এন আৰ চি উন্নীতকৰণ: এন আৰ চিত নাম অন্তভূক্ত কৰিবলৈ পুনৰ আবেদন নকৰা ব্যক্তিৰ বিৰুদ্ধে পুনৰ নিৰীক্ষণ

এন আৰ চি উন্নীতকৰণ: এন আৰ চিত নাম অন্তভূক্ত কৰিবলৈ পুনৰ আবেদন নকৰা ব্যক্তিৰ বিৰুদ্ধে পুনৰ নিৰীক্ষণ

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ সম্পূৰ্ণ খচৰাত নাম অন্তভূক্ত নোহোৱা লোকসকলৰ, যি সকলে পুনৰ নথিপত্ৰ জমা দিয়া নাই তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব । এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিবলৈ পূৰ্বতে এই লোকসকলে নথিপত্ৰ জমা দিছিল ।

গৃহ আৰু ৰাজনৈতিক বিভাগৰ সূত্ৰয়ে জনোৱা মতে সন্দেহজনক ব্যক্তিৰ বিৰুদ্ধে পুনৰ নিৰীক্ষণ কৰা হব । এই সম্পৰ্কত গৃহ আৰু ৰাজনৈতিক বিভাগে সীমান্তৰ অসম আৰক্ষীক ৰাজ্যিক এন আৰ চিৰ পৰামৰ্শদাতাৰ লগত অনুসন্ধান কৰিবলৈ নিৰ্দেশ দিছে ।

পুৰ্বতে নাম অন্তৰ্ভুক্ত কৰিবলৈ আবেদন কৰা লোক সকলে পুনৰ নথিপত্ৰ জমা নিদিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব। আনহাতে উচ্চতম ন্যায়ালয়ে এন আৰ চিৰ যিকোনো তথ্যয়ে কোনো এজেঞ্চীক নিদিবলৈ নিৰ্দেশ দিছে । এন আৰ চিৰ কৰ্তৃপক্ষয়ে এনে ধৰণৰ তথ্য সমুহ দিয়া নাই বুলি প্ৰকাশ কৰে। সেয়েহে সীমান্ত আৰক্ষীৰ লগত এন আৰ চিৰ কতৃপক্ষক তথ্য সমূহ অবগত কৰিলে সন্দেহজনক ব্যক্তিৰ বিৰুদ্ধে চালিজাৰি চাবলৈ সুবিধা হব ।

৩০ জুলাইত প্ৰকাশ পাব লগা এন আৰ চিৰ সম্পূৰ্ণ খচৰাত ৪০.০৭ লাখ লোকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই । ২০১৮ চনত ৩.২৯ কোটি লোকে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিবলৈ আবেদন কৰিছিল । সম্পূৰ্ণ খচৰা প্ৰকাশ কৰিছে কৰাৰ পূৰ্বে লোক সকলে নাম অন্তৰ্ভুক্তিৰ আবেদন কৰিব পাৰিব ।

অভিযোগ আৰু আবেদনৰ প্ৰক্ৰিয়া চলি আছে। ৩৬.২ লোকে আবেদন কৰিছে যত ইতিমধ্যে ২ লাখ লোকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com