ৰণৱীৰ সিঙৰ লগত অভিনয় কৰিব লগা তৃতীয়খন ছবিৰ প্ৰসংগত কি মন্তব্য আলিয়া ভাট্টৰ ?

ৰণৱীৰ সিঙৰ লগত অভিনয় কৰিব লগা তৃতীয়খন ছবিৰ প্ৰসংগত কি মন্তব্য আলিয়া ভাট্টৰ ?

বলীউডৰ অভিনেত্ৰী আলিয়া ভাট্ট সম্প্ৰতি ব্যস্ত আছে কলংক ছবিৰ প্ৰমোশ্যনত ৷ কিন্তু ইয়াৰ মাজতে এক বিশেষ সূত্ৰৰ অনুসৰি গলী বয়ৰ যোৰী আলিয়া ভাট্ট আৰু ৰনৱীৰ সিঙক পুনৰাই দেখিবলৈ পোৱা যাব অন্য এখন ছবিত ৷ পিছে এই বাতৰিটোক খণ্ডন কৰিছে আলিয়া ভাট্টে ৷ আলিয়া আৰু ৰনৱীৰ সিঙক শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিল জোয়া আখতাৰৰ ছবি গলী বয়ত ৷

গলী বয় ছবিখনত দুয়োজন অভিনেতা অভিনেত্ৰীৰ কেমেষ্ট্ৰিক অতি প্ৰশংসা কৰিছিল দৰ্শকে ৷ ইফালে ৰনৱীৰ সিং আৰু আলিয়া ভাট্টক দেখিবলৈ পোৱা যাব কৰণ জোহৰৰ ছবি তখৎ । এই ছবিখনত ৰনৱীৰ,আলিয়াৰ উপৰিও আছে অনিল কাপুৰ,জাহ্নৱী কাপুৰ,কৰীনা কাপুৰ ভূমি পাডনেকাৰ আৰু বিক্কী কৌশল ৷ বি টাউনত গলী বয়,তখত পিছত ৰনৱীৰ আৰু আলিয়া ভাট্টক তৃতীয় বাৰৰ কাৰণে দৰ্শকসকলে ছবি দেখা পোৱাৰ খবৰ আহিছিল ৷

কিন্তু এই খবৰটোক আলিয়াই খণ্ডন কৰে আৰু কয় যে আশা কৰিছোঁ এই খবৰটো সচাঁ হওঁক । অন্যহাতে কলংকৰ অভিনেত্ৰী আলিয়াই কয় যে মই বাস্তৱতে ৰনৱীৰ সিঙত বহুত সন্মান কৰোঁ। আমাৰ দুয়োৰে মাজত এটা ভাল সম্বন্ধ আছে। ইফালে আলিয়া ভাট্টৰ লগত সম্প্ৰতি পাঁচটা বৃহৎ প্ৰজেক্ট আছে ৷সদ্যহতে আলিয়া ভাট্টৰ কলংক ছবিখন মুক্তি পাব ১৭ এপ্ৰিলত ৷কলংকৰ উপৰিও কৰণ জোহৰৰ তখৎ,মহেশ ভাট্টৰ সদক ২, আয়ান মুখাৰ্জীৰ ব্ৰহ্মমাস্ত্ৰ আদিত অভিনয় কৰিছে আলিয়া ভাট্টে ৷ ইয়াৰোপৰি আছে এছএছৰাজা মৌলীৰ আৰআৰআৰ ৷ ইফালে ৰণৱীৰ সিং ব্যস্ত আছে কবীৰ খানৰ দ্বাৰা নিৰ্দেশিত ৮৩ ৰ দৃশ্যগ্ৰহণত ৷

ৰনৱীৰ সিঙৰ মুক্তিৰ অপেক্ষাত থকা এখন ছবি হৈছে ৮৩ ৷কপিল দেৱৰ জীৱনৰ ওপৰত আধাৰিত ছবিখনক লৈ যথেষ্ট উৎসুক প্ৰকাশ কৰিছে ৰনৱীৰ সিঙৰ ৷ কপিল দেৱৰ সন্দৰ্ভত মন্তব্য কৰি ৰনৱীৰ সিঙে কয় যে কপিল ছাৰৰ লগত সময় কটাবলৈ মই বহুত উৎসুক ৷কাৰণ কপিল দেৱৰ লগত কটোৱা মুহুৰ্তসমূহে ছবিখনত অভিনয় কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব ৷ কপিল দেৱৰ কাহিনী, অনুভৱ, বিচাৰধাৰা,ভাৱনা,ভাবধাৰ আদি সকলো অনুভৱ ছবিখনৰ জৰিয়তে বাস্তৱায়িত কৰিবৰ চেষ্টা কৰিব ৰনৱীৰ সিঙে৷

উল্লেখ্য যে, ২০১৮ বৰ্ষত মুক্তি লাভ কৰা ছুপাৰহিট ছবি “পদ্মাৱত”ছবিখনে ৩০০ কোটি টকা উপাৰ্জন কৰে । লগতে “চিম্বা”ই উপাৰ্জন কৰে প্ৰায় ২০০ কোটি টকা৷উল্লেখ্য যে ২০১০ চনত মুক্তি প্ৰাপ্ত ছবি “বেণ্ড বাজা বাৰাট”ৰ জৰিয়তে বলীউডত খোজ পেলাই ৰনৱীৰ সিঙে ৷ এই ছবিখনৰ জৰিয়তে দৰ্শকৰ যথেষ্ট মৰম বুটলিবলৈ সক্ষম হয় ৷

লগতে ছবিখনৰ জৰিয়তে ফিল্ম ফেয়াৰ এৱাৰ্ডে দিয়া ডেৱিউট বেষ্ট এক্টৰ বটাঁ লাভ কৰে ৰনৱীৰে। ইয়াৰ পিছত ২০১৩ বৰ্ষত “লুটেৰা”,২০১৪ চনত “গুণ্ডে”,২০১৫ চনত “ডিল ধড়ক নে দো”,অন্যতম ৷কিন্তু ৰনৱীৰ সিঙৰ বহু চৰ্চিত ছবিসমূহ হৈছে সঞ্জয় লীলা ভাঞ্চালীৰ ২০১৩ বৰ্ষৰ “গুলীয়ো কি ৰাসলীলা ৰাম লীলা”, ২০১৫ চনৰ মুক্তি পোৱা “বাজীৰাও মস্তানী”, এই ছবিখনত ৰনৱীৰে শ্ৰেষ্ট অভিনেতাৰ পুৰস্কাৰ লাভ কৰিছিল ৷ইয়াৰোপৰি, ২০১৮ চনত মুক্তি পোৱা ছবি “পদ্মাৱত”,ছবিখনৰ ৰনৱীৰ সিঙৰ লুক,অভিনয় আদিয়ে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল জনসাধাৰণৰ মাজত ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com