পূৰ্বে কিয় মধুৰ নাছিল কৃষ্ণা অভিষেক-কপিল শৰ্মাৰ সম্পর্ক !

বহুতে নাজানে যে কপিল আৰু কৃষ্ণাৰ মাজত কিছু পৰিমাণে মনৰ মিল নাছিল ।
পূৰ্বে কিয় মধুৰ নাছিল কৃষ্ণা অভিষেক-কপিল শৰ্মাৰ সম্পর্ক !

টেলিভিছনৰ জনপ্ৰিয় কমেডি শ্ব'বোৰৰ অন্যতম হৈছে "দ্য কপিল শৰ্মা শ্ব" । অনুষ্ঠানটোত মনোৰঞ্জনৰ খোৰাক যোগায় জনপ্ৰিয় কৌতুক অভিনেতা ভাৰতী সিং, কৃষ্ণা অভিষেক, কিকু শাৰদা, কপিল শৰ্মাকে ধৰি আৰু আন বহুকেইগৰাকী কৌতুক অভিনেতা-অভিনেত্ৰীয়ে । অনুষ্ঠানটোৱে বিগত পাঁচ বছৰ ধৰি দৰ্শকক মনোৰঞ্জনৰ খোৰাক যোগাই ইতিবাচক সঁহাৰি লাভ কৰি আহিছে ।  যদিও টিভিৰ পৰ্দাত সকলোকে একেলগে দেখা পোৱা যায়, কিন্তু বহুতে নাজানে যে কপিল আৰু কৃষ্ণাৰ মাজত কিছু পৰিমাণে মনৰ মিল নাছিল ।

এই বিষয়ে অধিক জানিবলৈ পঢ়ক -

সম্প্ৰতি দুয়োজন কৌতুক অভিনেতাৰ মাজত এটা ভাল সম্পৰ্ক আছে, কিন্তু সেই সম্পৰ্ক পূৰ্বে এনে নাছিল। এটা পুৰণি সাক্ষাৎকাৰত কৃষ্ণাই কৈছিল , "মই কেতিয়াও নিজকে কপিলৰ সৈতে তুলনা নকৰোঁ। আমাৰ সম্পূৰ্ণ বেলেগ শৈলী(ষ্টাইল) আছে। কপিলে মাত্ৰ ৱান-লাইনাৰ দিয়ে, মই প্ৰদৰ্শন কৰোঁ। ব্যৱহাৰিক আৰু প্ৰকৃত ৰূপত ক'বলৈ গ'লে তেওঁ তেওঁৰ অনুষ্ঠানত এঘণ্টাৰ বাবে প্ৰদৰ্শন কৰে নেকি? মই এঘণ্টাৰ বাবে প্ৰদৰ্শন কৰো । এইটোৱেই আমাৰ মাজৰ পাৰ্থক্য।" "দ্য কপিল শৰ্মা শ্ব ২"ত স্বপ্নাৰ চৰিত্ৰত কৃষ্ণা অভিষেকৰ চৰিত্ৰটো দৰ্শকৰ দ্বাৰা যথেষ্ট প্ৰশংসিত হৈছিল । দুয়োজনেই অনুষ্ঠানটোত বহু আমোদ দিয়া কাম কৰি আছে, যাৰ বলত প্ৰতি সপ্তাহত বৃহৎ টিআৰপি লাভ কৰিছে । দৰ্শকসকলে তেওঁলোকৰ কৌতুক কৰা শৈলী, ৰসিকতাবোৰ ভাল পায়।

আনহাতে, কৃষ্ণাই তেওঁলোকৰ নিজ নিজ শ্ব'ৰ টিআৰপি ৰেটিংৰ ক্ষেত্ৰত দুয়োজনৰ মাজত হোৱা প্ৰতিদ্বন্দিতাৰ বিষয়ে বাতৰি প্ৰচাৰ হোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ।

এক কথাবার্তাত তেওঁ কয় , "আমি দুয়োজনেই বিচাৰিছিলো যে আমাৰ অনুষ্ঠানবোৰ সৰ্বশ্ৰেষ্ঠ হওক আৰু তালিকাত উচ্চ স্থান লাভ কৰক । সেই সময়ত তেওঁ বা মই যিয়েই নকওঁ, যেতিয়া মোৰ দেউতাৰ মৃত্যু হৈছিল, তেওঁ লগে লগে মোক ফোন কৰিছিল । মোৰ ব্যক্তিগত জীৱনত কপিলৰ সৈতে কোনো ধৰণৰ ভুল বুজাবুজি নাই । আমি সদায় ইজনে সিজনৰ প্ৰতি সন্মান জনাই আহিছো । যেতিয়া মোক দ্য কপিল শৰ্মা শ্ব'ৰ প্ৰস্তাৱ দিয়া হৈছিল, মই ভাবিছিলো ভাৰতী সিঙো লগত আছে , গতিকে কাম ভাল হ'ব । আমি তিনিওজনে একেলগে কমেডী চাৰ্কাছ কৰিছিলো৷"

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com