মেষ : (২১ মাৰ্চ- ২০ এপ্ৰিল)
আপুনি যি কামেই নকৰক কিয়. তাতে সফলতা পাব। আপোনাৰ জীৱনত এটা স্থিৰতা থাকিব। ৷ আপুনি চিধা-চিধি হোৱাৰ আৰু খুলা-খুলিকৈ কথা কোৱাটো জ্ঞানীৰ কাম নহ’ব । আপুনি আপোনাৰ কাম কৰাৰ আন পথো আছে। আপুনি অতি জনপ্ৰিয় হৈ উঠিব। আপোনাৰ সফলতাত কিছু লোক ঈৰ্ষান্বিত হ’ব। আপুনি এটা বিতৰ্কত সাঙোৰ খাব পাৰে আৰু তাৰ পৰা ওলাই অহাটো কঠিন হব পাৰে। কিন্তু এজন প্ৰভাৱশালী ব্যক্তিয়ে সময়ত কৰা সহায়ে আপোনাক সহায় কৰিব। আপোনাৰ স্বামী বা পত্নীৰ লগত আপোনাৰ সম্পৰ্ক মধুৰ হৈ থাকিব। আপোনাৰ পাৰিবাৰিক সমস্যা সমাধান হব। আপুনি আনৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিবলৈ আগ্ৰহী হৈ উঠিব। অৱশ্যে পৰিয়ালৰ সদস্যবৰ্গই আপোনাক যথেষ্ট আদৰ-সন্মান কৰিব। আপুনি ধনৰ ব্যয় নিয়ন্ত্ৰণত ৰখাৰ প্ৰয়োজন।
বৃষ: (২১ এপ্ৰিল – ২১ মে’)
এই সপ্তাহটো আপোনাৰ বাবে শান্তিপূৰ্ণ সপ্তাহ হব। আপুনি কৰ্ম-আঁচনিৰ প্ৰতি মনোয়োগ দিব আৰু কামত সফলতা অৰ্জন কৰিব। আপুনি আপোনাৰ কাম এটা মিছনৰ ৰূপত সম্পন্ন কৰিব। আপুনি অতি দায়িত্বশীল হব আৰু দায়িত্ব যথাযথভাবে সম্পাদন কৰিব। ভাই-ভনীৰ মাজত সুন্দৰ বুজাপৰা তথা বান্ধোন থাকিব। এই সময়ছোৱা আপোনাৰ বাবে ভাল। আপোনাৰ জীৱনসংগীয়ে আপোনাক সহায় কৰিব। আপুনি আপোনাৰ পৰিয়ালত প্ৰিয়পাত্ৰ হৈ উঠিব। আপুনি চাকিৰ বা ব্যৱসায়ত সুযোগ লাভ কৰিব। আপোনাৰ বাবে এই সময় হৈছে লাভ অৰ্জনৰ সময়। আপুনি প্ৰেম-ৰোমান্সক লৈ ব্যস্ত থাকিব। অ-বিবাহিতসকলে উপযুক্ত পাত্ৰ বা পাত্ৰীৰ পৰা বিয়াৰ প্ৰস্তাৱ লাভ কৰিব। আপুনি মানসিক শান্তি পাব। অৱসাদৰ পৰা পৰিত্ৰাণৰ বাবে আপুনি কম দূৰত্ব ভ্ৰমণৰ আঁচনি ল’ব ৷
মিথুন : (২২ মে’ -২১ জুন)
এই সপ্তাহটো আপোনাৰ বাবে এটা আশ্বৰ্যকৰ সপ্তাহ হব। । আপুনি অনেক নতুন ব্যক্তিৰ লগত সম্পৰ্ক গঢ়ি তুলিব আৰু দীৰ্ঘম্যাদী ভিত্তিত এনে সম্পৰ্ক ফলদায়ক প্ৰমাণিত হব। আপোনাৰ ব্যৱসায়ৰ বাতাবৰণ অনুকূল হব । আপোনাৰ বিত্তীয় অৱস্থা শক্তিশালী হোৱাৰ দিশত অগ্ৰসৰ হৈছে। আপুনি আপোনাৰ কামত ব্যস্ত থাকিব। আপুনি আকস্মিকভাবে এটা পদোন্নতি লাভ কৰিব। আপোনাৰ পুৰণি প্ৰেমিক বা প্ৰেমিকাৰ সৈতে ঘটা সাক্ষাতে আপোনাৰ হৃদয়ত আলোড়ন তুলিব আৰু আপুনি স্মৃতিৰ মাজত নিজক হেৰুৱাই পেলাব। আপোনাৰ সম্পত্তিৰ সৈতে জড়িত বিবাদ নিষ্পত্তি হব। আপুনি দায়িত্বৰ পৰা পলায়ন নকৰে আৰু সকলোকে লগত লৈ অগ্ৰসৰ হব। আপুনি আগ্ৰাসী হব আৰু অধ্যয়নত প্ৰগতি সাধন কৰিব আৰু ভাল ফলাফল পাব।
