ইথিওপিয়াত যাত্ৰীবাহী ব'য়িং দুৰ্ঘটনাগ্ৰস্ত: ১৫৭ যাত্ৰী নিহত

ইথিওপিয়াত যাত্ৰীবাহী ব'য়িং দুৰ্ঘটনাগ্ৰস্ত: ১৫৭ যাত্ৰী নিহত

ইথিওপিয়াত সংঘটিত শোকাবহ বিমান দুৰ্ঘটনাত নিহত ১৫৭ জন যাত্ৰীৰ ভিতৰত ৪ জন ভাৰতীয় নিহত। সোমবাৰে পুৱাৰ ভাগত ইথিওপিয়া যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত হয় । ১৫৭ জন যাত্ৰীৰ ভিতৰত ৮ জন ক্ৰিউ মেমবাৰ আছিল বিমান খনত । বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজে টুইটাৰ যোগে ইথিওপিয়াত সংঘটিত বিমান দুৰ্ঘটনাত নিহত ভাৰতীয় সকলৰ নাম প্ৰকাশ কৰাৰ লগতে পৰিয়ালৰ সদস্যক যোগাযোগ কৰিবলৈ উল্লেখ কৰিছে মন্ত্ৰী গৰাকীয়ে । ইথিওপিয়া বিমান দুৰ্ঘটনাত নিহত হোৱা ভাৰতীয় কেইজনৰ নাম বৈদ্যা পান্নাগেচ ভাস্কৰ, বৈদ্যা হানচিন আনাগেচ, নোকাবাৰাপু মানিছা আৰু শিখা গাৰ্গ বুলি টুইটাৰযোগে প্ৰকাশ কৰিছে মন্ত্ৰী গৰাকীয়ে ।

বিমানখনে আদ্দিছ আবাবা বিমান বন্দৰৰ পৰা ৮:৩৮ ত উৰান আৰম্ভ কৰিছিল, ৮:৪৪ ৰ কিছু সময়ৰ পুৰ্বে বিমানখনৰ যোগাযোগ বিচ্ছিন্ন হয়।

বিমানখনে ৩৩ দেশৰ যাত্ৰী কঢ়িয়াই নিছিল বুলি প্ৰকাশ কৰিছে । নিহত সকল কেনিয়া, ইথিওপিয়া, আমেৰিকা, কানাডা, ফ্ৰান্স, চীন, ইজিপ্ট, চুডান, বৃটেইন আৰু নেডাৰলেণ্ডৰ নাগৰিক আছিল বিমান খনত।

নাইৰবী বিমান বন্দৰত বহুতো পৰিয়ালৰ সদস্যয়ে অপেক্ষা কৰি আছিল যদিও সময়ত উপস্থিত নোহোৱাত বিমান বন্দৰৰ কতৃপক্ষয়ে প্ৰকাশ কৰে । মাজ আকাশতে ভাঙি পৰে যাত্ৰীবাহী বিমানখন । উল্লেখযোগ্য যে উৰণৰ কিছু সময়ৰ পাচতে আদ্দিছ আবাবা মহানগৰৰ পৰা ৬২ কিলোমিটাৰ দক্ষিণ পশ্চিমৰ বিছ'ফু নামৰ নগৰখনৰ সমীপত মাজ আকাশতে ভাগি পৰে ইথিওপিয়াত এয়াৰলাইন্সৰ যাত্ৰীবাহী বিমানখন। কেনিয়াৰ ৰাজধানী নাইৰবী অভিমুখে উৰা মাৰিছিল ব'য়ি ৭৩৭ মেক্স ৮ বিমানখনে। যোগযোগ বিচ্ছিন্ন হৈ পৰাৰ পাছত ৰাডাৰৰ ওচৰত অদৃশ্য হৈ পৰে বিমানখন।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com