আৰক্ষী নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলঃ তিনিজনক গ্ৰেপ্তাৰ

চি আই ডিয়ে ল’জটোৰ তিনি স্বত্বাধিকাৰী অলকেশ বৈশ্য, প্ৰাঞ্জল শৰ্মা আৰু বিমল থাপাক আটক কৰি জেৰা কৰে ৷
আৰক্ষী নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলঃ তিনিজনক গ্ৰেপ্তাৰ

অসম আৰক্ষীৰ শেহতীয়া উপ-পৰিদৰ্শক নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অভিযুক্তৰূপে তিনিজন লোক জালত পৰিছে ৷ অসম আৰক্ষীৰ অপৰাধ শাখাই এই দুষ্কাৰ্যৰ মূল অভিযুক্তৰূপে চিহ্নিত সঞ্জীৱ শৰ্মাক আজি গুৱাহাটীৰ জ্যোতিনগৰস্থিত তেওঁৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ আন দুজন অভিযুক্তৰ এজন কুশল দাসক তেওঁৰ কামৰূপৰ বামুন্দীৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ এই ব্যক্তিজন উক্ত পৰীক্ষাৰ প্ৰাৰ্থী আছিল আৰু তেওঁ পৰীক্ষাৰ আগতেই প্ৰশ্নকাকত সংগ্ৰহ কৰি ৱাটচএপেৰে ফাদিল কৰে ৷

আনহাতে, ঘটনাটোৰ আন এজন অভিযুক্ত হীৰকজ্যোতি বৰুৱাক চি আই ডিয়ে কাৰ্বি আংলঙৰ পৰা গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰায় ৷ তেওঁ গোলাঘাটৰ এজন ব্যক্তিলৈ ৱাটছএপত প্ৰশ্নকাকত প্ৰেৰণ কৰিছিল ৷ ইপিনে, চি আই ডিয়ে গুৱাহাটীৰ গণেশগুৰিৰ "থেংক ইউ ল'জ"-ৰ পৰা এই পৰীক্ষাৰ প্ৰশ্নকাকত জব্দ কৰিছে ৷ সেই সূত্ৰে চি আই ডিয়ে ল'জটোৰ তিনি স্বত্বাধিকাৰী অলকেশ বৈশ্য, প্ৰাঞ্জল শৰ্মা আৰু বিমল থাপাক আটক কৰি জেৰা কৰে ৷ ল'জটোৰ পৰা এটা হাৰ্ড ডিস্কসহ কেতবোৰ আপত্তিজনক উদ্ধাৰ হয় বুলি চি আই ডি সূত্ৰই জনায় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com