ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰাত নাম বাদ পৰা সকলৰ বাবে বায়োমেট্ৰিক ব্যৱস্থা কৰিব অসম চৰকাৰে

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰাত নাম বাদ পৰা সকলৰ বাবে বায়োমেট্ৰিক ব্যৱস্থা কৰিব অসম চৰকাৰে

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পূৰ্ণ খচৰাত নাম অন্তৰ্ভূক্ত নোহোৱা যিসকলে লোকে পৰবৰ্তী পৰ্য্যায়ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নিজৰ নাম অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন কৰিছে বা আবেদন কৰিব সেইসকল লোকৰ বাবে অসম চৰকাৰে বায়োমেট্ৰিক এনৰ'লমেণ্টৰ ব্যৱস্থা কৰিব। সম্পূৰ্ণ নাগৰিক পঞ্জীত নাম অন্তৰ্ভূক্ত নহব পৰা লোক সকলৰ ক্ষেত্ৰত সঠিক ন্যায় প্ৰদানৰ লক্ষ্যৰে অসম চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। দিশপুৰে ইউডিএআই (UDAI)ৰ লগত সহযোগিতাৰে এই কাম সম্পন্ন কৰিব বুলি প্ৰকাশ কৰিছে।

এই বায়োমেট্ৰিক পঞ্জীয়ণ ব্যৱস্থা সমূহ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দাবী আৰু আপত্তিৰ শুনানি গ্ৰহণ কৰিব লগা কেন্দ্ৰ সমূহত স্থাপন কৰিব আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কতৃপক্ষই বায়োমেট্ৰিক পঞ্জীয়ণৰ পিছতহে শুনানি গ্ৰহণ কৰিব। দিশপুৰত অলপতে ৰাজ্যিক মূখ্য সচিৱ আলোক কুমাৰৰ সভাপতিত্বত গৃহ আৰু ৰাজনৈতিক বিভাগ, প্ৰশাসনিক বিভাগ আৰু ইউডিএআইৰ শীৰ্ষ বিষয়াৰে এই সম্পৰ্কে এখন বৈঠক অনুষ্ঠিত হয় আৰু বৈঠকত কেনেদৰে আবেদন কাৰী সকলৰ বাবে বায়োমেট্ৰিক পঞ্জীয়ণ কৰা হব আদি দিশৰ ওপৰত আলোচনা কৰা হয়। ৰাজ্যত প্ৰায় ১৯ লাখ লোকে নিজৰ নাম সম্পূৰ্ণ এনআৰচিত অন্তৰভূ্ক্ত কৰাৰ বাবে দাবী জনাইছে কিন্তু ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কতৃপক্ষই শুক্ৰবাৰলৈ মাত্ৰ ২৮৯ জন নাম অন্তৰ্ভূক্ত নোহোৱা লোকৰ আবেদনহে লাভ কৰিছে। নাগৰিক পঞ্জীত নাম অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন কাৰী সকলৰ প্ৰথমে পৃথক পঞ্জীয়ণ সংখ্যা থাকিব আৰু সম্পূৰ্ণ এন আৰ চিত যদিহে আবেদন কাৰী গৰাকীৰ নাম অন্তৰ্ভূক্ত হয় তেন্তে সাধাৰণ আধাৰ সংখ্যাৰে তেওঁলোক দেশৰ প্ৰকৃত বাসিন্দা হিচাপে স্বীকৃত হব।

বায়োমেট্ৰিক পঞ্জীয়ণৰ মূল উদ্দেশ্য হ'ল দাবী আৰু আপত্তিৰ আবেদন কাৰী সকলৰ বিষয়ে এক সাধাৰণ তথ্য প্ৰস্তুত কৰা কাৰণ এতিয়ালৈ দিল্লী আৰু দিশপুৰ চৰকাৰে ভবিষ্যতে কোনবোৰ লোকৰ নাম মূল নাগৰিক পঞ্জীৰ পৰা বাদ পৰিব এই সম্পৰ্কে একো সিদ্ধান্ত গ্ৰহণ কৰা নাই।উচ্চতম ন্যায়ালয়ে ইতিমধ্যে দাবী আৰু আবেদন কাৰী সকলৰ কৰাণে বায়োমেট্ৰিক পঞ্জীয়ণ ব্যৱস্থাৰ সিদ্ধান্তত অনুমোদন জনাইছে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com