২০ গৰাকী অবৈধ বাংলাদেশীক প্ৰত্যাবৰ্তন বাংলাদেশক: ৬ জন হিন্দু

২০ গৰাকী অবৈধ বাংলাদেশীক  প্ৰত্যাবৰ্তন বাংলাদেশক: ৬ জন হিন্দু

আজি ২০ গৰাকী বাংলাদেশীক প্ৰত্যাবৰ্তন কৰে বাংলাদেশ চৰকাৰক । কৰিমগঞ্জৰ -বাংলাদেশ সীমান্তৰ চুটাৰকান্দি সীমান্তত ২০ গৰাকী অবৈধ বিদেশীক প্ৰত্যাবৰ্তন কৰে। বি এচ এফে বাংলাদেশ ৰাইফলক গতাই দিয়ে লোক কেইজনক।

অসম আৰক্ষীৰ জেষ্ঠ আৰক্ষী বিষয়ায়ে প্ৰকাশ কৰে যে ২০ জনৰ ৬ জন হিন্দু লোক ।

শিলচৰ আৰু কোকৰাঝাৰ ডিটেনছন কেম্পত বন্দী হৈ থকা ২০ গৰাকী বাংলাদেশীক আজি স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰে ৷

বাংলাদেশী কেইজনৰ নাম চিলেট জিলাৰ শেখৰ নমশুদ্ৰ, সুজিত চন্দ্ৰ দাস ,ইকবাল হুছেইন তালুকদাৰ, ম:ইছাক আলি, ম:আজিম উদ্দিন, আমেদ উদ্দিন, সমীৰ আহমদ, আব্দুল গফুৰ, চান্দ আলি, আলিম উদ্দিন আৰু আব্দুল লতিফ ৷ কিশোৰগঞ্জ জিলাৰ ৰবীন্দ্ৰ দাস, দ্বিগেন চন্দ্ৰ দাস আৰু শ্বাহ আলি মিঞা ৷ ম: ইব্ৰাহিম তালুকদাৰ, ফাৰুক মিঞা , চৈয়দ আল আমিন, ৰবিউল চৰ্দাৰ আৰু পৰিমল জলদাস ৷

কোকৰাঝাৰ ডিটেনছন কেম্পত থকা আলোৰানী দাস ৷ ইতিমধ্যে আলোৰানীক কোকৰাঝাৰৰ পৰা শিলচৰ কেম্পলৈ অনা হৈছিল ৷ আজি শিলচৰ ডিটেনছন কেম্পৰ বন্দী সকলৰ সৈতে আলোৰানী দাসকো কৰিমগঞ্জ সীমান্তৰে বাংলাদেশক হস্তান্তৰ কৰে বিএছএফে ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com