মৰিগাঁও জিলাৰ জাগীৰোড মহাবিদ্যালয়লৈ এক বিশেষ সন্মান

মৰিগাঁও জিলাৰ জাগীৰোড মহাবিদ্যালয়লৈ এক বিশেষ সন্মান

মৰিগাঁও জিলাৰ জাগীৰোড মহাবিদ্যালয়লৈ এক বিশেষ সন্মান ৷ মহাবিদ্যালয়খনে লাভ কৰিছে ভাৰতৰ এখন সৰ্বশ্ৰেষ্ঠ মহাবিদ্যালয়ৰ সন্মান ৷ চলিত বৰ্ষৰ ২৭ মে’ত ইণ্ডিয়া টু দে ৰ ১৪৫ খন মহাবিদ্যালয়ৰ ২৩ সংখ্যক সমীক্ষাত প্ৰকাশ পায় এই তথ্য ৷

এই প্ৰতিবেদন অনুসৰি জাগীৰোড মহাবিদ্যালয়ৰ কলা আৰু বিজ্ঞান শাখাই ১১২ স্থান লাভ কৰে আৰু বানিজ্য শাখাই লাভ কৰে ১৪১ স্থান ৷ অন্যহাতে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° ভবেন চন্দ্ৰ নেওগে মহাবিদ্যালয় খনৰ এই সাফল্যৰ কাৰণে সকলো সদস্যক শুভেচ্ছা জ্ঞাপন কৰে ৷

ড° নেওগে কয় যে জাগীৰোড মহাবিদ্যালয়ৰ কলা বিজ্ঞান আৰু বানিজ্য শাখাৰ উপৰিও অভিনয়,ফেশ্বন, পৰ্যটন আদি বিভিন্ন বিষয়ৰ পাঠ্যক্ৰমো প্ৰদান কৰে ৷ ইণ্ডিয়া টুডেৰ বিগত ২২ বছৰত দেশৰ মহাবিদ্যালয়সমূহত কলা,বিজ্ঞান,বানিজ্য, স্বাস্থ্য আৰু আইনৰ দৰে বিষয় সমূহৰ সমীক্ষা কৰি আহিছে ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com