ক'ৰ'না পজিটিভ হ'ল প্ৰাক্তন ৰাষ্ট্ৰপতি মুখাৰ্জী

তেওঁ বিগত কিছুদিনত তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোকক স্বাস্থ্য পৰীক্ষা কৰাবলৈ আহ্বান জনাইছে।
ক'ৰ'না পজিটিভ হ'ল প্ৰাক্তন ৰাষ্ট্ৰপতি মুখাৰ্জী

ক'ৰ'না পজিটিভ হৈছে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জী। প্ৰাপ্ত তথ্য অনুসৰি ৮৪ বছৰীয়া প্ৰাক্তনগৰাকীৰ স্বাৱ পৰীক্ষাত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। আজি তেওঁ নিজেই এই কথা প্ৰকাশ কৰে। লগতে তেওঁ বিগত কিছুদিনত তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোকক স্বাস্থ্য পৰীক্ষা কৰাবলৈ আহ্বান জনাইছে। ইতিমধ্যে অগনন লোকে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com