স্বামী নিক জ’নাছক উদ্দেশ্য কৰি প্ৰিয়াংকা চোপ্ৰাৰ ছ’চিয়েল মিডিয়াত এক বিশেষ প’ষ্ট

স্বামী নিক জ’নাছক উদ্দেশ্য কৰি প্ৰিয়াংকা চোপ্ৰাৰ ছ’চিয়েল মিডিয়াত এক বিশেষ প’ষ্ট

বলীউড তথা হলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰা আৰু হলীউডৰ গায়ক তথা প্ৰিয়াংকা চোপ্ৰাৰ স্বামী নিক জ’নাছে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এখন ফ’টো অনুৰাগীলৈ আগবঢ়াইছে ৷ অৱশ্যে বলীউড আৰু হলীউডৰ ছুপাৰষ্টাৰ দম্পতীয়ে সততে বিভিন্ন ধৰণৰ ফ’টো অনুৰাগীলৈ আগবঢ়াই চৰ্চাৰ শীৰ্ষত থাকে ৷

প্ৰিয়াংকা চোপ্ৰা আৰু নিক জোনাছ দুয়োজন ইজনে সিজনৰ লগত কিছুদিন প্ৰেমৰ সম্পৰ্কত থকাৰ পিছত বিবাহ পাশত আৱদ্ধ হয় ৷ বিয়াৰ পিছত দুয়ো গৰাকী ছুপাৰষ্টাৰে ইজনে সিজনৰ লগত কটোৱা মুহুৰ্তসমুহৰ ফ’টো প্ৰায়ে চ’চিয়েল মিডিয়াৰ যোগে অনুৰাগীলৈ আগবঢ়াই ৷

https://www.instagram.com/p/Bwht-cPn8wM/

নৱবিবাহিতা দম্পতী প্ৰিয়াংকা চোপ্ৰা আৰু নিক জ’নাছে প্ৰথম বাৰৰ কাৰণে ইষ্টাৰ একেলগে পালন কৰিলে ৷ আৰু এই সন্দৰ্ভত কেইখন ফ’টো আগবঢ়াইছে অনুৰাগীলৈ ৷ ইফালে প্ৰিয়াংকা চোপ্ৰাই পুনৰ এখন ফ’টো ইনষ্টাগ্ৰামৰ জৰিয়তে অনুৰাগলৈ আগবঢ়াইছে ৷

ফ’টোখনত প্ৰিয়াংকা চোপ্ৰাক গোলপীয়া ৰঙৰ পোচাক আৰু নিক জ’নাছক নীলা ৰঙৰ পোচাকত দেখা গৈছে। ফ’টোখনত প্ৰিয়াংকা চোপ্ৰাই নিক জ’নাছক উদ্দেশ্য কৰি লিখিছে যে U make me smile.I'm proud of you!#number 1#husbandappreciationpost" ৷

https://www.instagram.com/p/Bwj9cuYnubq/

ইফালে প্ৰিয়াংকা ছোপ্ৰাক শেহতীয়াকৈ দেখা যাব দ্য স্কাই ইজ পিংকত ৷ প্ৰিয়াংকাৰ উপৰিও ছবিখনত আছে ফাৰহান আখতাৰ আৰু জাইৰা বসীম ৷ নিক জ’নাছ সম্প্ৰতি ব্যস্ত আছে জুমাজী ৱেনকাম টু দ্য জংগলত ৷

বলীউডৰ দেশী গাৰ্ল প্ৰিয়াংকা চোপ্ৰা আৰু নিক জ’নাছৰ বিবাহ বিচ্ছেদৰ খবৰে মাৰ্চৰ শেষত যথেষ্ট চৰ্চা লাভ কৰিছিল ৷ এখন আমেৰিকাৰ আলোচনীয়ে দাবী কৰিছিল যে প্ৰিয়াংকা চোপ্ৰা আৰু নিক জ’নাছৰ বিবাহ বিচ্ছেদ হ’ব ৷ ইয়াৰ পিছতেই নিক আৰু প্ৰিয়াংকা চোপ্ৰাই সেই আলোচনীখনৰ বিৰুদ্ধে মানহানি গোচৰ দিবলৈ মন মেলিছে ৷

ইফালে এক বিশেষ সূত্ৰৰ খবৰ প্ৰিয়াংকা আৰু নিক জ’নাছে প্ৰথমতে এই বিষয়ে লীগেল টীমৰ লগত মতবিনিময় কৰিব ৷ আৰু তাৰ পিছত সেই আলোচনীখনক এই সমগ্ৰ খবৰটো খণ্ডন কৰিবলৈ ক’ব। যদি এই কথা মানি নলয় তেন্তে জ’নাছ দম্পত্তিয়ে বৃহৎ ৰাশিত মানহানি গোচৰ দাখিল কৰিব ৷আন এক তথ্য অনুসৰি, বিবাহ বিচ্ছেদৰ খবৰ আহিছিল এনেদৰে যে নিক জ’নাছে প্ৰিয়াংকা চোপ্ৰাৰ কথা মতে বিবাহ পাশত আৱদ্ধ হৈছে যদিও এতিয়াহে তাৰ পৰিণাম ভূগিছে ৷অৱশ্যে অনুৰাগীক এপ্ৰিল ফুল কৰা বুলিও গুজৱ ওলাইছে বি টাউনত।

গতিকে নিকৰ পৰিয়ালে দুয়ো গৰাকীৰে বিবাহ বিচ্ছেদ হোৱাটো বিছাৰিছে ৷ইফালে এই সমগ্ৰ খবৰ প্ৰকাশ হোৱাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জ’নাছ দম্পত্তিয়ে ৷ কিছু সংখ্যকৰ মতে এয়া খবৰ সম্পূৰ্ণ মিছা ৷কাৰণ প্ৰিয়াংকা চোপ্ৰা আৰু নিক জ’নাছ সম্পূৰ্ণ সুখী ৷ কাৰণ প্ৰিয়াংকা আৰু নিক জ’নাছৰ পৰিয়াল সদ্যহতে আহিছে মিয়ামীৰ পৰা ৷

পৰিয়াল পৰিজনৰ লগত মিয়ামীত কটোৱা প্ৰত্যেকটি মুহুৰ্ত্তৰ খবৰ ছ’চিয়েল মিডিয়াৰ জৰিয়তে লাভ কৰিছিল প্ৰিয়াংকা চোপ্ৰা আৰু নিক জ’নাছৰ অনুৰাগীয়ে ৷ আজি কিছুদিনৰ আগতে প্ৰিয়াংকা চোপ্ৰা আৰু নিক জ’নাছৰ পৰিয়ালে একেলগে চ’কাৰ ভিডিঅ’টিত দেখিবলৈ পোৱা গৈছিল ৷হলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰাৰ (Priyanka Chopra) নাম মনোৰঞ্জন জগতৰ ৫০ গৰাকী প্ৰতিভাৱান মহিলাৰ শাৰীত সন্নিবিষ্ট হোৱাৰ পিছত অভিনেত্ৰী গৰাকী পৰিয়ালৰ সৈতে সম্প্ৰতি ব্যস্ত আছিল মিয়ামী ভ্ৰমণত ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com