নাগৰিকত্ব সংশোধনী বিধেয়কে কেতিয়াও অসম চুক্তিক উলংঘন কৰিব নোৱাৰিব: ভূৱনেশ্বৰ কলিতা

নাগৰিকত্ব সংশোধনী বিধেয়কে কেতিয়াও অসম চুক্তিক উলংঘন কৰিব নোৱাৰিব: ভূৱনেশ্বৰ কলিতা

নাগৰিকত্ব সংশোধনী বিধেয়কে অসম চুক্তিক উলংঘন কৰিব নোৱাৰিব ৷এই মন্তব্য কংগেছৰ যুটীয়া সংসদীয় সদস্য ভূৱনেশ্বৰ কলিতাৰ ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত কৰাক লৈ বিভিন্ন দল সংগঠনসমূহে সততে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷দ্য চেন্টিনেলৰ সৈতে হোৱা এক সাক্ষাত কংগ্ৰেছৰ যুটীয়া সংসদীয় সমিতিৰ সদস্য ভুৱনেশ্বৰ কলিতাই কয় যে,নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত ইতিমধ্যে বহু দল সংগঠনে যুটীয়া সংসদীয় কমিতিক সাক্ষাৎ কৰিছে ৷

অন্যহাতে তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৰা "বাংলাদেশ"ৰ নামৰ কৰ্তন কৰিবলৈ দিয়াৰ প্ৰস্তাৱ দিছে৷ মংগলবাৰে হোৱা যুটীয়া সংসদীয় সমিতিৰ বৈঠকত বহু সংখ্যক লোকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰে ৷অন্যহাতে কংগ্ৰেছ,তৃণমুল কংগ্ৰেছৰ লগতে সমাজবাদী পাৰ্টিৰ বিষয় ববীয়া সকলেও বৈঠককখনত এই বিলখনৰ বিৰোধিতা কৰিছে ৷লগতে JPC ৰ সদস্য তথা ৰাজ্যসভাৰ সাংসদ ভুবনেশ্বৰ কলিতাই কয় যে,যুটীয়া সংসদীয় সমিতিৰ বৈঠকৰ প্ৰাকমূহুৰ্তত যিকোনো সিদ্ধান্ত তিনিদিনৰ ভিতৰত দিয়া পোষকতা কৰিছিল ৷যুটীয়া সংসদীয় সমিতিয়ে এই সন্দৰ্ভত ২৭ নৱেম্বৰত আন এখন বৈঠক আয়োজিত কৰাৰ কথা উল্লেখ কৰে ৷

ইফালে বৰাকৰ সাংসদ সুস্মিতা দেৱে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত কৰাৰ প্ৰসংগত মন্ত্ৰী ভুৱনেশ্বৰ কলিতাই কয় যে কোনোবাই ব্যক্তিগত ভাৱে বিলখন গৃহীত কৰাৰ পোষকতা কৰিব পাৰে ৷ উল্লেখ্য যে ২০নৱেম্বৰত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত যুটীয়া সংসদীয় সমিটীৰ বৈঠকত বিধেয়কখনৰ সন্দৰ্ভত কোনো আলোচনা ন’হল ৷ ২৭ নৱেম্বৰত বিধেয়কখনৰ সংশোধনী সন্দৰ্ভত হ’ব আলোচনা ৷প্ৰতিবেদনত কি কি থাকিব সেই সন্দৰ্ভত আলোচনা হ’ব ৬ ডিচেম্বৰত ৷

আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দৰ্ভত যুটীয়া সংসদীয় সমিটিয়ে ৩০ জনীয়া বৈঠক অনুষ্ঠিত কৰাৰ প্ৰাকমূহুৰ্তত দিল্লীত উপস্থিত হৈছিল অগপৰ এটা পাঁচজনীয়া দল ৷অগপৰ দলটোৱে উপস্থিত হৈ নাগৰিকত্ব বিধেয়কখন গৃহীত হ’লে অসমত হ’ব পৰা ভয়ংকৰ পৰিস্থিতি সন্দৰ্ভত অৱগত কৰে ৷পাঁচজনীয়া দলটোত উপস্থিত আছিল সভাপতি কেশৱ মহন্ত,ফণী ভূষণ চৌধুৰী, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু ৰমেন্দ্ৰ নাৰায়ন কলিতা ৷উল্লেখ্য যে, জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত সততে ৰাজপথ উত্তাল কৰি আহিছে দল সংগঠনসমূহে ৷

অন্য খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com