পথ দূৰ্ঘটনাত এগৰাকীৰ মৃত্যু আৰু আন জনৰ অৱস্থা সংকটজনক

পথ দূৰ্ঘটনাত এগৰাকীৰ মৃত্যু আৰু আন জনৰ অৱস্থা সংকটজনক

মধ্য বয়সীয়া তুলিকা চহৰীয়া নামৰ মহিলা এগৰাকীৰ কৰুন পথ দূৰ্ঘটনাত মৃত্যুক সাৱটিব লগা হয়।জানিব পোৱা মতে,বিপৰীত দিশৰ পৰা দ্ৰুতবেগত আহি থকা ট্ৰাক এখনৰ লগত মটৰ বাইক খনৰ লগত সংঘৰ্ষ হয়। মহিলা গৰাকীৰ জোন শৰ্মা নামৰ এজন সম্পৰ্কীয় লগত এএছ০১ ডিডি ০৪৮৬ নম্বৰ পঞ্জীভুক্ত মটৰবাইকৰ পিছফালে বহি আহিছিল আৰু এই ঘটনাৰ ফলত তেওঁ মটৰবাইকৰ পৰা বাগৰি পৰে।

তদুপৰি ট্ৰাক খনৰ পিছে পিছে আহি থকা এএছ০১ এইচচি ৭৮৯৫ নম্বৰৰ পঞ্জীভুক্ত ডাম্পাৰ এখনে বাগৰি যোৱা তুলিকা চহৰীয়াক মহটিয়াই নিয়ে আৰু তেওঁ থিতাতে নিহত হয় আৰু আন জন ব্যক্তিক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্ত্তি কৰে।ঘটনাটি যোৱা শুক্ৰবাৰে উদালগুৰি জিলাৰ ডিমাকুছি শাখাৰ কেন্দ্ৰীয় বেংকৰ সমীপত সংঘটিত হয়।এই ঘটনাৰ পিছতে স্থানীয় লোক শুব্ধ হৈ পৰে আৰু ট্ৰাক খনৰ চালক জনক মাৰধৰ কৰি ডিমাকুছি আৰক্ষীক গতাই দিয়ে।এই ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলায়।

জানিব পোৱা মতে,মৃত মহিলা গৰাকী ডিমাকুছিৰ দিপেন চহৰীয়া পত্নী আছিল আৰু সংসাৰত দুটাকৈ সন্তানক এৰি থৈ যায়। সংকটজন অৱস্থাত থকা ব্যক্তি জনক উন্নত চিকিৎসাৰ বাবে জিএমচিএইচত ভৰ্তি কৰে।বাণিজ্যৰ বাবে সৰু সৰু ল'ৰাক ট্ৰাকৰ চালক হিচাপে নিৰ্বাচন কৰে যাৰ ফলত এনে ধৰনৰ কৰুন পথদূৰ্ঘটনা সংঘটিত হয় বুলি স্থানীয় ৰাইজে অভিযোগ প্ৰদান কৰে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com