আৰ্থাৰ ৰোড কাৰাগাৰৰ পৰা মুকলি হৈ মন্নত আহি পালে আৰয়ান

প্ৰায় ২৮ দিন কাৰাগাৰত কটোৱাৰ পাছত ঘৰ আহি পাওঁতেই সহস্ৰ অনুৰাগীয়ে আগুৰি ধৰে মন্নতৰ চাৰিও দিশ।
আৰ্থাৰ ৰোড কাৰাগাৰৰ পৰা মুকলি হৈ মন্নত আহি পালে আৰয়ান

বোম্বে উচ্চ ন্যায়ালয়ৰ পৰা জামিনৰ আদেশ আহি পুৱাৰ পাছতেই আৰ্থাৰ ৰোড কাৰাগাৰ ত্যাগ কৰি মন্নত আহি পালে অভিনেতা শ্বাহৰুখ খানৰ জেষ্ঠ পুত্ৰ আৰয়ান খানে।

প্ৰায় ২৮ দিন কাৰাগাৰত কটোৱাৰ পাছত ঘৰ আহি পাওঁতেই সহস্ৰ  অনুৰাগীয়ে আগুৰি ধৰে মন্নতৰ চাৰিও দিশ। তথ্য অনুসৰি শ্বাহৰুখ খানৰ ঘনিষ্ঠ বান্ধৱী তথা অভিনেত্ৰী জুহী চাওলা থিয় হৈছিল ন্যায়ালয়ত আৰয়ানৰ গেৰান্টাৰ হিচাপে।

উল্লেখ্য যে আৰয়ান  আৰু আন দুগৰাকীক যোৱা ২৮অক্টোবৰত জামিন মঞ্জুৰ কৰে ন্যায়ালয়ে। তথাপি পুৱা ৫:৩০বজাত আদেশ আহি কাৰাগাৰ পোৱাৰ বাবে অন্য এটা নিশা কাৰাগাৰত কটাবলগীয়া হয় তাৰকা সন্তান গৰাকীয়ে।

অৱশ্যে নিজৰ পাছপৰ্ট আৰক্ষীক জমা কৰিব লগীয়া হয় আৰয়ানে আৰু ন্যায়ালয়ৰ আদেশ অবিহনে তেওঁ দেশ এৰি যাব নোৱাৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

এই আদেশ জাৰী হোৱাৰ পাছতেই আনন্দৰ যোৱাৰ উঠে মন্নতত। ২৮দিনৰ পাছত ঘৰলৈ ঘূৰি অহাৰ আৰ্য়ানক আদৰিবলৈ ন- কইনাৰ দৰে সজাই তোলা হয় ঘৰটো।

আৰ্য়ান খানক জামিন প্ৰদান কৰা হয় ১৪টা চৰ্তৰ বিনিময়ত :

• জামিনৰ ধন ১ লাখ টকা

• এন.দি.পি.এছ. ন্যায়লয়ৰ অনুমতি অবিহনে দেশ এৰি যোৱা নিষিদ্ধ

• আৰক্ষীৰ হাতত পাছপৰ্ট জমা

• অনুসন্ধানকাৰী বিষয়াৰ অনুমতি অবিহনে মুম্বাইৰ বাহিৰলৈ যোৱা নিষিদ্ধ

• কেছটোৰ অন্য অভিযুক্তৰ লগত কোনো ধৰণৰ যোগাযোগ কৰাত নিষিদ্ধ

• সংবাদ মাধ্যমৰ সন্মুখত কেছৰ বিষয়ে কোনো ধৰণৰ তথ্য ডাঙি ধৰিব নোৱাৰিব

• উল্লেখিত তাৰিখত ন্যায়ালয়ত হাজিৰ হ'ব লাগিব

• এন.চি.বি. কাৰ্যালয়ত প্ৰতি শুকুৰবাৰে নিজৰ হাজিৰা দিব লাগিব

• তদন্তত সহযোগিতা কৰিব লাগিব

• পুনৰ এবাৰ এনে ধৰণৰ অভিযোগত লিপ্ত হ'ব নালাগিব।

• প্ৰমাণ সমূহৰ লগত কোনো ধৰণৰ বেমেজালি কৰিব নালাগিব

• কোনো ধৰণৰ পক্ষপাত কৰিব নালাগিব।

• চৰ্ত ভঙ্গ কৰিলে জামিন নাকচ কৰা হ'ব

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com