পুলোৱামা আক্ৰমণৰ লগত জৰিত ১৮ সন্ত্ৰাসবাদী,৬ জেইছ ই-মহম্মদৰ সদস্যৰ নিহত: সেনা

পুলোৱামা আক্ৰমণৰ লগত জৰিত ১৮ সন্ত্ৰাসবাদী,৬ জেইছ ই-মহম্মদৰ সদস্যৰ নিহত:  সেনা

১৪ ফেব্ৰুৱাৰীত সংঘটিত পুলোৱামা আক্ৰমণৰ লগত জড়িত ১৮ জন সন্ত্ৰাসবাদী নিহত হৈছে বুলি প্ৰকাশ কৰিছে সেনাই । ১৮ সন্ত্ৰাসবাদীৰ ৬ জন পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনৰ জেইছ ই-মহম্মদৰৰ সন্ত্ৰাসবাদী নিহত হৈছে ।

পুলোৱামা আক্ৰমণৰ ৰ পাছত অঞ্চলটোৰ বিভিন্ন প্ৰান্তত অভিযান চলাই সেনাই পুলোৱামা কাণ্ডৰ মাষ্টাৰমাইণ্ডৰ লগতে ১৮ জন সন্ত্ৰাসবাদীক হত্যা কৰিবলৈ সক্ষম হৈছে । ১৪ ফেব্ৰুৱাৰীত পুলোৱামাত সংঘটিত বৰ্বৰ আক্ৰমণত ৪০ জনকৈ CRPF সেনা জোৱান শ্বহীদ হৈছিল ।

পুলোৱামা কাণ্ডৰ পাছতে দুয়োখন দেশৰ মাজতে যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছিল । ভাৰতে বালাকোটত সন্ত্ৰাসবাদীৰ ঘাটি এয়াৰ ষ্ট্ৰাইক কৰি প্ৰায় ৩০০ৰো অধিক সন্ত্ৰাসবাদীক হত্যা কৰিছিল । তাৰ পাছতে ভাৰতীয় সেনাক আক্ৰমণ কৰিবলৈ আহা পাকিস্তানৰ F-16 বিমান ভূপতিত কৰিছিল|

দক্ষিণ কাশ্মীৰৰ ত্ৰালত অভিযান চলাই পুলোৱামা কাণ্ডৰ মাষ্টাৰমাইণ্ড জেইছ ই-মহম্মদৰ সদস্য মুদাচিৰ আহমেদ খানক হত্যা কৰিবলৈ সক্ষম হৈছিল বুলি প্ৰকাশ কৰে সেনাই । অনুসন্ধানকাৰী সংস্থাই অঞ্চলতোত সন্ত্ৰাসবাদীৰ আত্মগোপণ কৰি থকাৰ তথ্য দিয়াৰ পাছত অঞ্চলটোত নিৰাপত্তা ৰক্ষীয়ে অভিযান চলাই । আৰু সন্ত্ৰাসবাদীক হত্যা কৰিবলৈ সক্ষম হয় ।

প্ৰকাশ কৰা মতে জেইছ ই-মহম্মদৰ সদস্য মুদাচিৰ আহমেদ খান পুলোৱামা কাণ্ডৰ মাষ্টাৰমাইণ্ড আছিল । পুলোৱামাৰ নিবাসী ২৩ বছৰীয়া

মুদাচিৰ আহমেদ খান এজন ইলেক্ট্ৰিচিয়ান আছিল । খানে ২০১৭ চনত জেইছ ই-মহম্মদৰত যোগদান কৰে ।ত্ৰালৰ মিৰ মহাল্লাৰ নিবাসী আছিল খান। নুৰ মহম্মদৰ তানত্ৰেয়ে উপত্যকাত সন্ত্ৰাসৰ বীজ ৰোপণ কৰিছিল । তানত্ৰে ২০১৭ চনৰ ডিচেম্বৰত হত্যা কৰা হৈছিল । তানত্ৰেৰ মৃত্যুৰ পাছত পৰা খান সন্ত্ৰাসবাদত সক্ৰিয় হৈ পৰে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com