দিল্লীৰ পৰা ১২৩ছাত্ৰ-ছাত্ৰী-চেন্নাইৰ পৰা ২৪ কৰ্কট ৰোগী অসমত উপস্থিত

বাধ্যতামূলক কোৱাৰাণ্টাইন বা স্ব-আছুতীয়াকৰণ কক্ষলৈ প্ৰেৰণ কৰা হয়
দিল্লীৰ পৰা ১২৩ছাত্ৰ-ছাত্ৰী-চেন্নাইৰ পৰা ২৪ কৰ্কট ৰোগী অসমত উপস্থিত

দিল্লীৰ পৰা অসমৰ ১২৩ছাত্ৰ-ছাত্ৰী-চেন্নাইৰ পৰা ২৪ কৰ্কট ৰোগী বাছেৰে আহি গুৱাহাটীত উপস্থিত

অৱশেষত অসমত উপস্থিত হ'ল দিল্লীত অধ্যয়নৰত ৰাজ্যৰ ১২৩ছাত্ৰ-ছাত্ৰী আৰু চেন্নাইলৈ চিকিৎসাৰ বাবে যোৱা ২৪ জন কৰ্কট ৰোগী। এইসকলক ৰাজ্যলৈ অনাৰ বাবে অসম চৰকাৰে সাতখন বাছৰ ব্যৱস্থা কৰে ৷ এই বাছসমূহত উঠি তেওঁলোকে আজি বুধবাৰে গুৱাহাটীত উপস্থিত হয়। তাৰ পাছতে ক'ৰ'না প্ৰতিৰোধৰ নিয়ম অনুসৰি সকলোকে বাধ্যতামূলক কোৱাৰাণ্টাইন বা স্ব-আছুতীয়াকৰণ কক্ষলৈ প্ৰেৰণ কৰা হয় ৷ চেন্নাইৰ পৰা অহা ৰাজ্যৰ কৰ্কট ৰোগীকেইজনক আজি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰে ৷ এই সাক্ষাতৰ সময়ত তেওঁৰ সৈতে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা আৰু বি পি এফৰ ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীও উপস্থিত থাকে ৷ পাছত স্বাস্থ্য মন্ত্ৰী শৰ্মাই জনায় যে দিল্লীৰ পৰা অসমৰ ছাত্ৰ-ছাত্ৰীসকলক ৰাজ্যলৈ অনাৰ বাবে চৰকাৰে ছখন বাছৰ ব্যৱস্থা কৰে ৷ আনহাতে, চেন্নাইত চিকিৎসাধীন কৰ্কট ৰোগীসকলক অনাৰ বাবে আন এখন বাছৰ ব্যৱস্থা কৰা হয় ৷ এই বাছখনত কৰ্কট ৰোগীকেইজন আৰু তেওঁলোকৰ সৈতে থকা লোককেইজন আহে ৷

ইয়াৰ পূৰ্বে মুম্বাইৰ পৰা বাছত আহি গুৱাহাটীত উপস্থিত হ'ল জনপ্ৰিয় শিল্পী জুবিন গাৰ্গসহ একাংশ। ২৭০০ কিলোমিটাৰ পথ বাছত আহি গুৱাহাটীত উপস্থিত হোৱা শিল্পীগৰাকীয়ে ধন্যবাদ জনালে চৰকাৰৰ লগতে দেশৰ বিভিন্ন স্থানৰ আৰক্ষীক। সৰুসজাইত উপস্থিত হোৱাৰ পাছতে জুবিনৰ লগতে তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু তেওঁৰ ২ সহযোগীৰ স্বাব টেষ্ট কৰা হয়। বুধবাৰে প্ৰকাশ পাব তেওঁলোকৰ এই পৰীক্ষাৰ নমুনা প্ৰতিবেদন। জুবিন গাৰ্গসহ দলটো ৰেডিচন ব্লু হোটেলত কোৱাৰেন্টাইনত আছে। সাংবাদিকৰ আগত  কোৱাৰেন্টাইনত থাকিব লাগিব বুলি কৈ শিল্পীগৰাকীয়ে লগতে কয়, "এতিয়া ঘৰলৈ নাযাওঁ। ঘৰত আৰু মানুহ আছে যে তাত কোৱাৰেন্টাইনত থাকিবলৈ বেয়া লাগিব"।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com