কঠিন প্ৰত্যাহ্বানৰ মাজতো সফলতা অৰ্জন ছলমানৰ "ৰাধে"-ৰ, আয় বৃদ্ধি

মুক্তি পোৱাৰ পিছত ছবিখন টুইটাৰত ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল ।
কঠিন প্ৰত্যাহ্বানৰ মাজতো সফলতা অৰ্জন ছলমানৰ "ৰাধে"-ৰ, আয় বৃদ্ধি

ছুপাৰষ্টাৰ ছলমান খানৰ বহুচৰ্চিত ছবি "ৰাধেঃ ইয়ৰ ম'ষ্ট ৱাণ্টেড ভাই"-য়ে এক কঠিন সময়ত মুক্তি লাভ কৰে ৷ কৰ'নাৰ দ্বিতীয় ঢৌৱে সংহাৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত অ'টিটি আৰু চিত্ৰগৃহত মুক্তি পোৱা ছবিখনে দেশৰ মাত্ৰ তিনিটা ছবিগৃহতহে প্ৰদৰ্শিত হয়। উল্লেখ্য যে সমগ্র দেশত কঠোৰ লক-ডাউন চলি থকাৰ বাবে মুক্তিৰ সময়ত ত্ৰিপুৰাৰহে মাত্ৰ তিনিটা চিত্ৰগৃহত ছবিখন প্ৰদৰ্শন কৰিবলৈ অনুমতি দিয়া হৈছিল ।

অৱশ্যে জটিল পৰিস্থিতিৰ মাজতো মুক্তিৰ দ্বিতীয় সপ্তাহত ছবিখন মহাৰাষ্ট্ৰৰ মালেগাঁও আৰু ঔৰঙ্গাবাদত ছবিখন প্ৰদৰ্শনৰ বাবে অনুমতি দিয়া হৈছিল । এখন প্ৰতিবেদন অনুসৰি ছলমানৰ "ৰাধে"-ই ত্ৰিপুৰাৰ পৰা ইয়াৰ প্ৰথম সপ্তাহত প্ৰায় ৬৩,০০০টকা সংগ্ৰহ কৰে । মহাৰাষ্ট্ৰৰ ঔৰঙ্গাবাদ আৰু মালেগাঁৱত দ্বিতীয় সপ্তাহত প্ৰায় ৩০,০০০ টকা আয় কৰে।

আনহাতে, তৃতীয় সপ্তাহত ছবিখনে বক্স অফিচত ৩ দিনত প্ৰায় ১১,০০০ টকা সংগ্ৰহ কৰিছে। ইয়াৰ পিছতে চলচ্চিত্ৰখনে সৰ্বমুঠ লাভ ১,০৪,০০০টকা । এয়া বৃহৎ পৰিমাণৰ ধন যেন অনুভৱ নহ'ব পাৰে, কিন্তু যোৱা কেইমাহমানত সমগ্ৰ দেশৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বলিউডৰ জগতৰ বাবে ইয়াক এটা ভাল খবৰ বুলিয়ে ক'ব পাৰি ।  মুক্তি পোৱাৰ পিছত ছবিখন টুইটাৰত ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com