পদ্মাৱত চলচিত্ৰৰ দিপীকাৰ আৰ্হিত নিৰ্মিত দূৰ্গা মূৰ্ত্তি;ফটো

পদ্মাৱত চলচিত্ৰৰ দিপীকাৰ আৰ্হিত নিৰ্মিত দূৰ্গা মূৰ্ত্তি;ফটো

অতি শীঘ্ৰে বিবাহ পাশত আৱদ্ধ হ'বলৈ গৈ থকা বলীউদৰ অন্যতম অভিনেত্ৰী দিপীকা পাডুকনৰ 'পদ্মাৱত' চলচিত্ৰ খনৰ পদ্মাৱতীৰ ৰূপত নিৰ্মান কৰা হ'ল শক্তিদেৱী দূৰ্গাৰ মূৰ্ত্তি । দিপীকাৰ পদ্মাৱত ছবি খন এইবৰ্ষৰ আটাইতকৈ বেছি ক্ৰয় কৰা ছবিৰ ভিতৰত এখন অন্যতম ছবি । বৰঞ্জীমুলক সঁচা ঘটনাৰ ওপৰত আধাৰিত ছবি খনত দিপীকাৰ বিপৰীত দিশত অভিনয় কৰিছিল ছাহিদ কাপুৰ আৰু ৰনবীৰ সিঙে । সঞ্জয় লীলা ভঞ্চালীৰ ছবি খনৰ কাহিনীভাগৰ লগতৰ গীত সমূহেও মানুহত মন জয় কৰিবলৈ সক্ষম হৈছিল ।

মানুহৰ মন জয় কৰিব পৰা ছবি খনত অভিনয় কৰা দিপীকা পাডুকনৰ ৰূপত মানৱে সাজি উলিয়ালে সুন্দৰ দূৰ্গা দেৱীৰ মূৰ্ত্তি । ছবি খনৰ অতিকৈ জনপ্ৰিয় গীত 'ঘুমৰ' গীতটি দিপীকাই পৰিধান কৰা সাজৰ যোৰৰ পৰা অনুপ্ৰানিত হৈ দূৰ্গা দেৱীৰ প্ৰতিমূৰ্ত্তি সাজি উলিয়ালে অলপতে অনুষ্ঠিত হৈ যোৱা দূৰ্গা পূজাৰ সময়ত । তলত ফটো প্ৰকাশ কৰা হ'ল………………

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com