অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১৫৬১ লৈ বৃদ্ধি

শেহতীয়াভাবে নতুনকৈ ৪৮ জন ব্যক্তিৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে
অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১৫৬১ লৈ বৃদ্ধি

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১৫৬১ লৈ বৃদ্ধি

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি অব্যাহত আছে। শেহতীয়া তথ্য অনুসৰি ৰাজ্যত ১,৫৬১ জনলৈ বৃদ্ধি পাইছে ক'ৰ'না আক্ৰান্তৰ সংখ্যা। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি শেহতীয়াভাবে নতুনকৈ ৪৮ জন ব্যক্তিৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। ফলত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১,৫৬১জনলৈ বৃদ্ধি পাইছে। এই ৪৮ আক্ৰান্তৰ ১৩জন বিশ্বনাথৰ, ৯জন পশ্চিম কাৰ্বি আংলঙৰ, সাতজন কৰিমগঞ্জৰ, ৫ জন শিৱসাগৰৰ, ৪জন হোজাইৰ আৰু এজন কাচাৰৰ। ফলত সম্প্ৰতি ৰাজ্যত ক'ৰ'না এক্টিভ পজিটিভৰ সংখ্যা ১২১৭জন হৈছে।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com