শ্ৰীদেৱীৰ বায়'পিকত অভিনয় কৰিব ৰাকুল প্ৰিতে

শ্ৰীদেৱীৰ বায়'পিকত অভিনয় কৰিব ৰাকুল প্ৰিতে

অভিনেত্ৰী ৰাকুল প্ৰিত সিঙে অভিনয় কৰিব চিৰসেউজ অভিনেত্ৰী তথা আমাৰ মাজৰ পৰা অতি সোনকালে হেৰাই গৈ অকস্মাৎ মৃত্যুক সাৱটি লোৱা বলীউডৰ প্ৰথম গৰাকী মহিলা চুপাৰষ্টাৰ হিচাপে খ্যাত শ্ৰীদেৱীৰ বায়'পিক অৰ্থাৎ জীৱনৰ ওপৰত আধাৰিত ছবিত । এনটিআৰ বায়'পিকৰ সফলতাৰ পিছত অভিনেত্ৰী ৰাকুলক দেখা পোৱা যাব শ্ৰীদেৱীৰ ৰূপত । এই সুন্দৰ চৰিত্ৰত অভিনয় কৰাৰ সুযোগ লাভ কৰি ৰাকুলে মত প্ৰকাশ কৰি কয় যে; "I am truly honored and excited to play the role of Srideviji in NTR biopic. When I was approached for that role, I asked the makers that they really think that I can pull it off because she is the first Indian female superstar. She was such a fine and legendary actress." ইয়াৰোপৰি ৰাকুলে কয় যে,তেওঁৰ ওপৰত অভিনয় কৰাটো এতিয়া অন্য এক দায়িত্ব ।

"I was feeling really scared hoping that I will be able to do justice to it but there is sense achievement as well because if makers thought that I can play her role then, I will give my best for the film," ইয়াৰোপৰি চুপাৰষ্টাৰ এনটি ৰামা ৰাওৰ বায়পিকত অভিনয় কৰাৰ পিছত অতিকৈ চৰ্চিত বিষয় "মি-টু"ৰ ওপৰত ৰাকুলে নিজ মত প্ৰকাশ কৰি কয় যে; "It's very good that we have started this kind of movement but I think we have to draw lines when it comes to deciding what is right and what is wrong. Cases of an attempt to rape and flirting cannot come in one bracket therefore, I hope genuine cases don't get diluted as so many of cases are coming out in the open." The 28-year-old actress says she fully supports women who are coming out and sharing their stories. "It's great that women will be respected and there will be much cleaner and safer environment for women at their workplace,"

https://www.instagram.com/p/BovSDWKAPrF/?hl=en&taken-by=rakulpreet

বলীউডৰ ২৮বছৰীয়া এইগৰাকী অভিনেত্ৰীক অজয় দেৱগনৰ সৈতে 'লাভ ৰঞ্জন'ৰ প্ৰডাক্টচন হাউচৰ 'ডে ডে পিয়াৰ ডে' ছবি খনত দেখা পোৱা যাব লগতে আন এখন হিন্দী ছবি অলপতে স্বাক্ষৰ প্ৰদান কৰিছে অভিনয়ৰ বাবে,কিন্তু ছবি খনৰ নাম প্ৰকাশ কৰা হোৱা নাই । আনহাতে ৰাকুলে তিনিখন তামিল ছবিৰ সৈতে ইতিমধ্যে কাম কৰি আছে । তাৰে এখন ডিচেম্বৰ মাহত মুক্তি পাব আৰু বাকী দুখন অহা বছৰত । দুখনকৈ তেলেগু ছবি মুক্তি পাব অহা বছৰত তাৰে এখন হৈছে "এনটিআৰ বায়'পিক" ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com