মুক্তি পালে ষ্টুডেন্ট অৱ দ্য ইয়েৰ ২ৰ প্ৰথমটো গীত : উৎসুক অনুৰাগী

মুক্তি পালে ষ্টুডেন্ট অৱ দ্য ইয়েৰ ২ৰ প্ৰথমটো গীত : উৎসুক অনুৰাগী

মুক্তি পালে ষ্টুডেন্ট অৱ দ্য ইয়েৰ ২ৰ প্ৰথমটো গীত। সম্প্ৰতি গীতটি মুকলি হোৱাৰ লগে লগে চলচ্চিত্ৰ প্ৰেমীসকলৰ মাজত এক বিশেষ উৎসুকতা দেখা গৈছে ৷ ১৯৭২ চনৰ মুক্তি প্ৰাপ্ত ছবি ৰণধীৰ কাপুৰ আৰু জয়া বচ্চনৰ অভিনীত জৱানী দিৱানী ছবিখনৰ এ জৱানী হ্যে দিৱানী গীতটিত নৃত্য কৰিছে ষ্টুডেন্ট অৱ দ্য ইয়েৰ ২ ৰ ষ্টাৰ কাষ্ট টাইগাৰ শ্ৰফ,তাৰা চুতাৰিয়া আৰু অন্যন্যা পাণ্ডেই।

ইফালে ষ্টুডেন্ট অৱ দ্য ইয়েৰ ২ৰ প্ৰযোজক কৰণ জোহৰে ছবিখনৰ প্ৰথম গীতটিৰ বিষয়ে টুইটাৰ যোগে জনাইছে ৷গীতটিৰ সন্দৰ্ভত ছবিখনৰ এগৰাকী অভিনেত্ৰী তাৰা চুতাৰিয়াই কয় যে য়ে জৱানী হ্যে দিৱানী গীতটি হৈছে চিৰ সেউজ গীত। মোৰ দেউতাৰ অত্যন্ত প্ৰিয় গীতটি । আৰু মই এই গীতটিত নৃত্য কৰিবলৈ পাইছো ৷ অন্যহাতে ষ্টুডেন্ট অৱ দ্য ইয়েৰ ২ ছবিখনৰ ট্ৰেইলৰট মুক্তি পোৱাৰ পিছতে জনসাধাৰণৰ মাজত বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল ।

ট্ৰেইলৰটোত টাইগাৰ শ্ৰফ,অন্যন্যা পাণ্ডে আৰু তাৰা চুতাৰিয়াক অতি আকৰ্ষণীয় লাগিছে। পুনীত মালহোত্ৰাৰ ছবি ষ্টুণ্ডেন্ট অৱ দ্য ইয়েৰ ২ত টাইগাৰ শ্ৰফৰ প্ৰতিযোগিতা ৰুপী মন,প্ৰেম,সন্মান, বিদ্যালয়ৰ পুৰস্কাৰৰ কাৰণে কৰা প্ৰত্যাহ্বান আদি দেখিবলৈ পোৱা গৈছে ৷

ইলৰ লন্স কৰা অনুষ্ঠানটোত টাইগাৰ শ্ৰফ,তাৰা সুতাৰিয়া আৰু অন্যন্যা পাণ্ডেয় দৃশ্যগ্ৰহণত হোৱা নিজৰ অভিজ্ঞতা সন্দৰ্ভত ব্যক্ত কৰে ৷ইফালে বহুতই আলিয়া ভাট্ট,বৰুণ ধাৱান আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ অভিনীত ষ্টুণ্ডেন্ট অৱ দ্য ইয়েৰ ছবিখনৰ লগত ষ্টুণ্ডেন্ট অৱ দ্য ইয়েৰ ২ সাদৃশ্য কৰাৰ প্ৰসংগত টাইগাৰ শ্ৰফে কয় যে মই দুয়োখন ছবিৰ সাদৃশ্য কৰাটো নিবিচাৰোঁ ৷দুয়োখন ছবিয়েই সম্পূৰ্ণ পৃথক ছবি ৷ যদি দৰ্শকে ছবিখনৰ ট্ৰেইলৰটো প্ৰত্যক্ষ কৰে তেন্তে নিশ্চয় বুজিব পাৰিব ৷

অন্যহাতে আলিয়া ভাট্ট,বৰুণ ধাৱান আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ প্ৰথমখন ছবিৰ কথা স্মৰণ কৰি আৱেগিক হৈ পৰে কৰণ জোহৰ ৷ পুনিল মালহোত্ৰাৰ সন্দৰ্ভত কৰণ জোহৰে কয় যে মই পুনিতক সৰুৰে পৰাই জানো ৷ পুনিত ষ্টুণ্ডেন্ট অৱ দ্য ইয়েৰ ২ ৰ ৰাজহাড় ৷ পুনিত মালহোত্ৰাৰ কয় যে মই যথেষ্ট উৎসুক৷ মই প্ৰথম দৃশ্যগ্ৰহণ আৰম্ভ কৰোঁতে যথেষ্ট ভয় খাইছিলো ৷

ষ্টুণ্ডেন্ট অৱ দ্য ইয়েৰ ২ ছবিখনৰ সম্প্ৰতি দুখন প’ষ্টাৰ মুকলি কৰিছে ৷ ইয়াত টাইগাৰ শ্ৰফক এখন গেটৰ বাহিৰত দেখা গৈছে। এই ছবিখনৰ জৰিয়তে অন্যন্যা পাণ্ডে আৰু তাৰা চুতাৰিয়াই বলীউডলৈ যাত্ৰা কৰিছে। কৰণ জোহৰ আৰু পুনীত মালহোত্ৰাই নিৰ্মাণ কৰা ষ্টুণ্ডেণ্ট অৱ দ্য ইয়েৰ ছবিখনৰ প্ৰথম খন প’ষ্টাৰ মুকলি হ’ল মংগলবাৰে ৷

ইফালে টাইগাৰ শ্ৰফে টুইটাৰ যোগে ষ্টুণ্ডেন্ট অৱ দ্য ইয়েৰ ছবিখনৰ প’ষ্টাৰ মুকলি কৰিছে ৷ এই প’ষ্টাৰখনত টাইগাৰ শ্ৰফক গেটৰ ভিতৰতলৈ যোৱা দেখা গৈছে। প’ষ্টাৰখন মুকলি কৰি টাইগাৰ শ্ৰফে লিখিছে আপুনি আছো নে ? ঠিক সেইদৰে তৃতীয়খন প’ষ্টাৰত টাইগাৰ শ্ৰফক সম্পূৰ্ণভাৱে দেখা গৈছে ৷ আৰু টাইগাৰে লিখিছে বেক টু কলেজ। ইয়াৰ পূৰ্বেই ছবিখনৰ প’ষ্টাৰ মুকলি কৰি মংগলবাৰে টাইগাৰ শ্ৰফে লিখিছে আগবাঢ়ক আৰু প্ৰত্যাহ্বান গ্ৰহণ কৰক। ছবিখনৰ প্ৰথম প’ষ্টাৰ চাই অনুভৱ হৈছে যে ছবিখন খেলৰ ওপৰত আধাৰিত ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com