জম্বু কাশ্মীৰত সংঘৰ্ষ অব্যাহত: ২ সন্ত্ৰাসবাদী নিহত

জম্বু কাশ্মীৰত সংঘৰ্ষ অব্যাহত: ২ সন্ত্ৰাসবাদী নিহত

ভাৰত–পাক সীমান্তত অব্যাহত সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। জম্মু–কাশ্মীৰৰ পুলোৱামাত নিৰাপত্তৰক্ষীৰ গুলীত নিহত দুটা সন্ত্ৰাসবাদী। পুলোৱামাৰ ত্ৰালৰ এটা ঘৰত সন্ত্ৰাসবাদী কেইজনে লুকাই আছিল বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰে ।

পুৱাৰে পৰা সন্ত্ৰাসবাদী আৰু নিৰাপত্তা ৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত ২ সন্ত্ৰাসবাদী নিহত হৈছে বুলি প্ৰকাশ কৰে । অঞ্চলটোত ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে । ১৪ ফেব্ৰুৱাৰীত পুলোৱামা কাণ্ডত ৪০ জনকৈ ভাৰতীয় সেনা জোৱান শ্বহীদ হৈছিল । এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল জেইছ ই-মহম্মদে । ইয়াৰ পাছতে ভাৰতীয় সেনাই বালাকোটৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণত কৰিছিল। এই আক্ৰমণত প্ৰায় ২৫০ জনৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছিল। পুলোৱামা কাণ্ডৰ পাছৰে পৰা ভাৰত-পাক সীমান্তত সংঘৰ্ষ অব্যাহত আছে ।

২০ ফেব্ৰুৱাৰীত পুলোৱামাৰ সংঘৰ্ষত ৪ জন জোৱান নিহত হৈছিল । ৪ জন জোৱানৰ ভিতৰত এজন শীৰ্ষ বিষয়া আৰু এজন আৰক্ষী বিষয়া নিহত হৈছিল। পুলোৱামা কাণ্ডত মাষ্টাৰমাইণ্ডক ১২ ঘন্টাৰ ভিতৰত মাৰিবলৈ সক্ষম হৈছিল ভাৰতীয় সেনা। আজি পুলোৱামা ত্ৰালত নিহত সন্ত্ৰাসবাদীৰ ২ জন জঈছ–ঈ–মহম্মদৰ হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে|

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com