আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস: বিশ্বৰ লগতে ৰাজ্যজুৰি উৎযাপন নাৰী দিৱস

আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস: বিশ্বৰ লগতে ৰাজ্যজুৰি উৎযাপন  নাৰী দিৱস

সমগ্ৰ বিশ্বৰ লগতে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাৰী দিৱস উদযাপন কৰে । ১৯০৯ চনৰ ২৮ ফেব্ৰুৱাৰীত নিউয়ৰ্কত প্ৰথমে উৎযাপন কৰা হৈছিল । তাৰ ভিত্তিতে ১৯১৪ চনত ৮ মাৰ্চত বহুতো ইউৰোপীয়ান দেশত নাৰী দিৱস পালন কৰা হয় ।

সমগ্ৰ বিশ্বৰ লগতে লগতে গুৱাহাটী মহানগৰীতো পালন কৰা হৈছে নাৰী দিৱস। আজিৰ আমাৰ নাৰী সমাজ আগুৱাই বিশ্বৰ বিভিন্ন প্ৰান্তত এক সুকীয়া পৰিচয় দিৱলৈ সক্ষম হৈছে। গুৱাহাটী প্ৰেছ ক্লাৱত আন্তজাৰ্তিক নাৰী দিৱস উপলক্ষ্যে উদযাপন কৰা ব্যতিক্ৰমী প্ৰচেষ্টা। নাৰী সকল সবলীকৰণ আৰু অধিক শক্তিশালী কৰাৰ প্ৰচেষ্টাৰে পালন কৰা হয় আন্তৰাষ্ট্ৰীয় নাৰী দিৱস। এই অনুষ্ঠানত সংবাদ মাধ্যমৰ লগত জৰিত নাৰী সকলৰ কথাও উল্লেখ কৰে ।

কটন বিশ্ববিদ্যালয়তো আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয় । বিভিন্ন অনুষ্ঠানৰে আয়োজন কৰা হয় নাৰী দিৱস । কটন বিশ্ববিদ্যালয়তো নাৰী সন্মিলনীয়ে সুদমাৰসন হ'লত আজি নাৰীৰ অধিকাৰ আৰু সবলীকৰনৰ ওপৰত এক অনুষ্ঠান আয়োজন কৰে । এই অনুষ্ঠানে জনসাধাৰণৰ মাজত নাৰীৰ সবলীকৰনৰ ওপৰত সজাগতা সৃষ্টি কৰাত সহায় কৰিব বুলি প্ৰকাশ কৰে ।

নগাঁও জিলাৰ কঠিয়াতলীত মহিলা সমিতিয়ে নাৰী দিৱসৰ উপলক্ষ্যে এক বৃহৎ ৰেলী উলিয়াই । এই ৰেলীয়ে সজাগতা বৃদ্ধি কৰিব বু লি প্ৰকাশ কৰে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com