আপোনাৰ প্ৰত্যাশা কম হ’লে সঁচা প্ৰেম পাব ৷ পৰিয়ালৰ কোনো সদস্যই আপোনাৰ এই প্ৰেমৰ বাট মুকলি কৰি দিব পাৰে ৷ আপুনি এই ব্যক্তিজনৰ প্ৰেম পাবলৈ যথেষ্ট কষ্ট কৰিব ৷ আপুনি নতুন প্ৰকল্প হাতত ল’ব ৷ আপুনি হাতত লোৱা কাম শেষ নকৰালৈকে জিৰণি নল’ব ৷ ভৱিষ্যতকলৈ আপোনাৰ আশা থাকিব ৷
বৃষ : (২১ এপ্ৰিল - ২১ মে’)
সকলো বৈপৰীত্যৰ বিপৰীতে আপোনাৰ প্ৰেমিক বা প্ৰেমিকা আপোনাৰ কাষত থিয় দি থাকিব ৷ আপুনি পাই থকা ধাৰাবাহিক সমৰ্থনে কথা-বতৰাবোৰ সঠিক কৰি তুলিব ৷ আপুনি দৈনন্দিন সূচী অনুসৰি কাম কৰিব ৷ আপোনাৰ প্ৰতিভা প্ৰতিফলিত হ’ব ৷ আপোনাৰ কঠোৰ পৰিশ্ৰম সমাদৃত হ’ব ৷ আপুনি সঠিক দিশত আগবাঢ়িব ৷
মিথুন : (২২ মে’ - ২১ জুন )
আজিৰ দিনটো আপোনাৰ বাবে প্ৰেম-ৰোমান্সৰ ক্ষেত্ৰত ভাল ৷ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাক ব্যস্ত কৰি ৰাখিব আৰু আপোনাৰ বাবে বহুখিনি কৰিব ৷ আপোনাৰ প্ৰেম লাহে লাহে বৃদ্ধি পাব আৰু আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত আনন্দ-স্ফূৰ্তি কৰি সময় অতিবাহিত কৰিব ৷ আপুনি চাকৰিৰ নতুন সুযোগ পাব ৷ আপুনি নতুন আশাৰ বাট দেখিব ৷ আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গ আপোনাকলৈ সম্পূৰ্ণৰূপে সুখী হ’ব ৷ আপুনি সন্তুষ্ট হ’ব ৷
কৰ্কট : (২২ জুন - ২২ জুলাই)
আপোনাৰ পেচাগত কামৰ বাবে আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত সময় অতিবাহিত কৰাত বাধা পাব ৷ অৱশ্যে আপোনালোক দুয়োজনে বুজাবুজিৰ মাজেৰে কাম কৰিব ৷ ইয়ে এতিয়া আপোনালোক দুয়োজনকে সুখী কৰিব ৷ আপুনি স্থাৱৰ সম্পত্তিত ধন বিনিয়োগ কৰিব পাৰে ৷ আপোনালৈ ধনৰ আগমন ঘটিব কিন্তু খৰচ অত্যধিক হ’ব ৷ আপোনাৰ ব্যৱসায়িক পৰিকল্পনা সম্পূৰ্ণ হ’ব।
সিংহঃ (২৩ জুলাই - ২৩ আগষ্ট)
আপুনি লক্ষ্য কৰিব যে কোনোবাই আপোনাৰ বৰ্তমানৰ প্ৰেম-ৰোমান্সৰ ক্ষেত্ৰত আউল লগাব বিচাৰিছে ৷ আনে কোৱা কথাৰ দ্বাৰা প্ৰভাৱান্বিত নহ’ব ৷ মাথোঁ আপোনাৰ নিজৰ বিচাৰ-বুদ্ধিক গুৰুত্ব দিব ৷ আপুনি আপোনাৰ ঘনিষ্ঠ বন্ধু-বান্ধৱক সহায় কৰিব ৷ আপোনাৰ কাৰ্যালয়ত আপোনাকলৈ আপোনাৰ মুৰব্বী বিষয়া আৰু জ্যেষ্ঠ কৰ্মচাৰীসকল সুখী হ’ব ৷ আপুনি আপোনাৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হ’ব ৷
কন্যা : (২৪ আগষ্ট - ২২ ছেপ্টেম্বৰ)
অধিক দুঃশ্চিন্তাই আপোনাক প্ৰেম-জীৱনত মনোনিৱেশ কৰাৰ পৰা আঁতৰাই ৰাখিব ৷ আপুনি অনুভৱ কৰিব যে আপোনাৰ প্ৰেমিক বা প্ৰেমিকা আপোনাৰ পৰা কিছু দূৰলৈ আঁতৰি গৈছে আৰু ইয়ে আপোনাৰ মনত অশান্তি দিব পাৰে ৷ আপুনি কামৰ হেঁচা অতিক্ৰম কৰিব ৷ আপোনাৰ আয় ভাল হ’ব ৷ আপুনি সততা আৰু উৎসৰ্গিত মানসিকতাৰে দৰিদ্ৰ-নিচলা ব্যক্তিক সহায় কৰিব ৷
