৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত লুট-পাটৰ ঘটনা

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত লুট-পাটৰ ঘটনা

যোৱা সোমবাৰে নিশা শিৱসাগৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ জয়া দলংৰ সমীপত এক লুটপাটৰ ঘটনা সংঘটিত হয় । জানিব পৰা তথ্যানুসৰি,অচিনাক্ত কোনো দুৰ্বৃত্তই এএছ-০৪-এচি-৯৯৬০ নম্বৰৰ পঞ্জীয়ন কৰা বলেৰ গাড়ী খনৰ গাড়ী চালক আৰু হেণ্ডিমেনক অপহৰন কৰি জয়সাগৰ এলেকাৰ এটা ঘৰলৈ লৈ যায় । তেওঁলোকৰ ওপৰত বহুখিনি অত্যাচাৰ চলায় আৰু টকা-পইচা,ম'বাইল ফোন লুট কৰে ।পিছত,ভুক্তভোগীয়ে তাৰ পৰা পলায় আহি জয়সাগৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰে । জয়সাগৰ আৰক্ষীয়ে লোক দুজনক জয়সাগত অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰে আৰু ঘটনাটি পঞ্জীয়ন কৰে আৰু ধৃত লোক কেইজনক আটক কৰিবলৈ ঘটনাটি সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ।তিনিজনকৈ যুৱক সোধ-পুছৰ বাবে জয়সাগৰ আৰক্ষীয়ে যোৱা মঙলবাৰে মাতি পঠিয়াই । তেওঁলোক দুজন ক্ৰমে মুকলেশ আৰু নৱজ্যোতি ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com