ৰাজ্যৰ ক্ৰিকেট কিংবদন্তী প্ৰবোধ চৌধুৰীৰ বিয়োগত শোক

যোৰহাটত জন্মগ্ৰহণ কৰা চৌধুৰীয়ে ১৯৫৯-৬০ আৰু ১৯৭৮-৭৯-ত ৰঞ্জী ক্ৰিকেট খেলিছিল ৷
ৰাজ্যৰ ক্ৰিকেট কিংবদন্তী প্ৰবোধ চৌধুৰীৰ বিয়োগত শোক

ৰাজ্যৰ ক্ৰিকেট কিংবদন্তী প্ৰবোধ চৌধুৰীৰ বিয়োগত বিভিন্নজনে শোকপ্ৰকাশ কৰিছে ৷ উল্লেখ্য যে দীঘলীয়া অসুস্থতাৰ অন্তত কালি চৌধুৰীয়ে চিৰদিনলৈ দুচকু মুদে ৷ দেৱাসানৰ সময়ত একালৰ কীৰ্তি ক্ৰিকেটাৰগৰাকীৰ বয়স হৈছিল ৮৩বছৰ ৷ তেওঁৰ মৃত্যুত অসম ক্ৰিকেট সংস্থা(এ চি এ)য়ো শোকপ্ৰকাশ কৰিছে ৷ চৌধুৰীলৈ শ্ৰদ্ধাঞ্জলী নিবেদন কৰি এ চি এৰ সম্পাদক দেৱজিত লন শইকীয়াই এটা টুইটত কয় যে অসম ক্ৰিকেটৰ আৰু এগৰাকী কিংম্বদন্তীয়ে ইহলীলা সামৰিলে৷ ৫৯-৭০ৰ দশকত তেওঁ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ আছিল ৷ তেওঁৰ মৃত্যুৱে ৰাজ্যৰ ক্ৰিকেট ক্ষেত্ৰত শূন্যতাৰ সৃষ্টি কৰিলে ৷ তেওঁৰ ক্ৰিকেটাৰ পুত্ৰ আৰু পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জনায় ক্ৰিকেট সংস্থাৰ সম্পাদকজনে।

উল্লেখ্য যে যোৰহাটত জন্মগ্ৰহণ কৰা চৌধুৰীয়ে ১৯৫৯-৬০ আৰু ১৯৭৮-৭৯-ত ৰঞ্জী ক্ৰিকেট খেলিছিল ৷ ৰঞ্জী ক্ৰিকেটত তেওঁ ১১খন মেচত ২৮টা উইকেট লৈছিল। তেওঁ ৰাজ্যৰ আনকেইগৰাকীমান কিংম্বদন্তী ক্ৰিকেটাৰ ক্ৰমে অৱনী হাজৰিকা, এম পি বৰুৱা, তপন বৰুৱা, আৰ বাদল ঠাকুৰ আদিৰ সম-সাময়িক আছিল ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com