বিভিন্ন দাবীৰ সমৰ্থনত দিল্লীত প্ৰতিবাদ আমছুৰ, প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ

প্ৰতিবাদস্থলীত সংগঠনটোৰ নেতৃত্বই অসমত চলি থকা উচ্ছেদক অমানবীয় বুলিও আখ্যা দিয়ে ৷
বিভিন্ন দাবীৰ সমৰ্থনত দিল্লীত প্ৰতিবাদ আমছুৰ, প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ

বিভিন্ন দাবীৰ সমৰ্থনত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা (আমছু)-ই দিল্লীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ সংগঠনটোৰ শতাধিক কৰ্মী-সমৰ্থকে দিল্লীৰ যন্তৰ মন্তৰত এই কাৰ্যসূচী ৰূপায়ন কৰি অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধ্বনি দিয়ে ৷ প্ৰতিবাদকাৰীসকলে অসম চৰকাৰে চলাই থকা উচ্ছেদ অভিযান বন্ধ কৰা, সকলোকে আধাৰ কাৰ্ড প্ৰদান কৰা, ত্ৰিপুৰা আৰু বাংলাদেশত সংখ্যালঘুক সুৰক্ষা প্ৰদান কৰা আদি দাবী উত্থাপন কৰে ৷

প্ৰতিবাদস্থলীত সংগঠনটোৰ নেতৃত্বই অসমত চলি থকা উচ্ছেদক অমানবীয় বুলিও আখ্যা দিয়ে ৷ " আমি উচ্ছেদ অভিযান শীঘ্ৰে বন্ধ কৰাৰ দাবী উত্থাপন কৰিছো। সকলোকে আধাৰ কাৰ্ড প্ৰদান কৰিবলৈ দাবী জনাইছো ৷ বাংলাদেশত সংখ্যালঘুৰ ওপৰত নিৰ্যাতন বন্ধ কৰিবলৈ ভাৰত চৰকাৰে হস্তক্ষেপ কৰক ৷ বাংলাদেশৰ লগত ভাৰতৰ সু-সম্পৰ্ক আছে," প্ৰতিবাদস্থলীত আমছুৰ এজন নেতাই এইদৰে কয় ৷ 

প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰী মোদীলৈ উক্ত দাবীসমূহ সম্বলিত এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com