গুৱাহাটীৰ আৰু ১৫ টা স্থানক কণ্টেইনমেণ্ট জ'ন ঘোষণা

গুৱাহাটীৰ আৰু ১৫ টা স্থানক কণ্টেইনমেণ্ট জ'ন ঘোষণা

ক'ৰ'না আক্ৰান্ত চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ আৰু ১৫টা স্থানক কণ্টেইনমেণ্ট মণ্ডল বা জ'ন ঘোষণা কৰিছে প্ৰশাসনে। কামৰূপ(মহানগৰ)জিলা প্ৰশাসনে শেহতীয়াভাবে ঘোষণা কৰিছে এই কণ্টেইনমেণ্ট জ'নসমূহ।

এই ১৫ টা নতুন কণ্টেইনমেণ্ট জ'ন হ'লঃ

১) বীৰুবাৰীৰ উদয়পুৰ, ২) বামুণীমৈদামৰ বি পি চলিহা নগৰ, ৩) আহোমগাঁও, ৪) পাঞ্জাবাৰীৰ নৱজ্যোতিনগৰ, ৫) হেঙেৰাবাৰী, ৬) জু-ৰোড তিনিআলি, ৭) সৰুমটৰীয়া, ৮) হাৰো বস্তি, ৯) সৰুমটৰীয়াৰ এছ বি আইৰ অতিথিশালা, ১০) গেম ভিলেজ, ১১)পাণ্ডুৰ জয়মতীনগৰ, ১২) আঠগাঁৱৰ এছ জে ৰোডৰ সাগৰ এপাৰ্টমেণ্ট, ১৩)উলুবাৰী, ১৪)ভঙাগড়ৰ শ্ৰীমন্তপুৰ আৰু ১৫)পল্টনবজাৰৰ ছোলাপাৰা।

অৱশ্যে পূৰ্বে ঘোষণা কৰা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ আৰু বৰবাৰী অঞ্চলক কণ্টেইনমেণ্ট মণ্ডলৰ তালিকাৰ পৰা প্ৰশাসনে মুক্ত কৰিছে। উল্লেখ্য যে একোটা কণ্টেইনমেণ্ট মণ্ডলত তলাবন্ধৰ সকলো নীতি-নিৰ্দেশনা কঠোৰভাবে বলবত হয়। কৰনা আক্ৰান্ত চিনাক্ত হোৱাৰ পাছত এটা স্থান বা অঞ্চলক কণ্টেইনমেণ্ট মণ্ডল ঘোষণা কৰে প্ৰশাসনে। ইয়াৰ উদ্দেশ্য এই মাৰাত্মক ভাইৰাছৰ অধিক সংক্ৰমণ ৰোধ কৰা। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com