মেলব'ৰ্ণত আজিৰ পৰা বক্সিং ডে টেষ্ট, প্ৰথম দিনা সন্তোষ জনক স্থিতিত ভৰত

মেলব'ৰ্ণত আজিৰ পৰা বক্সিং ডে টেষ্ট, প্ৰথম দিনা সন্তোষ জনক স্থিতিত ভৰত

বৰদিনৰ পিছৰ দিনৰ পৰা আৰম্ভ হয় বক্সিং ডে টেষ্ট। ভাৰত আৰু অষ্ট্ৰেলিয়াই আজি টেষ্ট শৃখলাৰ তৃতীয়খন টেষ্টত মেলব'ৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত শৃখলাত অগ্ৰগতিৰ লক্ষ্যৰ পৰস্পৰে পৰস্পৰৰ মুখামুখি হৈছে। টছত জয়ী হৈ ভাৰতে প্ৰথমে বেটিঙ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। শৃখলাৰ দ্বিতীয়খন টেষ্টত পৰাস্ত হোৱাৰ পিছত ভাৰতে আজি দলট ব্যাপক সাল সলনি ঘটাই। অতি শোচনীয় প্ৰদৰ্শন কৰা দলৰ দুই অপেনাৰ মুৰুলি বিজয় আৰু লোকেশ ৰাহুলক আজি দলৰ পৰা বাদ দিয়া হয়। লোকেশ ৰাহুলৰ ঠাইত ভাৰতীয় দলত আজি অভিষেক ঘটালে কৰ্ণাটকৰ প্ৰতিভাৱান বেটছমেন মায়ংক আগৰৱালে। আনহাতে মুৰুলি বিজয়ৰ স্থানত মিডিল অৰ্ডাৰ বেটছমেন হনুমা বিহাৰীয়ে অপেনিং কৰে।

প্ৰথম দিনৰ খেল সামৰণি পৰালৈ ভাৰতে দুটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২১৫ ৰাণ। অভিষেক ঘটোৱা অপেনিং বেটছমেন মায়ংক আগৰৱালে নিৰ্বাচকৰ আস্থাৰ প্ৰতি বিশ্বাস ৰাখি সংগ্ৰহ কৰে ৭৬ ৰাণ আৰু আনজন অপেনাৰ হনুমা বিহাৰীৰ সৈতে প্ৰথম উইকেটত গুৰুত্বপূৰ্ণ ৪০ ৰাণৰ যুটি বান্ধে। হনুমা বিহাৰীয়ে ব্যক্তিগত ৮ ৰাণত আউট হলেও বহু সময় ক্ৰিজত বেটিঙ কৰি দলক সুস্থিৰতা প্ৰদান কৰাৰ ক্ষেত্ৰত এক ডাঙৰ ভূমিকা পালন কৰে। ভাৰতৰ নিৰ্ভৰযোগ্য মিডিল অৰ্ডাৰ বেটছমেন চেতেশ্বৰ পূজাৰাই ৬৮ ৰাণ আৰু অধিনায়ক বিৰাট কোহলীয়ে ৪৭ ৰাণ কৰি দিনান্তত অপৰাজিত হৈ থাকে। অষ্ট্ৰেলিয়াৰ হৈ একমাত্ৰ সফল বলাৰ জন হৈছে পেট কামিনছ। পেট কামিনছে ১৯ অভাৰ বলিং কৰি ৪০ ৰাণ খৰচ কৰি দুটা উইকেট দখল কৰে। ভাৰতে আজি তিনিজন পেচ বলাৰ আৰু এজন স্পিন বলাৰেৰে খেল পথাৰত নামে। দ্বিতীয় টেষ্টত দলত স্থান পোৱা উমেশ যাদৱ দলৰ পৰা বাদ পৰে। ভাৰতৰ বাওঁহতীয়া স্পিন বলাৰ ৰবীন্দ্ৰ জাডেজাই দলত স্থান পায়। ৰবিচন্দ্ৰন আশ্বিন সম্পুৰ্ণ ৰূপে সুস্থ হৈ নুঠা বাবেই জাডেজাই দলত স্থান পায়। অষ্ট্ৰেলিয়াৰ দলটো এটা সালসলনি ঘটোৱা হৈছে, ফৰ্মত নথকা বাবে পিটাৰ হেণ্ডচকমৰ ঠাইত দলত স্থান পাইছে অলৰাউণ্ডাৰ মিচেল মাৰ্চে।

চলিত বৰ্ষত বিদেশৰ মাটিত খেলা টেষ্ট শৃংখলাত ভাৰতৰ অপেনিং বেটছমেন ৰাহুল আৰু মুৰুলী বিজয়ে অতি বেয়া প্ৰদৰ্শন কৰিছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা প্ৰথম দুখন খেলত ৰাহুলে চাৰিটা ইনিংছত সংগ্ৰহ কৰিছে মাত্ৰ ৪৮ ৰাণ। আনহাতে আনজন অপেনাৰ মুৰুলী বিজয়ে সমসংখ্যক ইনিংছত সংগ্ৰহ কৰিছে ৪৯ ৰাণ। উল্লেখ্য যে মেলব'ৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত অভিষেক ঘটোৱা প্ৰথমজন ভাৰতীয় খেলুৱৈ হয় মায়াংক আগৰাৱাল। ভাৰত আৰু অষ্ট্ৰেলিয়া দুয়োটা দলেই এখন এখন টেষ্টত জয়লাভ কৰি শৃখলাত সমতা স্থাপন কৰি আছে।কাইলৈৰ দিনটোত ভাৰতীয় দলটোৱে কেনেধৰণৰ খেল প্ৰদৰ্শন কৰে সেয়া গুৰুত্বপূৰ্ণ হব। ভাৰতৰ বাবে শুভ খবৰটো হৈছে এদিনীয়া দলৰ সহ অধিনায়ক ৰোহিত শৰ্মা দললৈ উভতি আহিছে।

অধিক খবৰৰ বাবে পঢ়ক খেলৰ পৃথিৱী

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com