ইয়াত কেইগৰাকীমান অতি বিখ্যাত ভাৰতীয় তাৰকাৰ বিষয়ে উল্লেখ কৰা হৈছে ৷ তেওঁলোকক ব্যতিক্ৰমতা প্ৰদান কৰা ৰাশিঃ
বিৰাট কোহলীঃ
ভাৰতীয় ক্ৰিকেটৰ এদিনীয়া আন্তৰ্জাতিক আৰু টেষ্ট দলৰ অধিনায়ক বিৰাট কোহলীৰ জন্ম হয় ১৯৮৮ৰ ৫ নৱেম্বৰত ৷ কোহলীৰ ৰাশি হৈছে বৃশ্চিক। নিঃসন্দেহে ক’ব পাৰি যে কোহলী কেৰিয়াৰকলৈ অধিক ব্যস্ত থাকে ৷
কে এল ৰাহুলঃ
টি-২০ৰ ভাৰতীয় দলৰ উপ-অধিনায়ক কে এল ৰাহুলৰ ৰাশি হৈছে মেষ ৷ মেষ ৰাশিৰ ব্যক্তিসকলৰ মন শীতল হৈ থাকে আৰু তেওঁলোকে খুজি-মাগি কিবা লোৱাতকৈ নিজে আহৰণ কৰাৰ চেষ্টা কৰে ৷
মহেন্দ্ৰ সিং ধোনীঃ
ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ এদিনীয়া আৰু টি-২০ দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ ৰাশি হৈছে কৰ্কট ৷ এই ৰাশিৰ ব্যক্তিসকল গতিশীল ব্যক্তিত্বসম্পন্ন হয় ৷
ৰোহিত শৰ্মাঃ
ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ এদিনীয়া আন্তৰ্জাতিকৰ উপ-অধিনায়ক ৰোহিত শৰ্মাৰ ৰাশি হৈছে বৃষ ৷ তেওঁৰ সিদ্ধান্ত কাচিতহে ভুল হয় ৷
শচীন তেণ্ডুলকাৰঃ
ক্ৰিকেটৰ ভগৱানৰূপে খ্যাত শচীন তেণ্ডুলকাৰৰ ৰাশি হৈছে বৃষ ৷ তেণ্ডুলকাৰৰ জন্ম হয় ১৯৭৩ৰ ২৪ এপ্ৰিলত ৷