ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’লে আশোক গেহলটে

বিধানসভাৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছত কংগ্ৰেছ চৰকাৰৰ এলবাৰ্ট হলত হোৱা শপত গ্ৰহণ সমাৰোহত ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’লে আশোক গেহলটে ৷ লগতে , উপমুখ্যমন্ত্ৰীৰূপে শপত লয় শচীন পাইলটে৷ ৰাজ্যপাল কল্যাণ সিঙে শপত গ্ৰহণ কৰাই নৱ নিযুক্ত মুখ্যমন্ত্ৰী আশোক গেহলটক ৷ ইফালে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী,প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু বসুন্ধৰা ৰাজ ৷ অন্যহাতে,পূৰ্বতে ৰাজভৱনত শপত গ্ৰহণ হোৱাৰ বিপৰীতে সম্প্ৰতি, এলবাৰ্ট হলত মুখ্যমন্ত্ৰীৰূপে শপত লয় আশোক গেহলট আৰু উপমুখ্য মন্ত্ৰী ৰূপে শপত লয় শচীন পাইলটে ৷

উল্লেখ্য যে,ছাত্ৰ জীৱনৰ পৰা ৰাজনীতি আৰু সমাজ সেৱাত সক্ৰিয় গেহলট প্ৰথম বাৰৰ জোধপুৰৰ সংসদীয় ক্ষেত্ৰখনৰ কাৰণে ১৯৮০ চনত নিৰ্বাচিত হৈছিল ৷ চৰদাৰপুৰা (যোধপুৰ) বিধানসভাৰ পৰা নিৰ্বাচিত হোৱাৰ পিছত আশোক গেহলট ১৯৯৯ চনত ১১ সংখ্যক ৰাজস্থান বিধানসভাৰ সদস্য হয় ৷ পুনৰ ৰাজস্থান বিধানসভাৰ পৰাই ১২ সংখ্যক ৰাজস্থান বিধানসভাৰ কাৰণে ২০০৩ চনৰ ৪ ডিচেম্বৰত নিৰ্বাচিত হয়। লগতে ১৩ সংখ্যক ৰাজস্থান বিধানসভাৰ কাৰণে ২০০৮ চনৰ ৮ ডিচেম্বৰত চৰদাৰপুৰ বিধানসভা ক্ষেত্ৰৰ পৰা পুনৰ নিৰ্বাচিত হয় ৷ ইফাল ১৪ সংখ্যক ৰাজস্থান বিধানসভাৰ পৰা পুনৰ নিৰ্বাচিত হোৱাৰ পিছত ১৫ সংখ্যক ৰাজস্থান বিধানসভা নিৰ্বাচনৰ পৰা নিৰ্বাচিত হৈ মুখ্যমন্ত্ৰী হয় ৷

অন্যহাতে,নৱ নিযুক্ত মুখ্যমন্ত্ৰী আশোক গেহলট প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইণ্ডিৰা গান্ধী,ৰাজীৱ গান্ধী আৰু পি ৱী নৰসিহ্মা ৰাওৰ মন্ত্ৰী মণ্ডলত কেন্দ্ৰীয় মন্ত্ৰী আছিল ৷ গেহলট সৰ্বমুঠ তিনিবাৰ কেন্দ্ৰীয় মন্ত্ৰী আছিল ৷ ইণ্ডিৰা গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত আশোক গেহলট ইণ্ডিৰা গান্ধীৰ মন্ত্ৰী মণ্ডলত পৰ্যতন বিভাগৰ মন্ত্ৰী আছিল ৷ ৰাজস্থান চৰকাৰৰ গৃহ তথা জন স্বাস্থ্য বিভাগৰ মন্ত্ৰী আছিল অশোক গেহলট ৷

উল্লেখ্য যে, গেহলট ৩ বাৰ প্ৰদেশ কংগ্ৰেছৰ কমিটীৰ অধ্যক্ষ হৈছিল৷আনহাতে, ৩৪ বছৰ বয়সতে ৰাজস্থান প্ৰদেশ কংগ্ৰেছ কমিটীৰ অধ্যক্ষ হৈছিল আশোক গেহলট ৷ আশোক গেহলটক সৰ্বস্বান্ত লোকসকলৰ ত্ৰাণকৰ্তা ৰূপেও জনা যায় ৷ "পানী বচাও,বিজলী বচাও,সবকো পঢ়াও" শীৰ্ষক এটি শ্ল’গান ৰাজস্থানত প্ৰচাৰ কৰিছিল ৷ যাক ৰাজ্য খনৰ জনসাধাৰণে যথেষ্ট আঁকোৱালি লৈছিল। লগতে, বেংকক,আয়াৰলেণ্ড,ফ্ৰেঙ্কফৰ্ট,আমেৰিকা, কানাডা, হংকং,ইটালি তথা ফাঞ্চকে আদি কৰি বিভিন্ন বিদেশ যাত্ৰা কৰিছে আশোক গেহলটে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com