হৈ পৰিছে বিশেষ ভাৱে উৎসুকজনক ৷ কাৰণ আলিয়া ভাট্টৰ ছবিসমূহে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰে ৷

ইফালে আলিয়া সম্প্ৰতি ব্যস্ত হৈ আছে কলংক ছবিখনৰ দৃশ্যগ্ৰহণত ৷ কলংক টিজাৰ,প’ষ্টাৰ সকলোৱে ছবিখনক লৈ প্ৰতিদিনে বাঢ়িছে উৎসুকতা ৷ সঞ্জয় লীলা ভাঞ্চালীৰ সপোনৰ এটি অংশ হিছাপে কলংকৰ টিজাৰ ।কলংকৰ টিজাৰটো উৎসকতাৰে ভৰা ৷ টিজাৰটোৰ অনুসৰি ছবিখনৰ অভিনেত্ৰী আলিয়া ভাট্টে স্পষ্ট ৰূপত বৰুন ধাৱনত প্ৰেমিকা। কিন্তু বিয়া হয় আদিত্য ৰয় কাপুৰৰ লগত ৷ ইফালে বিয়াৰ মণ্ডপত বহি আলিয়াই নিৰৱে চকুলো টোকা দেখা গৈছে । লগতে মাধুৰী দিক্ষীত,সঞ্জয় দত্ত আৰু সোনাক্ষী সিন্হা সকলোকে চিন্তিত দেখা গৈছে কলংকৰ ট্ৰেইলটোত । ইয়াৰ পিছত ধুনীয়া পৰিবেশত আলিয়াক এখন নাওত উঠি গৈ থকা দেখিবলৈ পোৱা যায়।

ইফালে আজি আলিয়া ভাট্টৰ জন্ম দিন ৷ প্ৰথমতে আলিয়া ভাট্টলৈ জন্ম দিনৰ বহুত শুভেচ্ছা ৷ ১৯৯৩ চনৰ ১৫ মাৰ্চত জন্ম গ্ৰহণ কৰিছিল আলিয়া ভাট্টে ৷ আলিয়া এগৰাকী অভিনেত্ৰী হিছাপে বলীউডত পদাৰ্পন কৰিছিল ২০১২ চনৰ ছুপাৰ হিট ছবি ষ্টুডেন্ড অৱ দ্য ইয়েৰৰ জৰিয়তে ৷ আলিয়াৰ জন্ম দিনৰ শুভক্ষণত আলিয়ালৈ জনাইছো বহুত শুভকামনা । লগতে অনাগত দিনৰ যাতে বহু ছুপাৰহিট ছবিৰে অনুৰাগীক আপ্লুত কৰিব পাৰে তাৰেই বহুত শুভেচ্ছা ।

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com