কৰ্কট : (২২ জুন -২২ জুলাই)
এই সময়ছোৱা হৈছে আপোনাৰ সপোনাক বাস্তৱ ৰূপ দিয়াৰ সময়। আপুনি জীৱনত অগ্ৰসৰ হোৱাৰ সুযোগ লাভ কৰিব। প্ৰকৃতিৰ কোলাত সময় অতিবাহিত কৰাৰ বাবে এয়াই উপযুক্ত সময়। আপুনি আপোনাৰ পৰিয়ালৰ লগত এনেদৰে সময় অতিবাহিত কৰিব পাৰে। আপুনি অতি সাৱধানেৰে কাম কৰিব। আপোনাৰ শত্ৰুৱে আপোনাৰ ক্ষতি কৰিবলৈ স৭ম নহব। আপুনি আপোনাৰ পিতৃ-মাতৃ আৰু পত্নীৰ লগত সময় অতিবাহিত কৰিব। আপুনি ভুল কাম কৰাৰ পৰা আঁতৰি থকাৰ প্ৰয়োজন। আপোনাৰ বাবে এই সপ্তাহ অতি ভাল সপ্তাহ। আপোনাৰ আকাংক্ষিত কাম সম্পূৰ্ণ হৈ উঠিব। আপুনি ব্যক্তিগত কথা গোপনে ৰাখিব ৷
সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)
আপুনি এটা ভাল খবৰ পোৱাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ স্পৃহা-উদ্যম তুংগত উঠিব। উঠিব। আপুনি ব্যৱসায়ৰ কামত বিদেশলৈ যাবলৈও পৰিকল্পনা কৰিব । আপোনাক আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গই প্ৰশংসাৰে ওপচাই পেলাব। ভাগ্য আপোনাৰ অনুকূলে থাকিব। সময় আপোনাৰ বাবে সুবিধাদায়ক । পৰিস্থিতিগত সকলো কথা-বাৰ্তাই আপোনাৰ নিয়ন্ত্ৰণত থাকিব। পুৰণি তিক্ততা দূৰ হব। আপুনি জীৱনত নতুন আশা দেখিব। আপুনি কাম বা ব্যৱসায়ত আনতকৈ আগত থাকিব। আপুনি কাম আৰু বিশ্ৰামৰ মাজত ভাৰসাম্য স্থাপন কৰিবলৈ সক্ষম হব। আপোনাৰ স্বাস্থ্য সুন্দৰ হৈ থাকিব। আপোনাৰ আত্মবিশ্বাস তুংগত থাকিব। আপুনি আপোনাৰ আকাংক্ষিতজনক লগ পাব ৷
কন্যা : (২৪ আগষ্ট-২২ ছেপ্টেম্বৰ)
আপুনি এতিয়া না কোৱাৰ কথাও শিকিব লাগিব। নিজকে পুনৰুজ্জীৱিত কৰাৰ বাবে এক চুটি ভ্ৰমণত যোৱাৰ পৰিকল্পনা কৰিব। আপুনি নিজৰ পচ্ছন্দ অনুসৰি কাম কৰিব আৰু প্ৰিয় খাদ্য খাব। গৃহিণীসকলে নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰিবলৈ সক্ষম হব। আপোনাৰ বিনিয়োগে ভাল লাভ দিব। আপোনাৰ সকলো অৰ্ধ-সম্পূৰ্ণ কাম সম্পূৰ্ণ হৈ উঠিব। যুৱক-যুৱতীসকলে নিজৰ লক্ষ্যত উপনীত হোৱাৰ চেষ্টা কৰিব। প্ৰতিবেশীৰ লগত আপোনাৰ বিবাদ নিষ্পত্তি হব। আপোনাৰ কামক লৈ আপোনাৰ উৰ্ধতন বিষয়াবৰ্গ সন্তুষ্ট হব। আপুনি নতুন কাপোৰ আৰু গহণা ক্ৰয় কৰিব পাৰে।আপুনি সঠিক-শুদ্ধ কাম কৰিব আৰু নিজৰ লক্ষ্যত উপনীত হ’ব ৷
তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)
