হাজাৰ জনৰ মাজত বলীউডত একচেত্ৰী ৰাজত্ব কৰিবলৈ সক্ষম হোৱা ৰাজকুমাৰ ৰাওৰ বিষয়ে অলপ জানো আহক

হাজাৰ জনৰ মাজত বলীউডত একচেত্ৰী ৰাজত্ব কৰিবলৈ সক্ষম হোৱা ৰাজকুমাৰ ৰাওৰ বিষয়ে অলপ জানো আহক

ৰাজকুমাৰ ৰাও ৷ বলীউডৰ লগতে চলচিত্ৰ প্ৰেমীসকলৰ এটি পৰিচিত নাম৷ অসাধাৰণ অভিনয়ৰ বাবেই সম্প্ৰতি হাজাৰ জনৰ মাজত ৰাজকুমাৰ ৰাও পৰিচিত ৷ বলীউডত নিজক প্ৰতিষ্ঠা কৰাৰ সপোন দেখা সকলৰ বাবে সম্প্ৰতি ৰাজকুমাৰ ৰাওতকৈ উত্তম উদাহৰণ কোনো হ’ব নোৱাৰে। কাৰণ কোনো ধৰণৰ ষ্টাৰ অথবা হিৰো হ’ব পৰা লুক নথকাকৈ এজন সাধাৰণ যুৱক আজি বলীউডৰ হিৰো সকলৰ মাজত অন্যতম ৷ফিল্ম আৰু টেলিভিশ্যন ইনষ্টিটিউটৰ স্নাতক ৰাজকুমাৰ ৰাও ৷

ইয়াৰ পিছত ২০১০ চনত দিবাকৰ বেনাৰ্জীৰ "লভ চেক্স এণ্ড ধোখা"ৰ জৰিয়তে বলীউডত খোজ পেলাই ৰাজকুমাৰ ৰাওয়ে ৷সেই সময়ৰ পৰা সাম্প্ৰতিক সময়লৈকে নিজক ষ্টাৰ হিচাপে প্ৰতিষ্ঠা কৰা সাধাৰণ যুৱকজনে অসাধাৰণ পৰিস্থিতিৰ লগত মোকামিলা কৰি হাজাৰ জনৰ মাজত নিজক প্ৰতিষ্ঠা কৰিছে ৷ ৩৩ বৰ্ষীয় অভিনেতা ৰাজকুমাৰ ৰাওৰ ছবিসমূহৰ ভিতৰত আছে "গেংছ অব ৱাচিপুৰ পাৰ্ট ২","তালাশ",কাই পো চে",চিটী লাইটচ",আলীগড়",বৰেলী কী বৰফী","নিউটন","সাদী মে জৰুৰ আনা" আদি৷লগতে অনাগত দিনত হলীউডৰ ছবিটো দেখিবলৈ পাব ৰাজকুমাৰ ৰাওক ৷

২০১৯ চনত মুক্তি পাব লগীয়া ৰাজকুমাৰ ৰাওৰ ছবিখনৰ নাম "পাঁচ ৱেডিংগছ"৷ ৰাজকুমাৰ ৰাওৰ বলীউডৰ পৰা হলীউডৰ এই যাত্ৰা,সফলতা,ষ্টাৰডম এদিনতে প্ৰাপ্ত হোৱা নাই। ৰাওৰ একাগ্ৰতা,কাম কৰা স্পৃহাই তেওঁক আজি প্ৰতিষ্ঠা কৰিছে বলীউডত ৷ কোনো এটা কাম কৰিবলৈ গ’লে সেই কামটোত আমি প্ৰথমবাৰেই যে সফলতা লাভ কৰিম এনে কথা নহয় ৷ অসফলতাইও আমাক বহু কথা শিকাই ৷এক সাক্ষাৎকাৰ অনুষ্ঠানত ৰাজকুমাৰ ৰাওয়ে কয় যে,প্ৰথমৰ পৰাই ৰাজকুমাৰ ৰাওয়ে অভিনয়ৰ প্ৰতি আগ্ৰহী আছিল ৷ সেয়েহে হাজাৰ সংঘৰ্ষ কৰি তেওঁ নিজক প্ৰতিষ্ঠা কৰিছিল ৷ অভিনয়ৰ কাৰণে অ’ডিশ্যন দিবলৈ গৈ বাৰে বাৰে অসফল হৈছিল ৰাজকুমাৰ ৰাও৷

