আজিৰ অসম

বিৰাট কোহলীয়ে বিনিয়োগ কৰা ষ্টাৰ্ট-আপসমূহঃ

17 Nov, 2021
স্প’ৰ্ট কনভোঃ
ক্ৰিকেট তাৰকা বিৰাট কোহলীয়ে ২৫ বছৰ বয়সত লণ্ডনৰ ছোচিয়েল মিডিয়া ষ্টাৰ্ট-আপ স্প’ৰ্ট কনভোত বিপুল পৰিমাণৰ ধন বিনিয়োগ কৰে। এই ষ্টাৰ্ট-আপৰ জৰিয়তে সমগ্ৰ বিশ্বৰ ক্ৰীড়ানুৰাগীসকলে একেখন মঞ্চত সমবেত হব পাৰে আৰু নিজৰ নিজৰ প্ৰিয় খেলবিধৰ বিষয়ে কব পাৰে।
গেলাক্টাছ ফানৱেৰ টেকনোলজী প্ৰাইভেট লিমিটেডঃ
২০১৯ ৰ পৰা কোহলীয়ে গেলাক্টাছ ফানৱেৰ টেকনোলজী প্ৰাইভেট লিমিটেডত বিনিয়োগ কৰি আহিছে। মোবাইল প্ৰিমিয়াৰ লীগ(এম পি এল)ৰ মালিকীস্বত্ব গেলাক্টাছ ফানৱেৰ টেকনোলজী প্ৰাইভেট লিমিটেডৰ। সেয়ে কোহলী এক স্বাৰ্থ-সংঘাতত সোমাই পৰিছে।
ইউনিভাৰ্চেল স্পৰ্টছবিজ
প্ৰাপ্ত তথ্য অনুসৰি ২০২০ৰ অক্টোবৰত কোহলীয়ে ইউনিভাৰ্চেল স্পৰ্টছবিজ শীৰ্ষক ফেশ্বন ষ্টাৰ্ট-আপত ১৯. ৩০ কোটি টকা বিনিয়োগ কৰে। এই ষ্টাৰ্ট—পত শচীন তেণ্ডুলকাৰৰো বিনিয়োগ আছে বুলি কোৱা হয়। এই ষ্টাৰ্ট-আপে পূৰ্বে কোহলীৰ ফেশ্বন ব্ৰেণ্ড ৱৰংগনৰ বাবে সহযোগ কৰিছিল।
চিজেল ফিটনেছত
বাংগালুৰুস্থিত অন্যতম আকৰ্ষণীয় ষ্টাৰ্ট-আপ চিজেল ফিটনেছতো বিৰাট কোহলীৰ বিনিয়োগ আছে। ২০১৫ত কোহলীয়ে এই ষ্টাৰ্ট-আপত ৯০ কোটি টকা বিনিয়োগ কৰে। সমগ্ৰ ভাৰতত চিজেল ফিটনেছৰ জিমনেছিয়াম আছে।
ডিজিট
প্ৰাপ্ত তথ্য অনুসৰি ২০২০ত বিৰাট কোহলী আৰু তেওঁৰ পত্নী অনুষ্কা শৰ্মাই ডিজিট নামৰ ষ্টাৰ্ট-আপটোত ২.৫ কোটি টকা বিনিয়োগ কৰে। ইয়াৰ পৰিমাণ ২০২১ত ৩.৫ ডলাৰত পৰিণত হয়।