বলীউডত এই দুই তাৰকাৰ বন্ধুত্বই চৰ্চা লাভ কৰিছে সৰ্বত্ৰেঃউৎসুক অনুৰাগীৰ

বলীউডত এই দুই তাৰকাৰ বন্ধুত্বই চৰ্চা লাভ কৰিছে সৰ্বত্ৰেঃউৎসুক অনুৰাগীৰ

বলীউডত সততে বেষ্ট ফেণ্ডৰ টেণ্ডৰ চলি থকা দেখা যায়। সম্প্ৰতি কৰীনা কাপুৰ খান(Kareena Kapoor Khan) আৰু কংগনা ৰানাউটৰ বন্ধুত্বই চৰ্চা লাভ কৰিছে ৷কাৰণ দুয়োগৰাকী অভিনেত্ৰীয়ে ইগৰাকীয়ে সিগৰাকীৰ সম্পৰ্কে প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে ৷এক সাক্ষাৎকাৰ অনুষ্ঠানত কৰীনা কাপুৰ খানে কংগনা ৰানাুটক প্ৰাণভৰি প্ৰশংসা কৰাৰ পিছতে কংগনাই কৰীনাক ধন্যবাদ জ্ঞাপন কৰে ৷এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি,কংগনাই কৰীনাৰ দৰে অভিনেত্ৰীৰ পৰা প্ৰশংসা পাই অতি আনন্দিত হৈ পৰিছে ৷ইফালে যি সময়ত অৰ্থাৎ কংগনা ৰানাউটৰ ছবি মণিকৰ্নিকা মুক্তি পোৱাৰ সময়ত হোৱা বিভিন্ন তৰ্ক বিতৰ্কত বলীউডৰ বহু ষ্টাৰ ছুপাৰষ্টাৰে মণিকৰ্নিকা সন্দৰ্ভত কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ সময়ত কিন্তু কৰীনা কাপুৰ খানে কংগনাৰ অভিনয় আৰু টেলেন্ট প্ৰশংসা কৰিছিল । যিকথা কংগনাৰ কাৰণে অত্যন্ত আদৰণীয় আছিল ৷

ইফালে,এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি,কংগনাই নিজৰ বায়’পিকৰ কামো অনতি পলমে আৰম্ভ কৰিব ৷কংগনাৰ বায়’পিক সম্বন্ধে কৰীনাই কয় যে মই কংগনাৰ বায়’পিকৰ কাৰণে প্ৰতীক্ষা কৰি আছো ৷মই কংগনাৰ ভীষণ প্ৰশংসক ৷কংগনা এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হোৱাৰ লগতে বুদ্ধিমানো ৷ইফালে, কংগনা ৰানাউটৰ পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি কংগনাই কৰীনা কাপুৰ খান আৰু চৈইফ আলী খানক বহুত সন্মান কৰে ৷কৰীনা আৰু চৈইফ দুয়োজনেই কংগনাৰ কাৰণে বহুত প্ৰেৰণা দায়ক ব্যক্তি ৷ ইফালে বহু তৰ্ক বিতৰ্কৰ অন্তত মণিকৰ্ণিকাৰ সাফল্যৰ পিছত কংগনাই মণিকৰ্নিকাৰ সাফল্যৰ পাৰ্টি আয়োজন ১৫ ফেব্ৰুৱাৰীত কৰিছিল যদিও,পুলৱামা আক্ৰমণৰ পিছত কংগনাই এই পাৰ্টি বাতিল কৰে ৷ কিন্তু সম্প্ৰতি এই পাৰ্টিটোৰ আয়োজনৰ কৰা কাৰণে যাৱতীয় কাম আৰম্ভ কৰা হৈছে বুলি জানিব পৰা হৈছে ৷

উল্লেখ্য যে,বিগত সময়ত কংগনা ৰাণাউটৰ মুক্তি প্ৰাপ্ত ছবি “মণিকৰ্ণিকা দ্য কুইন অফ ঝান্সী”ক লৈ হোৱা বিবাদ সৰ্বজন বিদিত ৷ মণিকৰ্ণিকা মুক্তিৰ প্ৰাকমুহুৰ্ততটো যিদৰে বিতৰ্কৰ আৱৰ্তত আছিল,ঠিক সেইদৰে মুক্তি পিছতো আছে চৰ্চাৰ শীৰ্ষত ৷২৫ জানুৱাৰী মুক্তি লাভ কৰা কংগনা ৰানাউটৰ মণিকৰ্নিকাঃদ্য স্কীন অফ ঝান্সী নামৰ ছবিখনৰ সম্প্ৰতি বক্স অফিচত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ৷ কংগনাৰ “মণিকৰ্নিকা” মুক্তি পোৱাৰ প্ৰাকমুহুৰ্তত যথেষ্ট বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল ৷কৰণী সেনাই মন্তব্য কৰিছিল যে যদিহে “মণিকৰ্নিকা”মুক্তি পোৱাৰ প্ৰাকমুহুৰ্তত তেওঁলোকক প্ৰদৰ্শন নকৰে তেন্তে কৰণী সেনা ছবিগৃহ সমূহ ভাঙি দিব ।

ইয়াৰ পিছতেই কংগনাও কৰণী সেনাৰ বাক্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যদিহে কৰণী সেনাই মণিকৰ্নিকাৰ ওপৰত কৰা বিতৰ্কসমূহ স্তব্ধ নকৰে তেন্তে পৰিস্থিতি ভীষন হ’ব ৷এই কথাতেই ক্ষুদ্ধ হৈ কৰণী সেনাই কংগনাক ক্ষমা খুজিবলৈ কয়। লগতে কয় যে যেতিয়ালৈকে কংগনাই ক্ষমা নোখোজে তেতিয়ালৈকে কৰণী সেনাই প্ৰতিবাদ সাব্যস্ত কৰাৰ কথাও কয়।কংগনা হৈছে বলীউডৰ অত্যাধিক উপাৰ্জন কৰা চেলিব্ৰেট্ৰীসকলৰ ভিতৰত অন্যতম ৷ সাৱলীল অভিনয়ৰ কাৰণে কংগনাই বহু পুৰস্কাৰেৰে পুৰস্কৃত হৈছে। ইয়াৰ ভিতৰত তিনিবাৰকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ লগতে জনপ্ৰিয় ফৰ্বছ আলোচনীত পাঁচবাৰকৈ নিজৰ নাম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয় ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com