বলীউডৰ কিং খান ওৰফে শ্বাহৰুখ খানৰ আজি ৫৩সংখ্যক জন্মদিন

বলীউডৰ কিং খান ওৰফে শ্বাহৰুখ খানৰ আজি ৫৩সংখ্যক জন্মদিন

বলীউড চুপাৰষ্টাৰ,কিং খান হিচাপে পৰিচিত আজি অৰ্থাৎ ২নৱেম্বৰত ৫৩সংখ্যক জন্মদিন । শ্বাহৰুখ খানে নিজৰ জন্মদিনৰ দিনা তেওঁৰ অনুৰাগী সকলক জন্মদিনৰ ৰিটাৰ্ন গিফ্ট হিচাপে তেওঁৰ আহিবলগীয়া নতুন ছবি "জিৰ"ৰ ট্ৰেইলাৰ মুকলি কৰাৰ কথা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ।সেয়ে আজি মুক্তি পাব জিৰ'ৰ ট্ৰেইলাৰ ।

লগতে মাজনিশা পৰিয়ালৰ সৈতেও পালন কৰা দেখা গ'ল জন্মদিন ।চ'চিয়েল মিডিয়াৰ জড়িয়তে প্ৰকাশ পাইছে এখন ফটো ।ফটো খনত দেখা পোৱা অনুসৰি শ্বাহৰুখে পত্নী গৌৰীক কেক খুওৱাই আছে । গৌৰ আৰু শ্বাহৰুখৰ এই সুন্দৰ ফটো খন তেওঁলোক অন্তৰংগ বন্ধু তথা ছবি নিৰ্মাতা কৰন জহৰে নিজ ইনষ্টাগ্ৰাম একাউণ্টৰ জড়িয়তে প্ৰকাশ কৰিছে । শ্বাহৰুখৰ এইবাৰৰ জন্মদিনৰ এই খনেই হৈছে প্ৰথম ফটো । ফটো খম চ'চিয়েল মিডিয়াত বহু খিনি ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছে ।

https://www.instagram.com/p/BppfdqnD1j8/?utm_source=ig_embed&utm_campaign=embed_loading_state_camera

কৰন জহৰে ছবি খন প্ৰকাশ কৰোতে কেপছন লিখিছে ঠিক এইদৰে,"Happy birthday bhai!!!! Have known Gauri and you for 25 years and it will always be the most special relationship of my life!!! Thank you for being family and for all the memories ...and here’s to many more!!! May #zero be your biggest and hugest blockbuster!!!❤❤❤??

১৯৬৫চনৰ আজিত দিনটোত মুম্বাইত জন্ম লাভ কৰা ৫৩বছৰীয়া শ্বাহৰুখ খানক ছবি জগতত ৰোমাঞ্চকৰ বাদচাহ হিচাপে জনা যায় । ইয়াৰোপৰি তেওঁ ড্ৰামা,কমেডী,এক্সনৰ দৰে বহু ছবিত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে ।

https://twitter.com/iamsrk/status/1058101291552067584?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1058101291552067584&ref_url=https%3A%2F%2Fwww.bollywoodlife.com%2Fhi%2Fnews%2Fshah-rukh-khans-birthday-celebration-with-gauri-and-girl-gang%2F

শ্বাহৰুখে আজি দুগুন সুখ পালন কৰিছে,এটা হৈছে তেওঁৰ আজি জন্মদিন আনহাতে তেওঁৰ নতুন ছবি খনৰ ট্ৰেইলাৰ মুকলিৰ বাবে । ছবি খনৰ ট্ৰেইলাৰৰ বাবে ছবি খনৰ সদস্যই মুম্বাইৰ বডালাস্থিত আইমেক্স থিয়েটাৰ বুক কৰে । ট্ৰেইলাৰ মুকলি হোৱাৰ পূৰ্বেই থিয়েটাৰ হলৰ বাহিৰত অসংখ্য অনুৰাগীৰ ভিৰ দেখা পোৱা গৈছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com