আপুনি সম্ভৱত এনে সংকেত প্ৰেৰণ কৰিবলৈ ধৰিছে যে যিয়ে মানুহক আপোনাৰ প্ৰতি আকৰ্ষণ কৰাতকৈ আঁতৰাইহে পঠিয়ায় আপুনি আপোনাৰ লক্ষ্য-উদ্দেশ্যক লৈ অতি স্পষ্ট হ’ব লাগিব ৷ আপোনাৰ সহকৰ্মীৰ সৈতে সাধাৰণ কথাতে মতানৈক্য হ’ব পাৰে ৷ আপুনি আপোনাৰ সন্তানৰ ভৱিষ্যতক লৈ উদ্বিগ্ন হ’বলগা হ’ব পাৰে ৷
বৃষ : (২১ এপ্ৰিল - ২১ মে’)
আপুনি আজি অসুখী অনুভৱ কৰিব পাৰে ৷ কোনো সামাজিক অনুষ্ঠানত আপোনাৰ প্ৰিয়জনৰ সৈতে অংশ ল’ব ৷ পাৰিবাৰিক বিষয়কলৈ আপুনি দুঃশ্চিন্তাত থাকিব ৷ আপুনি কৰ্মস্থলীত নিজকে হীন বুলি অনুভৱ কৰিব ৷ বহু আলোচনা-বিলোচনাৰ পাছতহে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিব ৷
মিথুন : (২২ মে’- ২১ জুন )
আপোনাৰ প্ৰেমৰ সম্পৰ্কত বাদানুবাদৰ সৃষ্টি হ’ব পাৰে। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকা তেনে দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ ক’ব, যাতে সময় উপভোগ কৰিব পাৰে ৷ আপোনাৰ প্ৰগতিৰ পথ উজ্জ্বল ৷ আপুনি কৰ্মস্থলীত সুবিধাজনক স্থানত থাকিব ৷ আৰু আপুনি পদোন্নতিও পাব ৷
কৰ্কট: (২২ জুন- ২২ জুলাই)
আপোনাৰ সামাজিক চক্ৰ বৃদ্ধি পাব পাৰে আৰু আপুনি নতুন নতুন মানুহ লগ পোৱাৰ সুযোগ পাব আপোনালোকে পৰস্পৰৰ প্ৰতি অধিক মৰম-স্নেহ অনুভৱ কৰিব ৷ বিনিয়োগৰ পূৰ্বে ভালদৰে ভাবি-চিন্তি ল’ব ৷ অন্যথা আপোনাৰ ধন ক’ৰবাত আবদ্ধ হৈ পৰিব পাৰে ৷ আপুনি এটা ভাল খবৰ পাব। গভীৰভাবে ভাবি-চিন্তিহে কোনো ডাঙৰ সিদ্ধান্ত ল’ব ৷
সিংহ : (২৩ জুলাই - ২৩ আগষ্ট)
আপোনাৰ প্ৰেমৰ সম্পৰ্কত কিছু প্ৰতিবন্ধকতাৰ সৃষ্টি হ’ব পাৰে ৷ আজি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক সন্তুষ্ট কৰিবলৈ নিজৰ সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিব ৷ আপোনাৰ প্ৰেম মুক্তভাবে অগ্ৰসৰ হ’ব ৷ আপোনাৰ আয় বৃদ্ধি পাব। আপোনাৰ ওচৰত বহুত সমল থাকিব। আপুনি কামত সম্পূৰ্ণৰূপে নিমজ্জিত হ’ব। আপুনি আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠজনৰ যতন ল’ব।
কন্যা : (২৪ আগষ্ট- ২২ ছেপ্তেম্বৰ)
আপুনি প্ৰেমৰ সম্পৰ্ক গঢ়াৰ কঠোৰ চেষ্টা নচলা৷ কাৰণ ইয়ে কোনোবাজনক আতংকিত কৰিব পাৰে ৷ সামাজিক কাম-কাজৰ সৈতে জড়িত হ’ব ৷ ইয়ে আপোনাৰ মনত আনন্দৰ সৃষ্টি কৰিব আৰু আপুনি উৎসাহেৰে কামত জড়িত হ’ব ৷ আপুনি এজন প্ৰেৰণদায়ক ব্যক্তিক লগ আৰু তেওঁ আপোনাৰ সৌভাগ্যৰ দুৱাৰ মুকলি কৰিব ৷ আপোনাৰ বিত্তীয় অৱস্থা শক্তিশালী হ’ব ৷
