"শিশুক শান্তিত ডাঙৰ হবলৈ দিয়ক, জীয়াই থাকিবলৈ দিয়ক," মৃত্যুৰ পাছত কোনো ন্যায় নাই ": আলফালৈ আহ্বান জুবিন গাৰ্গৰ

"শিশুক শান্তিত ডাঙৰ হবলৈ দিয়ক, জীয়াই থাকিবলৈ দিয়ক," মৃত্যুৰ পাছত কোনো ন্যায় নাই ": আলফালৈ আহ্বান জুবিন গাৰ্গৰ

আলফালৈ মুকলি চিঠি জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ । বুধবাৰে গুৱাহাটী সংঘটিত বোমা বিস্ফোৰণৰ সন্দৰ্ভত আলফালৈ মুকলি পত্ৰ জুবিন গাৰ্গৰ।

সোমবাৰে জুবিন গাৰ্গে ফেচবুকৰ জৰিয়তে প্ৰকাশ কৰে যে মোক পৰিবৰ্তনৰ সংগ্ৰাম লাগে। নিৰিহ লোকক হত্যা কৰি পৰিবৰ্তন আনিব নোৱাৰি । ভয়ে কেতিয়াও দেশ গঢ় দিব নোৱাৰে । শ্ৰম আৰু কষ্টৰেহে পৰিব গঢ়িব ।"

জুবিন গাৰ্গে আলফালৈ আহ্বান জনাই যে শিশু সকলক বিকশিত হবলৈ শিকোৱা, সপোন ৰচিবলৈ , বীজ ৰোপণ কৰিবলৈ শিকোৱা।

"যদি তোমালোকে গঢ়িব বিচাৰিছা, তেনে মাজুলী খন গঢ় দিয়া । যদি ধবংস কৰিব বিচাৰিছা , তেনে কাজিৰঙাৰ প্ৰতি থকা ভাবুকি ধ্বংস কৰা বুলি প্ৰকাশ কৰে প্ৰত্ৰখনত জুবিন গাৰ্গে । লগতে অসমৰ বানপানী সমস্যাও উল্লেখ কৰে পত্ৰ খনত ।

জুবিন গাৰ্গৰ এই পত্ৰ খনে ছছিয়েল মেডিয়াত এতিয়া খলকনিৰ সৃষ্টি কৰিছে । বৰ্তমানলৈকে ২.১ শ্বেয়াৰ কৰিছে ছছিয়েল মেডিয়াত ।

এই পত্ৰ খনত জুবিনে পুনৰ উল্লেখ কৰে যে," আমাৰ শিশুক শান্তিত ডাঙৰ হবলৈ দিয়া, জীয়াই থাকিবলৈ দিয়া । মৃত্যুৰ পাছত কোনো ন্যায় নাই বুলি আহ্বান জনাই জুবিনে।

বৰ্তমানলৈকে অসম আৰক্ষীয়ে গুৱাহাটী বোমা বিস্ফোৰণৰ লগত জড়িত থকাৰ সন্দেহত ৫ জনক আটক কৰিছে। গুৱাহাটী চিজেএম কোৰ্টে অভিযুক্তক ১০ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com