নিৰ্বাচনী প্ৰচাৰত নিৰাপত্তাৰক্ষী ৰ ফটো ব্যৱহাৰ কৰিব নোৱাৰিব: নিৰ্বাচনী আয়োগ

নিৰ্বাচনী প্ৰচাৰত নিৰাপত্তাৰক্ষী ৰ ফটো ব্যৱহাৰ কৰিব নোৱাৰিব: নিৰ্বাচনী আয়োগ

ৰাজনৈতিক দল অথবা কোনো প্ৰাৰ্থীয়ে নিৰাপত্তাৰক্ষীৰ ফটো ব্যৱহাৰ কৰি কোনো বিজ্ঞাপন বা নিৰ্বাচনী প্ৰচাৰৰ চলাব নোৱাৰিব । আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত নিৰ্বাচনী আয়োগে এই নিৰ্দেশনা জাৰি কৰিছে ।

ৰাষ্ট্ৰীয় ৰাজনৈতিক দল অথবা ৰাজ্যিক ৰাজনৈতিক দলৰ লগতে সাধাৰণ নিৰ্বাচনৰ প্ৰাৰ্থীলৈ এই নিৰ্দেশনা । কোনো সেনা বিষয়াৰ ফোটৰে বিজ্ঞাপন, প্ৰচাৰ অথবা নিৰ্বাচনী প্ৰচাৰ অভিযানত ব্যবহাৰ কৰিব নোৱাৰিব। লগতে নিৰ্বাচনী ভাষনত ছাৰ্জিকেল ষ্ট্ৰাইকৰ কথা উল্লেখ কৰিব পাৰিব । নিৰ্বাচনী প্ৰচাৰত ৰাজনৈতিক দল অথবা প্ৰাৰ্থীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে লোৱা পদক্ষেপ অথবা সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে চলাই থকা যুঁজৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ অথবা প্ৰচাৰ ৰেলীত ভাষনত প্ৰকাশ কৰিব পাৰিব । কিন্তু ফটো ব্যৱহাৰ নকৰিবলৈ কঠোৰ নিৰ্দেশনা। ফটো ব্যৱহাৰ কৰিলে ব্যবস্থা গ্ৰহণ কৰা হব।

বিজেপিৰ নিৰ্বাচনী এক প্ৰচাৰত ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামানৰ ফটো ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছিল । নাভাল ষ্টাফৰ মুখ্য প্ৰাক্তন এল ৰামদাসে নিৰ্বাচনী আয়োগলৈ এক পত্ৰ প্ৰেৰণৰ যোগেদি প্ৰকাশ কৰে যে নিৰাপত্তা ৰক্ষীৰ ফটো অপব্যৱহাৰ কৰা হৈছে । লগতে দেখিবলৈ পোৱা গৈছিল দিল্লীৰ বিজেপিৰ মুখ্য মনোজ তিৱাৰীয়ে বিজেপিৰ বিজয় সংকল্প ৰেলীত অভিনন্দনকলৈ লিখা কবিতাও আবৃতি কৰা দেখা গৈছিল । মনোজ তিৱাৰীক সেনাৰ পোছাকতো দেখা গৈছিল ।

২০১৩ চনত প্ৰতিৰক্ষা মন্ত্ৰালয়ে অভিযোগ দিয়াৰ পিছত নিৰ্বাচনী আয়োগে কোনো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰত কোনো সেনা জোৱানৰ ফটো ব্যৱহাৰ কৰিব নোৱাৰি বুলি নিৰ্দেশনা জাৰি কৰিছে ।

ভাৰতবর্ষৰ নিৰ্বাচনী আয়োগে আগন্তুক লোকসভা নির্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে সমগ্র দেশজুৰি নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈছে|

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com