তুলা : (২৩ ছেপ্তেম্বৰ- ২৩ অক্টোবৰ)
আপোনাৰ জীৱনসংগীয়ে মানসিক চাপৰ সৃষ্টি কৰিব পাৰে ৷ আপুনি আপোনাক সদায়ে সহায় কৰিবলৈ সাজু থকা আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা সহায় লওক ৷ আপুনি আজি কোনো প্ৰিয় স্থান ভ্ৰমণলৈ যাব আৰু তাৰ পৰাই কাম কৰিব ৷ আপোনাৰ সাহস আৰু শক্তি-সামৰ্থ বৃদ্ধি পাব ৷
বৃশ্চিক : (২৪ অক্টোবৰ- ২২ নৱেম্বৰ)
আপুনি কাৰোবাৰ আকাংক্ষিত হ’বলৈ সদায়ে বিচাৰে ৷ কিন্তু সম্প্ৰতি আপুনি অকলে থকাটো পচন্দ কৰিব ৷ এই ভ্ৰমণৰ সময়ত আপুনি আনন্দদায়ক প্ৰেম-ৰোমান্স উপভোগ কৰিব ৷ আপুনি প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত বহু কথা আলোচনা কৰিবলগীয়া আছে ৷ আপুনি অধিক লাভ অৰ্জন কৰাৰ সম্ভাৱনা আছে। আপোনাৰ সন্মান বৃদ্ধি পাব ৷ বিক্ৰেতাসকলৰ বাবে পৰিস্থিতি ভাল ৷ আপুনি যি কামেই নকৰক কিয়, তাতে সফলতা অৰ্জন কৰিব ৷
ধনু : (২৩ নৱেম্বৰ- ২১ ডিচেম্বৰ)
আপোনাৰ স্বাৰ্থপৰতা থাকিব আৰু আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকা আপোনাৰ লগত থকাটো বিচাৰিব ৷ আপুনি তেওঁৰ প্ৰস্তাৱ অস্বীকাৰ কৰিব। আপুনি শাৰীৰিকভাবে সক্ষম হৈ থাকিব ৷ আপুনি প্ৰেমত অনুভৱৰ ভাগ-বাটোৱাৰা কৰিব ৷ আপুনি হঠাতে দুৰ্ভাগ্য বহন কৰিবলৈ অপাৰগ হ’ব ৷ আপুনি সাৱধান হোৱা উচিত।
মকৰ : (২২ ডিচেম্বৰ - ২০ জানুৱাৰী)
আপুনি ৰূপকথাৰ সাধুৰ লেখীয়া প্ৰেম-ৰোমান্স বিচাৰিব পাৰে ৷ আজি কাৰ্যালয়ৰ সকলো কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম নহ’ব পাৰে আৰু আধৰুৱা কাম ঘৰলৈ আনিব। ইয়ে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক সন্তুষ্ট কৰিব ৷ কাৰণ তেওঁ আজি আপোনাক লগ কৰিবলৈ বিচাৰিব ৷
কুম্ভ: (২১ জানুৱাৰী- ১৮ ফেব্ৰুৱাৰী)
আপুনি বিচৰা ব্যক্তিজনকলৈ আপোনাৰ মনত ভুল ধাৰণা থাকিব ৷ আপুনি আপোনাৰ বন্ধুবৰ্গ আৰু সহকৰ্মীৰ পৰা প্ৰত্যাশিত সহায় পাব ৷ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আপুনি অধিক বিনয়ী আৰু মৃদুভাষী হ’ব লাগিব ৷ আজিৰ দিনটোত আপোনাৰ বহু ধন খৰচ হ’ব।
মীন : (১৯ ফেব্ৰুৱাৰী - ২০ মাৰ্চ)
প্ৰেমে আপোনাৰ জীৱনলৈ বহুখিনিয়েই আনিব ৷ আজি গোটেই দিন আপোনাৰ কাষত আপোনাৰ প্ৰেমিক বা প্ৰেমিকা থাকিব ৷ আপুনি নতুন সংযোগ স্থাপনত অতুলনীয়ভাবে পাৰদৰ্শী ৷ আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গৰ মাজত মৰম-স্নেহ থাকিব ৷ আপোনাৰ ঘৰলৈ আলহী-অতিথি আহিব আৰু ইয়ে সুন্দৰ পৰিৱেশ সৃষ্টি কৰিব ৷