হিমন্তৰ বিস্ফোৰণৰ পিছত অসম গণ পৰিষদে মিত্ৰতাৰ কথা বিচাৰ কৰিব বুলি সকিয়ালে

হিমন্তৰ বিস্ফোৰণৰ পিছত অসম গণ পৰিষদে মিত্ৰতাৰ কথা বিচাৰ কৰিব বুলি সকিয়ালে

বিজেপিৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণৰ পাছতে বিজেপিৰ সৈতে থকা অসম গণ পৰিষদৰ সম্পৰ্ক ফাঁট মেলাৰ উপক্ৰম হৈছে। কালি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত এখন বৈঠকত অসম গণ পৰিষদ দলক তীৰ্ব সমালোচনা কৰি অসম গণ পৰিষদ দলক মিত্ৰতাত থকাৰ নৈতিক অধিকাৰ নাই বুলি কয়।নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগ লৈ একপ্ৰকাৰ অগপক মিত্ৰতা ত্যাগ কৰিবলৈ কয় শৰ্মাই। অগপই মিত্ৰতা ত্যাগ কৰিলেও বিজেপিয়ে বিপিফপক সংগী হিচাপে লৈ সংখ্যা গৰিষ্ঠ দল হিচাপেই চৰকাৰ গঠন কৰি থাকিব। বিজেপিয়ে বিধান সভা সাধাৰণ নিৰ্বাচনত ১২৬ খন আসনৰ ভিতৰত ৬১ খন আসন দখল কৰিছিল।যদিহে অগপই মিত্ৰতাৰ পৰা আতৰি যায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱালৰ কাৰণে এয়া মুৰৰ কামোৰণি হিচাপে বিবেচিত হব। নাগৰিকত্ব সংশোধনী প্ৰংসগলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ দূৰত্বও বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। নাগৰিকত্ব সংশোধনী বিধেয়ক খনে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্থানৰ পৰা ভিছা অবিহনে অহা সংখ্যালঘু নাগৰিক সকলক ৰক্ষণাবেক্ষণ প্ৰদান কৰিব, বিজেপিয়ে এই বিধেয়কৰ সমৰ্থন কৰি অহাৰ বিপৰীতে অগপই ইয়াৰ বিৰোধিতা কৰি আছে।

নেডাৰ আহ্বায়ক জনে বিদেশী বহিস্কৰণৰ ক্ষেত্ৰত ১৯৫১ চনৰ বিপৰীতে ১৯৭১ চন ভিত্তি বৰ্ষ কৰা বাবে বৰ্তমানৰ এই পৰিবেশ সৃষ্টি হোৱা বুলি উল্লেখ কৰি ইয়াৰ বাবে অসম গণ পৰিষদকে প্ৰধান ভাবে জগৰীয়া কৰে। ১৯৭৯ চনতে তেতিয়াৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধী আৰু অসমৰ ৰাজ্যপাল এল পি সিঙে অসম আন্দোলন কাৰী নেতা সকলক বিদেশী চিনাক্ত আৰু বহিষ্কৰণৰ ভিত্তি বৰ্ষ ১৯৭১ চন কৰাৰ বাবে প্ৰস্তাব দিছিল কিন্তু নেতাসকলে ইয়াক অগ্ৰাহ্য কৰিছিল, পাছত তেওঁলোকে ১৯৮৫ চনত ভিত্তি বৰ্ষ ১৯৭১ হব বুলিয়ে গ্ৰহণ কৰে যাৰ ফলত ৯০০ জন লোক স্বহীদ হব লগা হল বুলি অসম গণ পৰিষদক সমালোচনা কৰে।হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনত কিছুমান অগপ নেতা আৰু বিধায়কে বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলোৱা বুলিয়ো সমালোচনা কৰে। শৰ্মাই আকৌ অগপক কংগ্ৰেছ আৰু এ আই ইউ ডি এফক পৰাস্ত কৰাৰ বাবে বিজেপিৰ লগত থকাৰ কথাটো নেতৃবৃন্দক বিবেচনা কৰাৰ বাবে আহ্বান জনাই নাহৰকটীয়াৰ কংগ্ৰেছৰ লগত মিত্ৰতা কৰা অগপ বিধায়ক নৰেণ সণোৱালকৰ বিপক্ষে দলক কঠোৰ ব্যৱস্থা লোৱাৰ পোষকতা কৰে।

অধিক খবৰৰ বাবে পঢ়ক: Breaking News

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com