ছবিৰ ছেটত অসংযত পোছাক পৰিধানৰ বাবে কেটৰিনাক লাঠিৰে কোবাইছিল ছলমানে !

ঘটনাটো সংঘটিত হোৱাৰ লগে লগে কেটৰিনাই সহায়ৰ বাবে কৰীণা কাপুৰক আৰ্তনাদ কৰি মাতিছিল।
ছবিৰ ছেটত অসংযত পোছাক পৰিধানৰ বাবে কেটৰিনাক  লাঠিৰে কোবাইছিল ছলমানে !

বলিউডৰ জগতৰ খবৰৰ ক্ষেত্ৰত প্ৰায়ে চৰ্চাত থাকে অভিনতো ছলমান খান । প্ৰায়ে চিত্ৰৰসিকসকলে প্ৰেম-ৰোমান্স-সংঘাতেৰে ভৰা বলিউডৰ নায়ক-নায়িকাসকলৰ জীৱনশৈলী বা লাইফষ্টাইলৰ বিষয়ে জানিবলৈ আগ্রহী হৈ থাকে । কিন্তু আজি জানিবলৈ পাব বক্স অফিচৰ এখন ব্লক ব্লাষ্টাৰ চিনেমাৰ ছেটত সংঘটিত এটা অস্বাভাৱিক ঘটনাৰ কিছু আঁৰৰ কথা ঘটনাটো ২০১২ চনৰ । সেই সময়ত ব্যাপক চর্চাত আছিল ছলমান-কেটৰিনা কাইফৰ সম্পৰ্কৰ বিষয়টো । তেতিয়া ছলমান আৰু কেটৰিনা এক থা টাইগাৰ ছবিৰ শ্বুটিঙত ব্যস্ত আছিল । ছবিখনৰ শ্বুটিঙৰ ছেটত এটা অস্বাভাৱিক ঘটনা সংঘটিত হৈছিল আৰু সেই ঘটনা মায়ানগৰীত চৰ্চাৰ বিষয় হৈ পৰিছিল । কবীৰ খানৰ দ্বাৰা পৰিচালিত এক থা টাইগাৰ ছবিখনে বক্স অফিচত ব্লকবাষ্টাৰ আছিল আৰু দশৰ্কৰ বিপুল সঁহাৰিৰ পিছতে 'টাইগাৰ জিন্দা হে' চিনেমা খন নিৰ্মাণ কৰা হৈছিল ।

খবৰ অনুসৰি চলমানে ছবিখনৰ ছেটত কেটৰিনাক অসংযত পোছাক পৰিধান কৰাৰ বাবে লাঠিৰে প্ৰহাৰ কৰিছিল । ঘটনাটো ২০১২ চনত চিনে ব্লিটজৰ ক'ভাৰ ষ্টৰীৰূপে স্থান পাইছিল আৰু লগে লগে চহৰখনৰ চৰ্চাৰ বিষয় হৈ পৰিছিল। বলিউডৰ জগতত অভিনেতা চলমান অত্যধিক খঙৰ বাবেও জনাজাত আৰু কেটৰিনাক লাঠিৰে আঘাত কৰাৰ বাতৰিটো বিয়পি পৰিছিল । আনহাতে, বাতৰি অনুসৰি ছবিখনৰ আন এগৰাকী অভিনেত্ৰী কৰীণা কাপুৰে খানে কেটৰিনাক ছলমানৰ প্ৰহাৰৰ পৰা ৰক্ষা কৰিছিল।

চিনে ব্লিটজৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল যে ঘটনাৰ সময়ত চলমান ছেটত বহি আছিল আৰু ছবিখনৰ নায়িকা ওলাই অহালৈ অপেক্ষা কৰি আছিল। যেতিয়া কেটৰিনা ওলাই আহিছিল তেতিয়া চলমানে কেটৰিনাই পৰিধান কৰা পোছাকযোৰত ক্ষুব্ধ হৈ তেনে পোছাক কিয় পিন্ধিছে বুলি প্ৰশ্ন কৰিছিল । আৰু উত্তৰত কেটৰিনাই এয়া পৰিচালকৰ সিদ্ধান্ত বুলি কৈছিল আৰু তাৰ পিছতে ঘটনাটো সংঘটিত হৈছিল । কিছু সময়ৰ বাবে খঙত একো নাই পৰিছিল ছলমান। উক্ত প্ৰতিবেদনত লগতে কোৱা হৈছে যে চলমানে কেটৰিনাক লাঠিৰে আঘাত কৰাটো কে'বাজনে লোকেও প্ৰত্যক্ষ কৰিছিল । আনহাতে, ঘটনাটো সংঘটিত হোৱাৰ লগে লগে কেটৰিনাই সহায়ৰ বাবে কৰীণা কাপুৰক আৰ্তনাদ কৰি মাতিছিল। অৱশ্যে প্ৰশাসনৰ সূত্ৰই ঘটনাটো উৰাবাতৰি তথা মনে-সজা কাহিনী বুলি অভিহিত কৰিছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com