আপুনি কথা-বতৰাবোৰৰ সৈতে চামিল হ’বলৈ লওঁতে নিজৰ সামৰ্থ্যক লৈ সন্দেহ কৰিব ৷ আপোনাৰ সামৰ্থ্যকলৈ সৃষ্টি হোৱা সন্দেহ দূৰ কৰাৰ বাবে আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত কথাবোৰ আলোচনা কৰা ভাল হ’ব ৷ যাতে দুয়োজনৰ মাজত কোনো ভুল বুজাবুজিৰ সৃষ্টি নহয়। আপুনি আপোনাৰ সন্তানৰ প্ৰয়োজনীয়তাৰ প্ৰতি চকু ৰাখিব ৷ আপুনি অনুভৱ কৰিব যে তেওঁলোকে অধ্যয়নক অৱহেলা কৰিছে ৷ আপুনি আপোনাৰ সন্তানক জ্ঞানেৰে সমৃদ্ধ কৰি ডাঙৰ কৰিব আৰু মাৰ্জিত ব্যৱহাৰ শিকাব ৷
ধনু : (২৩ নৱেম্বৰ - ২১ ডিচেম্বৰ)
অতীতৰ এটা তিক্তকৰ অভিজ্ঞতাই আপোনাক সুযোগ পায়ো নতুনকৈ প্ৰেমৰ সম্পৰ্ক গঢ়াত বাধা দিব ৷ আপুনি সৃষ্টি কৰি লোৱা খোলাৰ পৰা ওলাই অহাৰ চেষ্টা কৰক আৰু জীৱন উপভোগ কৰক ৷ সময় আপোনাৰ অনুকূল ৷ আপুনি কিছু সৰু-সুৰা ৰোগত আক্ৰান্ত হ’ব পাৰে ৷ আপোনাৰ বিত্তীয় সমস্যা দূৰ হ’ব ৷ আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুন কৌশল অৱলম্বন কৰিব ৷
মকৰ : (২২ ডিচেম্বৰ - ২০ জানুৱাৰী)
আপুনি সৌহাৰ্দ্যপূৰ্ণতাৰে মানুহৰ লগত ভাব বিনিময় কৰিব আৰু ইয়াৰ ইতিবাচক সঁহাৰি পাব ৷ সম্পূৰ্ণ হৈ উঠাৰ সময়ত কোনো কাম শেষ মুহূৰ্তত বাধাগ্ৰস্ত হ’ব ৷ আপোনাৰ খং-ক্ষোভৰ বাবে আপোনাৰ কথা আৰু আবেগ-উদ্দীপনা বাধাগ্ৰস্ত হ’ব ৷ আপুনি আপোনাৰ স্বাৰ্থ আৰু কাম বিচক্ষণতাৰে সুৰক্ষিত কৰাৰ প্ৰয়োজন ৷
কুম্ভঃ (২১ জানুৱাৰী -১৮ ফেব্ৰুৱাৰী)
আপুনি আপোনাৰ আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ বাবে সৌভাগ্য নিৰ্মাণ কৰিব ৷ আপোনাৰ মনত বিয়াৰ ভাৱনাৰ সৃষ্টি হ’ব আৰু ইয়ে আপোনাৰ জীৱন অধিক সুৰক্ষিত কৰা যেন অনুভৱ কৰিব ৷ ৷ আপুনি কোনো ষড়যন্ত্ৰৰ বলি বা ভুক্তভোগী হ’ব পাৰে ৷ আপুনি আপোনাৰ কাম বা দৃষ্টিভংগীৰ ক্ষেত্ৰত সাহসী আৰু নিৰ্ভয় হ’ব ৷
মীন: (১৯ ফেব্ৰুৱাৰী -২০ মাৰ্চ)
আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত সৈতে কমকৈ কথা পতা বা একেবাৰে কথা নপতাটোৱে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব আৰু প্ৰেমৰ সম্পৰ্কলৈ ভাবুকি কঢ়িয়াব ৷ মসৃণ পথেৰে জীৱন অগ্ৰসৰ হ’ব। আপোনাক আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাক আনন্দিত আৰু সন্তুষ্ট কৰি ৰাখিব ৷ আপুনি ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰা লক্ষ্য আৰু উদ্দেশ্যত আপুনি উপনীত হ’ব পাৰিব ৷