অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৪৯০৪ জনলৈ বৃদ্ধি, আৰু ৪৩জন পজিটিভ চিনাক্ত

সম্প্ৰতি ৰাজ্যত শৰীৰত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ থকা আক্ৰান্তৰ সংখ্যা ২০৪৪ জনলৈ বৃদ্ধি পাইছে।
অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৪৯০৪ জনলৈ বৃদ্ধি, আৰু ৪৩জন পজিটিভ চিনাক্ত

অসমত ক'ৰ'নাৰ সংক্ৰমণ ঘটি আছে। অৰ্থাত্ আক্ৰান্তৰ সংখ্যা বৃদ্ধি অব্যাহত আছে। শেহতীয়াকৈ প্ৰাপ্ত তথ্য অনুসৰি ৰাজ্যত ৪৯০৪জনলৈ বৃদ্ধি পাইছে ক'ৰ'না আক্ৰান্তৰ সংখ্যা। এই তথ্য সদৰী কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে শেহতীয়াকৈ ৰাজ্যত আৰু ৪৩ জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হয়। ইয়াৰ লগে লগে ৰাজ্যত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৪৯০৪ জনলৈ বৃদ্ধি পাইছে। এই ৪৩ জন ক'ৰ'না আক্ৰান্তৰ ২০ জন কামৰূপ(মহানগৰ)-ৰ, ৮জন নগাঁৱৰ, ৬জন ওদালগুৰিৰ,৩জন কাচাৰৰ, ৩জন মাজুলীৰ,২জন শোণিতপুৰৰ আৰু ১জন লখিমপুৰৰ। আনহাতে, সম্প্ৰতি ৰাজ্যত শৰীৰত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ থকা আক্ৰান্তৰ সংখ্যা ২০৪৪ জনলৈ বৃদ্ধি পাইছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com