তলাবন্ধৰ নিয়ম উলংঘাঃ অভিনেত্ৰী পুনম পাণ্ডে গ্ৰেপ্তাৰ

তেওঁৰ গাড়ী ৰখাই লৈ লকডাউন ভংগৰ গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ গাড়ীখনো জব্দ কৰে।
তলাবন্ধৰ নিয়ম উলংঘাঃ অভিনেত্ৰী পুনম পাণ্ডে গ্ৰেপ্তাৰ

তলাবন্ধৰ নিয়ম উলংঘা কৰি গ্ৰেপ্তাৰ হ'ল মডেল তথা অভিনেত্ৰী পুনম পাণ্ডে।

দেওবাৰে অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰে মুম্বাই আৰক্ষীয়ে।

লকডাউনৰ নিয়ম ভংগ কৰি অভিনেত্ৰীগাকীয়ে নিজৰ বিলাসী গাড়ীৰে মেৰিন ড্ৰাইভলৈ যায়।

মুম্বাই আৰক্ষীয়ে তেওঁৰ গাড়ী ৰখাই লৈ লকডাউন ভংগৰ গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ গাড়ীখনো জব্দ কৰে।

অলপতে অভিনেত্ৰী পুনমে মোহময়ী অভিনেত্ৰী শিল্পা শেট্টীৰ স্বামী ৰাজ কুতেওঁৰ গাড়ী ৰখাই লৈ লকডাউন ভংগৰ গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ গাড়ীখনো জব্দ কৰে।ন্দ্ৰাৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ত গোচৰ তৰি বাতৰিৰ শিৰোনামালৈ আহিছিল।

মহাৰাষ্ট্ৰত কৰ'না আক্ৰান্তৰ সংখ্যা ইতিমধ্যে ২২,২৭১ জনলৈ বৃদ্ধি পাইছে। ৰাজ্যখনত ৭৭৯জন লোকৰ কৰ'নাৰ ফলত মৃত্যু হৈছে।

আনহাতে, দেওবাৰে ৰাজ্যখনত নতুনকৈ ১২৭৮জন লোক কৰ'নাত আক্ৰান্ত হৈছে।আনহাতে, লকডাউন ভংগ কৰি অসমতো বহু লোক গ্ৰেপ্তাৰ হৈছে। অসমৰ গ্ৰীণ জ'ন জিলাসমূহত যোৱা সোমবাৰৰ পৰা তলাবন্ধৰ নীতি-নিয়ম কিছু শিথিল কৰা হয় ৷ এই তলাবন্ধৰ নীতি-নিয়ম উলংঘা কৰাৰ অভিযোগত আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে চাৰি সহস্ৰাধিক লোক ৷ অসম আৰক্ষীয়ে শনিবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি তলাবন্ধৰ নীতি-নিয়ম উলংঘা কৰাৰ অভিযোগত বৰ্তমানলৈকে সমগ্ৰ ৰাজ্যত ৪, ২৯৭জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ২৫হেজাৰৰো অধিক যান-বাহন আৰু ৩২খন নাও জব্দ কৰা হৈছে ৷ জব্দকৃত বাহনসমূহৰ ভিতৰৰ ২২,৮৪৮খন দুচকীয়া বাহন,৪৮১খন তিনিচকীয়া আৰু আৰু ২, ০৪৮খন চাৰিচকীয়া বাহন। তদুপৰি তলাবন্ধৰ নীতি-নিয়ম উলংঘা কৰা লোকৰ পৰা দুই কোটি ১৮লাখ ৮৯হেজাৰ ৫৫০টকা জৰিমনা সংগ্ৰহ কৰিছে আৰক্ষীয়ে৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com