আপোনাক আপোনাৰ ইতিবাচক দৃষ্টিভংগীয়ে জীৱনত আগুৱাই নিব। আপুনি জীৱনত সফলতা অৰ্জন কৰিব আৰু ভাল কথা আয়ত্ব কৰিব। প্ৰযুক্তিবিদ্যা আৰু সংবাদ মাধ্যমৰ সৈতে জড়িতসকলে সফলতা অৰ্জন কৰিব। আপুনি দৃঢ়তা আৰু সংবেদনশীলতাৰে কাম সম্পূৰ্ণ কৰিব। আপোনাৰ সফলতাৰ গতি ধীৰ হব। আপোনাৰ আয় বৃদ্ধি পাব। আপুনি অনেক মানুহৰ সংযোগত থাকিব। আপুনি এই সময়ছোৱাত এজন বিশেষ ব্যক্তিকো লগ পাব, যিজনে আপোনাৰ সফলতাৰ দুৱাৰ মকলি কৰি দিব। আপোনাৰ ঘৰুৱা বিবাদো দূৰ হব। আপোনাৰ বিয়া নিশ্চিত হব পাৰে। কোনো মাংগলিক কামৰ বাবে আপুনি পৰিকল্পনা বাস্তৱায়িত হব পাৰে। আপুনি বিপৰীত লিংগৰ প্ৰতি আকৰ্ষিত হব।
বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)
এই আপোনাৰ ক্ষেত্ৰত অনেক ইতিবাচক ঘটনা সংঘটিত হব। এই সপ্তাহ আপোনাৰ বাবে অনুকূল সপ্তাহ হ’ব৷ ধনৰ সৈতে জড়িত বিষয়ত আপুনি সফল হ’ব ৷ আপুনি ধনৰ লাভ অৰ্জন কৰিব। আপুনি ব্যৱসায়ত এটা ডাঙৰ সম্প্ৰসাৰণ ঘটাব। আপুনি এটা ভাল চাকৰিৰ প্ৰস্তাৱ পাব। আপুনি মানসিকভাবে শক্তিশালী আৰু সক্ৰিয় হৈ থাকিব। আপুনি আধ্যাত্মিকতৰা প্ৰতিও ঢাল খাব। আপোনাৰ মনত নতুন বিষয়ৰ প্ৰতি আগ্ৰহৰ সৃষ্টি হব আৰু নিজৰ জীৱন উপভোগ কৰিব। প্ৰেম-ৰোমান্সৰ বাবে আপোনাৰ ব্যক্তিগত জীৱন শীতল হৈ পৰিব। আপুনি এখন নতুন বাহন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাক কোনো কথা ক’বলৈ বিচাৰিব পাৰে। কথা-বতৰাবোৰ আপোনাৰ অনুকূলে।
ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)
এই সপ্তাহত আপুনি সফলতাৰে ধন অৰ্জন কৰিব ৷ ভাগ্যই আপোনাক আকৌ কৃপা কৰিব ৷ আইন-কানুনৰ সৈতে জড়িত বিযয়ত আপুনি জয়লাভ কৰিব। আপোনাৰ পৰিয়ালত সম্পত্তিৰ ভাগ বিতৰণ হোৱাৰ প্ৰবল সম্ভাৱনা আছে। আপুনি প্ৰেম-ৰোমান্সত সফলতা অৰ্জন কৰিব। প্ৰেমিক-প্ৰেমিকাসকলে সুন্দৰ সময় অতিবাহিত কৰিব। আপোনাৰ আয় বৃদ্ধি পাব। আপুনি উচাংগ হ’বলৈ বিচাৰিব আৰু আপোনাৰ সংগীয়ে আপোনাৰ যতন লোৱাটো বিচাৰিব। আপুনি নিশ্চয়তা নিশ্চয়তা বিচাৰিব। কাৰণ আপুনি লক্ষ্য হৈ পৰাৰ কথা চিন্তা কৰিবলৈ নাপাব। আপোনালৈ ধন-সম্পদৰ আগমন অব্যাহত থাকিব।
মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)
