"দৰিদ্ৰতা কেতিয়াও সফলতাৰ হেঙাৰ হ'ব নোৱাৰে" প্ৰমান কৰি দেখুওৱালে দিল্লী এগৰাকী ছাত্ৰই

"দৰিদ্ৰতা কেতিয়াও সফলতাৰ হেঙাৰ হ'ব নোৱাৰে" প্ৰমান কৰি দেখুওৱালে দিল্লী এগৰাকী ছাত্ৰই

প্ৰতিভাই কোনো মানুহৰ বয়স,ধনী-দুখীয়া,জাতি-ধৰ্মৰ পাথৰ্ক্য নাচায় । প্ৰতিভাৱান ব্যক্তিয়ে কেৱল এক উপযুক্ত সময়ৰ বাবে বাট চায় আৰু উপযুক্ত সময় পালেই নিজৰ প্ৰতিভা দেখুওৱায় নিজক এক উচ্চ পৰ্যায়ত প্ৰতিষ্ঠিত কৰাবলৈ সক্ষম হয় । দিল্লীত পঢ়ি থকা এজন ল'ৰাই প্ৰমান কৰি দেখুওৱালে যে,প্ৰতিভা থাকিলে নিজৰ লক্ষ্যত উপনীত হোৱাটো কঠিন নহয় । আমাৰ আজিৰ কাহিনীভাগ হৈছে প্ৰতিভাৱান মহম্মদ আমিৰ ।

মহম্মদ আমিৰৰ বয়স ২২বছৰ আৰু ইমান কম বয়সতে আমেৰিকাৰ এটা কোম্পানীয়ে ৭০লাখ টকাৰ এটি পেকেজ প্ৰদান কৰে,এই কথাটো গুৰুত্বপূৰ্ন এইবাবে যে আমিৰ অতি দৰিদ্ৰ পৰিয়ালৰ ল'ৰা । তেওঁলোকৰ আৰ্থিক অৱস্থা ইমানে বেয়া যে পইচাৰ বাবে আমিৰে এটা বছৰৰ পঢ়াও এৰিবলগা হয় । কিন্তু আমিৰ নিজৰ প্ৰতিভা দেখুওৱাবলৈ সুযোগ লাভ কৰে ।

আমিৰ মুলত উত্তৰ প্ৰদেশৰ মেৰঠৰ হয় আৰু পঢ়াৰ বাবে দিল্লীৰ জামিয়া নগৰত বাস কৰে। পিতৃ চামচাদ আলীয়ে পুত্ৰৰ প্ৰতিভাৰ বিষয়ে সৰুতে ধৰিব পাৰিছিল আৰু সেয়ে তেওঁ ধাৰ লৈ হ'লেও আমিৰক আগলৈ পঢ়িবলৈ উৎসাহ প্ৰদান কৰিছিল । আমিৰৰ পিতৃ বৃত্তিক এগৰাকী বৈদুত্যিক কৰ্মী(ইলেক্ট্ৰিচিয়ান) ,কিন্তু প্ৰতিজন পিতৃ-মাতৃৰ দৰে তেওঁৰো এটা সপোন যে পুত্ৰই পঢ়ি-শুনি ডাঙৰ মানুহ হোৱাটো । নিজৰ পুত্ৰ আমিৰৰ প্ৰতিভাৰ প্ৰতি অগাধ বিশ্বাস ৰখা পিতৃ চামচাদ আলীয়ে এখন (ছেকেণ্ড হেণ্ড) মাৰুতি(Maruti800) ৪০,০০০টকাৰে কিনি দিয়ে আৰু সেই গাড়ী খন আমিৰে নিজৰ প্ৰতিভাৰে ইলেক্টট্ৰিক চাৰ্জিং গাড়ীলৈ ৰূপান্তৰিত কৰি দিলে । দ্বিতীয় বাৰলৈ নিৰ্মান কৰা এই গাড়ী খনৰ যোৱা বছৰৰ ২৯অক্টোবৰত জামিয়াৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা সমাৰোহত প্ৰদৰ্শিত কৰা হয় আৰু লগতে জামিয়াৰ ৱেবচাইটত উপলব্ধ কৰোৱা হয় যাৰ জড়িয়তে সমগ্ৰ দেশ বিদেশৰ বহু কোম্পানীৰ নজৰ পৰে আৰু আমেৰিকাৰ কোম্পানীৰ তৰফৰ পৰা ৭০লাখ টকাৰ পেকেজ লাভ কৰে । আমিৰে মত প্ৰকাশ কৰা অনুসৰি;"জামিয়াৰ পলিটেক্টনিকৰ অধ্যাপক বকাৰ আলম আৰু এছআইএআইআই ৰ সহ নিৰ্দেশক ড° প্ৰভাষ মিশ্ৰৰ নেতৃত্বত আমিৰে প্ৰজেক্ট সম্পূৰ্ন কৰে"

