অনুষ্কা শৰ্মাৰ “ অনুষ্কা" নামৰ নিজা প্ৰযোজনা সংস্থা আৰু নাশ্ব নামৰ এটা কাপোৰৰ প্ৰতিষ্ঠান আছে ৷ তদুপৰি তেওঁৰ স্বামী বিৰাট কোহলীৰ ব্যৱসায়তো বিনিয়োগ আছে ৷
প্ৰিয়ংকা চোপ্ৰা জোনছ
প্ৰিয়ংকা চোপ্ৰাৰ নিউয়ৰ্কত ছ’না নামৰ ৰেস্তোঁৰা আছে। তদুপৰি তেওঁৰ বাম্বলেতো ভাল বিনিয়োগ আছে ৷ প্ৰিয়ংকাই এন’মেলী হেয়াৰ কেয়াৰ নামৰ এটা প্ৰতিষ্ঠান, বহুসংখ্যক ৰিয়েল ইষ্টেট প্ৰকল্পটো বিনিয়োগ কৰিছে ৷ তেওঁৰ এটা প্ৰযোজনা সংস্থাও আছে ৷
আলিয়া ভাটঃ
ক্যাটৰিনা কাইফৰ দৰে আলিয়া ভাটৰো নায়কা প্ৰতিষ্ঠানত বিনিয়োগ আছে ৷ তদুপৰি তেওঁৰ ফেশ্বন ষ্টাৰ্ট-আপ ষ্টাইল ক্ৰেকাৰ, আই আই টি-কাণপুৰৰ পৃষ্ঠপোষকতাপ্ৰাপ্ত Phool.co নামৰ এটা ষ্টাৰ্টআপ আৰু শিশুৰ বহনক্ষম পোচাক প্ৰস্তুতকৰ্তা Ed-a-mamaতো বিনিয়োগ আছে ৷ phoo.co-এ ফুলৰ পেলনীয়া অংশৰ পৰা ধূপকাঠি তৈয়াৰ কৰে ৷
মালাইকা অৰোৰাঃ
“দ্য লেবেল লাইফ" নামৰ এটা ফেশ্বন প’ৰ্টেলৰ সহঃস্বত্বাধিকাৰী হৈছে মালাইকা অৰোৰা ৷ তদুপৰি তেওঁ SARVA yoga আৰু N.U.D.E Bowls নামৰ এটা ফুড ডেলিভাৰী প্ৰতিষ্ঠানৰ সহ:প্ৰতিষ্ঠাপক।
সোনম কাপুৰ আহুজাঃ
সোণম কাপোৰ আহুজাৰ ৰীচন নামৰ এটা পোচাকপাতিৰ প্ৰতিষ্ঠান আছে ৷ তদুপৰি তেওঁৰ ভগ্নী ৰীয়া কাপুৰৰ সৈতে এটা প্ৰযোজনা সংস্থাও আছে ৷
সুস্মিতা সেনঃ
সুমিতা সেনৰ “তন্ত্ৰ এণ্টাৰটেইনমেণ্ট" নামৰ এটা প্ৰযোজনা কোম্পানী আছে ৷ তদুপৰি তেওঁৰ ডুবাইত এখন আ-অলংকাৰৰ খুচুৰা বিপণী আছে ৷ সুস্মিতা সেনৰ ভাৰতত কে’বাখনো হোটেল আৰু স্পাও আছে ৷
মাধুৰী দীক্ষিত নেনেঃ
মাধুৰী দীক্ষিত নেনেৰ এখন অনলাইন নৃত্য শিক্ষানুষ্ঠান আছে ৷ তদুপৰি তেওঁ “ আৰ এন এম ম’ভিং পিকচাৰ্ছ" নামৰ প্ৰযোজনা কোম্পানীৰ সহঃপ্ৰতিষ্ঠাপকো ৷ ক’ৰনা মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ আগৰে পৰা তেওঁ এই অনলাইন নৃত্য প্ৰতিষ্ঠান পৰিচালনা কৰি আহিছে ৷
শিল্পা শেট্টী কুণ্ডাঃ
যোগচৰ্চাৰ ডিভিডি বিক্ৰীৰ জৰিয়তে এতিয়াও শিল্পা শেট্টী কুণ্ডাই ভাল আয় কৰি আছে ৷ তদুপৰি তেওঁৰ ভালেকেইখন অত্যাধুনিক স্পা আছে ৷ শিল্পা শেট্টীৰ পাৰফিউমৰ প্ৰতিষ্ঠানো আছে আৰু তেওঁৰ আই পি এলৰ ফ্ৰেনচাইজীও আছে ৷