অৰ্ধ শতাধিক লোকৰ বিজেপিত যোগদান

অৰ্ধ শতাধিক লোকৰ বিজেপিত যোগদান

আজি ভাৰতীয় জনতা পাৰ্টিৰ হেঙাৰাবাৰীস্হিত কাৰ্যালয়ত প্ৰায় অৰ্ধশতাধিক লোকৰ যোগদান । আছুৰ লগতে কংগ্ৰেছৰ প্ৰাক্তন নেতা সহ প্ৰায় ৫০ জন লোকে বিজেপিত যোগদান কৰে ।

হেঙাৰাবাৰীস্হিত দলৰ ৰাজ্যিক কাৰ্যালয়ত দলৰ মজিয়ালৈ যোগদানকাৰী সকলক আদৰণি জনায় ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁই, সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা আৰু উপ সভাপতি ডঃ প্ৰদীপ ঠাকুৰীয়াই ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আছুকে ধৰি কংগ্ৰেছৰ লোকে বিজেপিত যোগদান কৰে । সৰনিয়া উন্নয়ন খণ্ডৰ ব্যবস্থাপকদিপাক ডেকাই আজি বিজেপিত যোগদান কৰে । চেঙা ব্লক কংগ্ৰেছ কমিটি প্ৰাক্তন উপ সভাপতি ধনজিৎ কুমাৰ ডেকাৰ লগতে মনদিপ তালুকদাৰ, চৈলেন পাটোৱাৰী, অৰূপ দাস, সঞ্জীৱ পাটোৱাৰীকে ধৰি বহু কংগ্ৰেছৰ লোকে বিজেপি ত যোগদান কৰে ।

এ জে ৱাই চি পিৰ ৰূপম কুমাৰ দাস, চম্পক পাটোৱাৰী, ভাৰ্গৱ তালুকদাৰ, ৰিতাম চৌধৰী, খঞ্জিজ কুমাৰ ডেকা, নীলমণি দাস, অৰূপ দাস, তুলতুল বায়ন আৰু বহুতো এ জে ৱাই চি পিৰ নেতাই যোগদান কৰে বিজেপিত ।

উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আজি পুনৰ অগপ আৰু বিজেপিৰ মিত্ৰতা হয় । ৰাম মাধৱৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত বৈঠকৰ পাছত অগপ আৰু বিজেপিৰ পুনৰ মিত্ৰতাৰ কথা প্ৰকাশ কৰে । নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছ প্ৰতিহত কৰিবলৈ পুনৰ একগোট হোৱা বুলি প্ৰকাশ কৰে । উল্লেখ্য যে অগপয়ে নাগৰিকত্ব সংশোধনি বিধেয়কৰ বিৰোধিতা কৰি বিজেপিৰ লগত মিত্ৰতা ভংগ কৰিছিল লগতে অগপৰ তিনি মন্ত্ৰীয়ে পদৰ পৰা পদত্যাগ কৰিছিল।

পাছত অগপৰ ৩ মন্ত্ৰীৰ মন্ত্ৰীত্বৰ পদত্যাগ প্ৰত্ৰ প্ৰত্যাহাৰ কৰে ।

নিৰ্বাচনীৰ প্ৰাকক্ষণত অগপ ,বিজেপি আৰু বি পি এফয়ে একগোট হৈ প্ৰতিদন্দ্বিতা আগবঢ়াব। আজি অৰ্ধ শতাধিক লোকে বিজেপিত যোগদান কৰাটোৱে ৰাজ্যৰ ৰাজনীতিত বিশেষ বৈশিষ্ট্য বহন কৰিছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com