এনেকুৱাও এক সময় আহিল ,আমিৰে জেইইৰ পৰীক্ষা দিয়াৰ পিছত এনএছআইটিত আৰ্কিটেক্টসৰত দাখিল হ'ল কিন্তু আৰ্থিৱ অৱস্থা টনিকিয়াল নোহোৱাৰ বাবে দাখিল হ'ন নোৱাৰিলে । এগৰাকী মেধাসম্পন্ন ছাত্ৰ যিয়ে ২০১৪চনত দ্বাদশ শ্ৰেনীৰ পৰীক্ষাত ফিজিক্স,কেমেষ্টি,মেটচ,বায়'লজি ৭০.৮ শতাংশ লাভ কৰে আৰু তাৰ পিছৰ এক বছৰৰ বাবে আৰ্থিক অৱস্থাৰ বাবে পঢ়া এৰিব লগা হয় । তাৰপিছৰ বছৰত আমিৰে জামিয়া বিশ্ববিদ্যালয়ত বিটেক তথা ইঞ্জিনিয়াৰিং ডিপ্লমাৰ প্ৰৱেশ পৰীক্ষা দি উৰ্ত্তীন হয় আৰু ২০১৫চনৰ পৰা ২০১৮চনলৈ মেকানিকেল ইঞ্জিনিয়াৰিং পদত দাখিল হয় । বৰ্তমান আমিৰক আমেৰিকাৰ ফ্ৰিজন মটৰ ৱৰ্কচে বেটাৰী ব্যৱস্থাপনা(বেটৰী মেনেজমেণ্ট) ইঞ্জিনিয়াৰিং পদত অধীস্থিত হয় ।

প্ৰথমৰ পৰাই আমিৰৰ ইলেক্ট্ৰিকেল বিষয়ত ৰুচি আছিল আৰু ইয়াৰ জড়িয়তে জামিয়াৰ চেণ্টাৰ ফৰ ইনবেশ্যন এণ্ড এণ্টাপ্ৰিনাৰশ্বিপৰ জড়িয়তে ইলেক্ট্ৰিক গাড়ী প্ৰজেক্টত কাম কৰে ।

আমিৰৰ পিতৃ চামচাদ আলীয়ে মত প্ৰকাশ কৰা অনুসৰি;"সৰুৰ পৰাই আমিৰে ইলেক্ট্ৰিক উপকৰনৰ লগত জড়িত কথাৰ ওপৰত প্ৰশ্ন শুধিছিল । কিন্তু পিতৃয়ে প্ৰশ্নৰ উত্তৰ দিব পৰা নাছিল কিন্তু বৰ্তমান পিতৃয়ে গৰ্ব অনুভৱ কৰে যে তেওঁৰ পুত্ৰৰ প্ৰতিভাৰে সুন্দৰ চাকৰি পাবলৈ সক্ষম হ'ল আৰু পিতৃৰ সপোন পুৰন হ'ল" ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com