জলসিঞ্চন বিভাগৰ অমনযোগিতাৰ বাবে ভূক্তভুগি হৈছে কৃষক

জলসিঞ্চন বিভাগৰ অমনযোগিতাৰ বাবে ভূক্তভুগি হৈছে কৃষক

জলসিঞ্চন বিভাগৰ অমনযোগিতাৰ বাবে সমস্যাৰ সন্মুখীন হৈছে কৃষক সকল । অসম চৰকাৰৰ জলসিঞ্চন বিভাগটোৰ জলসিঞ্চনৰ ক্ষমতা বৃদ্ধি আৰু ব্যবহাৰ মাজত যথেষ্ট ব্যৱধান থকাৰ বাবে কৃষক সকলে হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে । শোষণ, অকম্যনতা আৰু অমনযোগিতাৰ বাবে জলসিঞ্চন বিভাগটো এতিয়া বগা হাতীত পৰিনত হৈছে ।

কৃষক সকলৰ বাবে জলসিঞ্চন বিভাগটো অতি গুৰুত্বপূৰ্ণ। কিন্তু ৰাজ্য চৰকাৰে এই বিভাগটোৰ গুৰুত্বপূৰ্ণ দিশ সমূহৰ উন্নয়নত কোনো ব্যবস্থা গ্ৰহণ কৰা নাই । ২০১৯-২০ বৰ্ষৰ বাজেটত পৰ্যাপ্ত ধন ধাৰ্য্য কৰা হৈছে ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৃষক সকলে পানীৰ অভাৱত সময় মতে কঠিয়া পেলাব নোৱাৰি চিন্তিত হৈ পৰিছে । ৰাজ্যখনৰ মাজেদি নদ-নদী বৈ গৈছে যদিও পানীৰ অভাৱত কৃষি কৰিব নোৱাৰাটো অতি দুৰ্ভাগ্যজনক । নৈ আৰু উপনৈ সমুহ থকাৰ পাছতো একমাত্ৰ ৰাজ্যৰ জলসিঞ্চন বিভাগৰ অকম্যনতাৰ বাবে কৃষক সকল সমস্যাৰ সন্মুখীন হৈছে । প্ৰকৃতিৰ পৰ্যাপ্ত উৎস থকাৰ পাছতো কৃষক সকলে বতৰৰ ওপৰত নিৰ্ভৰ কৰিব লগীয়া হয়।

ৰাজ্যত ২৭.৭৪ লাখ হেক্টৰ কৃষি ভূমি আছে । তাৰে ১০ লাখ হেক্টৰ ভূমি জলসিঞ্চন বিভাগৰ অধিনত আছে । জলসিঞ্চন বিভাগৰ অমনযোগিতাৰ বাবে কৃষক সকলে প্ৰত্যেক বাৰ সমস্যাৰ সন্মুখীন হৈছে । বহু কেইটা জলসিঞ্চন প্ৰকল্পত ইঞ্জিন কাৰ্য্যক্ষম নহয় অথবা পাইপ লাইন বা কেনডেল আদি কাৰ্যক্ষম নহয় ।

২০১৯-২০ বৰ্ষৰ বাজেটত ৪০ কোটি টকা ধাৰ্য কৰা হৈছে জলসিঞ্চন বিভাগৰ বাবে । কিন্তু ৪০ কোটি টকা কিহত খৰছ কৰি হব সেয়া কোনো নিদিষ্ট প্ৰকল্প কথা উল্লেখ নাই বাজেটত ।

এক সমীক্ষাত পোহৰলৈ আহিছে যে বিভিন্ন কাৰনবশত ৰাজ্যত জলসিঞ্চন বিভাগৰ ব্যৱহাৰ কম । প্ৰাকৃতিক দুৰ্যোগ বানপানী, ধুমুহাই জলসিঞ্চন প্ৰকল্প বোৰ ধবংস কৰাৰ লগতে ট্ৰেন্ছফৰমাৰ, শক্তি যোগাত বিসংগতি সৃষ্টি হয় বুলি প্ৰকাশ কৰে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com