জম্বুৰ বাছ আস্থানত ভয়াবহ গ্ৰেনেড বিস্ফোৰণ: ১ নিহত, ২৮ আহত

জম্বুৰ বাছ আস্থানত ভয়াবহ গ্ৰেনেড বিস্ফোৰণ: ১ নিহত, ২৮ আহত

জম্বুৰ বাছ আস্থানত ভয়াবহ গ্ৰেনেড বিস্ফোৰণ সংঘটিত কৰিছে সন্ত্ৰাসবাদীয়ে । বিস্ফোৰণত ১ জন নিহত আৰু ২৮ জন আহত। আহত কেইজনৰ ৩ জনৰ অবস্থা অতি সংকটজনক বুলি প্ৰকাশ কৰিছে ।

অধিক লোক সমবেত হোৱা অঞ্চললৈ লক্ষ্য কৰিয়ে সন্ত্ৰাসবাদীয়ে আক্ৰমণটো সংঘটিত কৰে । বাছ আস্থানতো এটা ব্যস্ত অঞ্চল। তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে সন্ত্ৰাসবাদীয়ে বিস্ফোৰণ সংঘটিত কৰে।

জম্বুৰ বাছ আস্থানত বিগত বৰ্ষৰ মে মাহৰ পৰা এইটো তৃতীয়টো বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে । ২৮ জন আহতৰ ৩ জনৰ অবস্থা অতি সংকটজনক বুলি প্ৰকাশ কৰিছে GMC হস্পিতালৰ কতৃপক্ষয়ে । ২ জনৰ অপাৰেচন ইতিমধ্যে সম্পন্ন হৈছে ।

বিস্ফোৰণ সংঘটিত হোৱা BC পথ বৰ্তমান বন্ধ কৰি দিয়া হৈছে । বিস্ফোৰণটো বাছ আস্থানলৈ লক্ষ্য কৰি দলিওৱাৰ ফলত হৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে । অঞ্চলতোত হাই এলাৰ্ট জাৰি কৰিছে ।

বিস্ফোৰণ সংঘটিত কৰা সন্ত্ৰাসবাদীক অতি সোনকালে আটক কৰা হব বুলি আৰক্ষী য়ে প্ৰকাশ কৰিছে । ২০১৮ চনত মে আৰু ডিচেম্বৰ মাহত বাছ আস্থানক লক্ষ্য কৰি বিস্ফোৰণ সংঘটিত কৰিছিল ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com