এই সময়ছোৱা আপুনি সুন্দৰভাবে অতিবাহিত কৰিব ৷ ভাগ্যই আপোনাক কৃপা বৰষি আছে ৷ আপুনি আপোনাৰ কাম অতি উৎসাহ আৰু তৎপৰতাৰে কৰিব ৷ আপুনি মানুহক সুন্দৰ ব্যৱহাৰ কৰিব ৷ আপুনি আপোনাৰ মুৰব্বী বিষয়াৰ পৰা প্ৰশংসা অৰ্জন কৰিব। আপোনাক অতিৰিক্ত দায়িত্বও দিয়া হব পাৰে। গৃহিণীসকলে নতুন ৰেচিপি তৈয়াৰৰ কৌশল আহৰণ কৰিব। এই উদ্দেশ্য তেওঁলোকে ইণ্টাৰনেট আৰু ইউটিউবৰ সহায় লব। আপুনি বিত্তীয় লাভ অৰ্জন কৰিব। আপোনৰ উৰ্ধতন বিষয়াই আপোনাক অতিৰিক্ত দায়িত্ব দিব। আপুনি মানুহৰ কল্যাণৰ বাবেও কিছু কাম কৰিব। আপুনি এজন পৰিচিত ব্যক্তিৰ প্ৰেমতো পৰিব পাৰে। আপোনাৰ আকাংক্ষা আৰু সপোনবোৰ পূৰণ হ’ব। আপোনাৰ আধৰুৱা কাম সোনকালে সম্পূৰ্ণ হৈ উঠিব। আপোনাৰ মন শান্তিৰে ভৰি
কুম্ভ : (২১ জানুৱাৰী- ১৮ ফেব্ৰুৱাৰী)
এই সপ্তাহতো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ সপ্তাহ হ’ব ৷ আপুনি আপোনাৰ সপোন পূৰণৰ বাবে যথেষ্ট কষ্ট কৰিব লাগিব ৷ আপুনি কোনো কামৰ নতুন অৰ্ডাৰো পাব। আপুনি সতৰ্ক হৈ থকাৰ প্ৰয়োজন, কাৰণ আপুনি কোনো কু-ষড়যন্ত্ৰৰ বলি হব পাৰে। সম্পত্তিক কেন্দ্ৰ কৰি আপোনাৰ পৰিয়ালৰ সদস্যৰ সৈতে থকা আপোনাৰ বিবাদ নিষ্পত্তি হব। কিন্তু আপুনি এটা উপায় বিচাৰি পাব। আপুনি আপোনাৰ প্ৰতিষ্ঠান আৰু কৰ্মচাৰীৰ ক্ষেত্ৰত এটা বৃহত্ পৰিৱৰ্তন সাধনো কৰিব। আপুনি ব্যয় সংকোচনত গুৰুত্ব দিব। আপুনি আপোনাৰ জীৱসংগীৰ সৈতে ভাল সময় উপভোগ কৰিব। আপোনাৰ জীৱন আনন্দ আৰু আশীৰ্বাদপূৰ্ণ মুহূৰ্তৰে ভৰি থাকিব । সন্তানৰ সৈতে জড়িত সমস্যা ভালেখিনি উপশম হব। আপুনি এটা সুস্থিৰ কেৰিয়াৰ লাভ কৰিব। কাৰণ আপোনাৰ মুৰব্বী আৰু জ্যেষ্ঠ কৰ্মচাৰীসকলৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল। আপুনি অধ্যয়ন আৰু গৱেষণাত সময় ব্যয় কৰিব।
মীন : (১৯ ফেব্ৰুৱাৰী- ২০ মাৰ্চ)
এই সপ্তাহত আপুনি ব্যৱসায় আৰু পেচাত সফলতা অৰ্জনৰ সম্ভাৱনা আছে ৷ আপোনাৰ ধন-সম্পদ বৃদ্ধি পাব ৷ আপুনি কৰা বিনিয়োগৰ পৰা লাভ অৰ্জন কৰিব ৷ আপুনি ধৰ্মীয় কাম-কাজৰ প্ৰতিও আকৰ্ষিত হ’ব ৷ আপোনাৰ মনত আধ্যাত্মিকতা গঢ়ি উঠিব আৰু পাৰ্থিৱতাৰ প্ৰতিও আপুনি আকৰ্ষিত হ’ব। আপোনাৰ প্ৰতিষ্ঠা, সন্মান আৰু গৌৰৱ বৃদ্ধি পাব। আপুনি আপোনাৰ আদৰ্শ আৰু মূল্যবোধৰ লগত আপোচ নকৰিব । আপুনি কাৰোবাৰ পৰা পাবলগা ধন দীৰ্ঘদিনৰ মূৰত পাব। যিমানেই চেষ্টা নকৰক কিয়, শত্ৰুৱে আপোনাক বশ কৰিবলৈ সক্ষম নহ’ব। আপোনাৰ সৃষ্টিশীল প্ৰতিভাক সকলোৱে প্ৰশংসা কৰিব । আপুনি আপোনাৰ শত্ৰু, বিৰোধী আদিৰ উদ্দেশ্যক লৈ সতৰ্ক হওক । আপুনি শক্তি আৰু সামৰ্থ সংঘবদ্ধ কৰিব।