নতুন বছৰৰ আৰম্ভণিতে আধাৰশিলা স্থাপন হব তিনিখন নতুন মেডিকেল কলেজৰ

নতুন বছৰৰ আৰম্ভণিতে আধাৰশিলা স্থাপন হব তিনিখন নতুন মেডিকেল কলেজৰ

নতুন বছৰৰ জানুৱাৰীৰ প্ৰথম সপ্তাহতে অসমত নতুনকৈ তিনিখন মেডিকেল কলেজৰ আধাৰশিলা স্থাপন হব। নলবাৰী, কোকৰাঝাৰ আৰু তিনিচুকীয়াত স্থাপন হব এইকেইখন মেডিকেল কলেজ।নতুন বছৰৰ প্ৰাকক্ষণতে এক সুখবৰ দিলে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বুধবাৰে জনতা ভৱনত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰি কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।২০১৯ বৰ্ষৰ জানুৱাৰীৰ ৬ তাৰিখে নতুন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন হব কোকৰাঝাৰত। প্ৰায় ৩৮২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হব এই চিকিৎসা মহাবিদ্যালয়খন।

৭ জানুৱাৰী তাৰিখে আধাৰশিলা স্থাপন হব নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ। নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ বাবদ খৰছ কৰা হব প্ৰায় ৩৯৮ কোটি। আনহাতে ৯ জানুৱাৰী তাৰিখে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰো আধাৰশিলা স্থাপন হব, যত উপস্থিত থাকিব মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ বাবদ অসম চৰকাৰে খৰছ কৰিব প্ৰায় ৪০৪ কোটি টকা।

লক্ষীমপুৰ, ডিফু, নগাঁও আৰু ধুবুৰী এই চাৰিখন চিকিৎসা মহাবিদ্যালয়ৰ কামো সম্পূৰ্ণ হোৱাৰ পথত বুলি সংবাদমেলত উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে আৰু এবছৰৰ ভিতৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ৫০ খন আই চি ইউ ৰ আসনৰ কামো সম্পূৰ্ণ হব।

চাহ বাগিচাৰ লোকসকলৰ বাবেও এক আচনিৰ কথা ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ১৫ জানুৱাৰীত চাহবাগিছাৰ লোক সকলৰ বাবে গুৱাহাটীত অনুষ্ঠিত হব "চাহ বাগিচা ধন পুৰস্কাৰ মেলা"। চাহ বাগিচাৰ লোক সকলক বিমূদ্ৰাকৰণৰ পিছত কেৱল বেংক একাউন্ট খোলাই নহয় বেংকৰ লগত সম্পৰ্ক ৰখাৰ বাবেই এই ব্যৱস্থা কৰা হৈছে। লগতে প্ৰতিটো একাউন্টত ২৫০০ টকাকৈ দিয়া হব বুলিও ঘোষণা কৰে। আনহাতে জানুৱাৰীৰ প্ৰথম ভাগতে ভালেকেইখন কৃষক সম্বন্ধীয় আচনিৰো মুকলি হোৱাৰ কথা সদৰি কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অসমত চৰকাৰী তথ্য অনুসৰি প্ৰায় ২৬ লাখ কৃষক আছে। ইয়াৰে প্ৰায় ১৬ লাখ কৃষকে কৃষি লোণ লৈছিল আৰু প্ৰায় ৮ লাখ লোকে এতিয়াও কৃষি সম্বন্ধীয় কোনো লোণ লোৱা নাই। কৃষি লোণৰ ক্ষেত্ৰতো চৰকাৰে ভালে খিনি সুবিধা অনাৰ কথা সদৰি কৰে। ইয়াৰে তিনিখন কৃষি আচনিৰ কথা কেবিনেটত ইতিমধ্যে আলোচনা হৈছে। আচনি কেইখনৰ সফলতাৰ ওপৰত নিৰ্ভৰ কৰি পুনৰ নতুন নতুন পৰিকল্পনাৰ কথা সংবাদমেলয সদৰি কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com