কিন্তু প্ৰচণ্ড ইচ্ছাশক্তিৰ জৰিয়তে সফলতা লাভ কৰিছিল ৰাজকুমাৰ ৰাওয়ে ৷ ইফালে ৰাজকুমাৰ ৰাওৰ অভিনয় যেন প্ৰকৃতি প্ৰদত্ত ৷ কাৰণ প্ৰত্যেকটো চৰিত্ৰ,সাধাৰণ মানুহৰ পৰা যিকোনো চৰিত্ৰ অত্যন্ত দক্ষতাৰে উপস্থাপন কৰে ৰাজকুমাৰ ৰাওয়ে ৷ যিকোনো চৰিত্ৰত ৰাজকুমাৰ ৰাওয়ে অভিনয় কৰা প্ৰাকমুহূৰ্তত সেই চৰিত্ৰটোৰ সন্দৰ্ভত পুংখানুপুংখভাৱে অধ্যয়ন কৰিহে অভিনয়ৰভাৱে সন্মতি প্ৰদান কৰে ৷ প্ৰত্যেকটো চৰিত্ৰৰ কাৰণে ৰাজকুমাৰ ৰাওয়ে নিজক প্ৰস্তুত কৰি লয়৷ অভিনয় কৰিব লগা চৰিত্ৰটো জীৱন্ত ৰূপত উপস্থাপন কৰিবৰ কাৰণে ৰাজকুমাৰ ৰাও সেই নিৰ্দিষ্ট চৰিত্ৰটোত নিজৰ ফালৰ পৰা ১০০ শতাংশই দিয়ে ৷

ইয়াৰোপৰি কোনো কোনো ছবিত ৰাওয়ে নিজৰ অভিনয়ক উপস্থাপন কৰিবৰ বাবে ওজন কমোৱাৰ লগতে ১২ কিলো ওজন বঢ়ায়৷ ৰাজকুমাৰ ৰাওৰ কাৰণে অভিনয় হৈছে পূজা ৷ কাৰণ মানুহে যেতিয়া কৰি ভাল পোৱা কামটো হৃদয়ৰ পৰা ভাল পায় ৷ তেতিয়া সেই নিৰ্দিষ্ট কামটোত সফলতা লাভ কৰে ৷ অন্যহাতে, কোনো ষ্টাৰডম পাবৰ কাৰণে ৰাজকুমাৰ ৰাওয়ে অভিনয় নকৰে ৷ অভিনয়ক ভাল পাই বা এজন সুদক্ষ অভিনেতা হ’বৰ কাৰণেহে ৰাজকুমাৰ ৰাওয়ে অভিনয় কৰে ৷

লগতে, বলীউডৰ ষ্টাৰ সন্তানসকলৰ সম্পৰ্কত সততে হৈ থকা বাদ বিবাদসমূহৰ বিষয়ে কয় যে সাম্প্ৰতিক সময়ত ষ্টাৰ সন্তানসকলৰ বলীউডত নিজক প্ৰতিষ্ঠা কৰিবলৈ সহজ ৷ এনেধৰণৰ কথাত সকলো অভ্যস্ত হৈ পৰিছে৷কিন্তু ৰাজকুমাৰ ৰাওয়ে এখন ছবিৰ প্ৰমোশ্যনত দৃঢ় বিশ্বাস ৰাখে ।

সচাঁ কথা সাম্প্ৰতিক সময়ত হাজাৰ বাধা নেওচি নিজক প্ৰতিষ্ঠা কৰা সকলৰ ভিতৰত ৰাজকুমাৰ ৰাও অন্যতম৷বলীউডত প্ৰতিষ্ঠা লাভ কৰিবলৈ সপোন দেখা হাজাৰ জনৰ কাৰণে প্ৰেৰণা ৰাজকুমাৰ ৰাও ৷ বাকপটুতা,সাৱলীল অভিনয়,অভিনয়ৰ প্ৰতি থকা একাগ্ৰতা আদিয়ে সম্প্ৰতি বলীউডত এখনৰ পিছত সিখন জনপ্ৰিয় ছবি উপহাৰ দিছে ৰাজকুমাৰ ৰাওয়ে ৷

অধিক খবৰৰ বাবে পঢ়ক: মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com