সোনম কাপুৰ আৰু অৰ্জুন কাপুৰৰ ভিতৰত কাৰ অভিনয় ভাল পায় অংশুলাই ?

সোনম কাপুৰ আৰু অৰ্জুন কাপুৰৰ ভিতৰত কাৰ অভিনয় ভাল পায় অংশুলাই  ?

সম্প্ৰতি কাপুৰ বংশৰ সকলো ভাই ভনী প্ৰায়ে চৰ্চাৰ শীৰ্ষত থাকে ৷সেয়া অংশুলাৰ লগত জাহ্নৱী কাপুৰৰ সম্পৰ্কই হওক বা অৰ্জুন কাপুৰ অথবা খুশী কাপুৰৰ সম্পৰ্কই হওক ৷তেওঁলোকৰ সম্পৰ্কই সদায় বি টাউনত চৰ্চাৰ শীৰ্ষত থাকে ৷ ইফালে কেৱল যে কাপুৰ পৰিয়ালতে এই মৰম দেখিবলৈ পোৱা যায় এনে নহয় ৷ ছ’চিয়েল মিডিয়াতো তেওঁলোকৰ সু সম্পৰ্কৰ উমান পায় অনুৰাগী সকলে ৷এক অনুষ্ঠানত অংশুলাক প্ৰশ্ন কৰা হয় যে,অৰ্জুন কাপুৰ আৰু সোনম কাপুৰৰ ভিতৰত আটাইতকৈ ভাল অভিনেতা কোন ৷তেতিয়া অলপো সময় নষ্ট নকৰাকৈ অংশুলাই কয় যে মোৰ কাৰণে অৰ্জুনেই আটাইতকৈ ভাল অভিনেতা ৷সেই সময়তে অৰ্জুন কাপুৰে হাস্যমুখে কয় যে,যদি অংশুলাই অৰ্জুনৰ নাম ন’ললে হেতেন তেন্তে অৰ্জুনে পিটিলে হয় ৷

ইয়াৰ পিছতে অংশুলাক অৰ্জুনৰ সৰ্বশ্ৰেষ্ঠ ছবিৰ নাম ক’বলৈ কোৱাত অংশুলাই ফাইণ্ডিং ফেনীৰ নাম কয় ৷ইফালে সম্প্ৰতি বলীউডৰ বিভিন্ন চেলীব্ৰেটীৰ লগতে জাহ্নৱী কাপুৰ,খুশী কাপুৰৰ সহিতে অংশুলা কাপুৰে সময় অতিবাহিত কৰিবলৈ গৈছে চিংগাপুৰ ৷ অংশুলা কাপুৰে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ফ’টো সমূহৰ জৰিয়তে আপুনি আপোনাৰ গাৰ্ল গেঙৰ কথা মনত পৰি যাব ৷ বিভিন্ন পাৰ্টিত অংশ গ্ৰহণ কৰি কাপুৰ পৰিয়ালৰ যুৱতীসকলে জীৱনৰ মধুৰতম সময় পাৰ কৰিছে ৷

অন্যহাতে জাহ্নৱী কাপুৰে শেহতীয়াকৈ অভিনয় কৰিব গুঞ্জন চাক্সেনা বায়’পিকত। কিন্তু খুশী কাপুৰে ২০১৯ চনত বলীউডত নিজৰ যাত্ৰা আৰম্ভ কৰিব ৷উল্লেখ্য যে কৰণ জোহৰৰ জনপ্ৰিয় অনুষ্ঠান কফী উইথ কৰণত জাহ্নৱী কাপুৰ আৰু অৰ্জুনে কাপুৰক দেখা গৈছিল ৷অনুষ্ঠানটোত অৰ্জুন কাপুৰে কয় যে, শ্ৰী দেৱীৰ মৃত্যুৰ পিছত তেওঁৰ জীয়ৰী জাহ্নৱী কাপুৰ আৰু খুশী কাপুৰে অকলশৰীয়া অনুভৱ যাতে নকৰে তাৰ কাৰণে অৰ্জুন কাপুৰ জাহ্নৱী আৰু খুশীৰ লগতে আছিল ৷ যিহেতু অৰ্জুন কাপুৰ মাতৃ তথা বনী কাপুৰ প্ৰথমা পত্নী মোনা শোৰী কাপুৰৰ মৃত্যু হয় ২০১২ চনৰ ২৫ মাৰ্চত ৷

গতিকে অৰ্জুন কাপুৰে জানে যে,যেতিয়া নিজৰ আত্মীয়ৰ বিয়োগে মনত কেনে ধৰণে আঘাত দিব পাৰে ৷ সেয়েহে,জাহ্নৱী আৰু খুশীয়ে যাতে সেই আঘাত নাপাওঁক ৷ তাৰ কাৰণে সদা প্ৰস্তুত অৰ্জুন কাপুৰ ৷শ্ৰী দেৱীৰ মৃত্যু হোৱা ২০১৮ চনৰ ২৪ ফ্ৰেব্ৰুৱাৰীৰ বিশেষ দিনটোৰ কথা সুঁৱৰি অৰ্জুন কাপুৰে কয় যে,শ্ৰী দেৱীৰ মৃত্যু হোৱা সেই নিশাটোত অৰ্জুন কাপুৰৰ ভগ্নী অংশুলা কাপুৰক ফোন যোগে এতিয়া কি কৰিম বুলি প্ৰশ্ন কৰে ৷তেতিয়া অংশুলাই জাহ্নৱী আৰু খুশী ক’ত আছে সোধোতেই,অৰ্জুন কাপুৰে জাহ্নৱী আৰু খুশীক সম্পূৰ্ণ সহাঁৰি দিয়াৰ সিদ্ধান্ত লয় । উল্লেখ্য যে, অৰ্জুন কাপুৰ আৰু অংশুলা কাপুৰ হৈছে বনী কাপুৰ আৰু বনী কাপুৰৰ প্ৰথমা পত্নী মোনা শোৰী সন্তান। অন্যহাতে জাহ্নৱী কাপুৰ আৰু খুশী কাপুৰ হৈছে বনী কাপুৰ আৰু প্ৰয়াত শ্ৰী দেৱীৰ জীয়ৰী।

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com